Lebanon Pager Explosion: ইজলাইক জগৰীয়া, ভয়ংকৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি হিজবুল্লাহৰ !

পেজাৰ বিস্ফোৰণৰ বাবে ইজৰাইলক পোনপটীয়াকৈ জগৰীয়া কৰিছে হিজবুল্লাহে । হিজবুল্লাহে কয় যে, এই আক্ৰমণত তেওঁলোকৰ তিনিৰ পৰা চাৰিজন যোদ্ধাও নিহত হৈছে। এনে পৰিস্থিতিত হিজবুল্লাই এই বিস্ফোৰণৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। মঙলবাৰে লেবাননৰ সন্ত্ৰাসবাদী সংগঠনটোৱে এক বিবৃতি প্ৰকাশ কৰে। য’ত তেওঁলোকে কৈছে যে, এই আক্ৰমণৰ বাবে তেওঁলোকে ইজৰাইলক সম্পূৰ্ণৰূপে দায়ী কৰিছে।

Lebanon Pager Explosion: ইজলাইক জগৰীয়া, ভয়ংকৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি হিজবুল্লাহৰ !

লেবাননত ছিৰিয়েল পেজাৰ বিস্ফোৰণ

Published: 

18 Sep 2024 06:50 AM

লেবাননত সংঘটিত হোৱা ছিৰিয়েল পেজাৰ বিস্ফোৰণত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে় ২৮০০ ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। মৃত্যু আৰু আহত সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । জানিব পৰা মতে, আহতসকলৰ ভিতৰত আছে স্বাস্থ্যকৰ্মী, ইৰাণৰ ৰাষ্ট্ৰদূত মোজিতবা আমানী আৰু হিজবুল্লাহৰ যোদ্ধা। লেবাননত সংঘটিত এই ঘটনাৰ লগত ইজৰাইল জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে হিজবুল্লাই।

লেবাননত এই আক্ৰমণ সংঘটিত হোৱাৰ পাছত লেবানন চৰকাৰে সকলো লোককে তেওঁলোকৰ হাতত থকা পেজাৰবোৰ আঁতৰাই ৰাখিবলৈ আহ্বান জনাইছে । পেজাৰৰ উপৰিও ৰেডিঅ’ আৰু ট্ৰেন্সমিটাৰতো ব্লাষ্ট হোৱাৰ খবৰ পোৱা গৈছে। ইফালে লেবাননৰ লগতে ছিৰিয়াতো পেজাৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । ছিৰিয়াতো হিজবুল্লাহৰ যোদ্ধাৰ আহত হোৱা বুলি জানিব পৰা গৈছে । আহত সকলক ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ আৰু ইয়াৰ আশে-পাশে থকা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি,মঙলবাৰে নিশা প্ৰায় ৩:৩০ বজাৰ পৰা পেজাৰ বিস্ফোৰণ হ’বলৈ আৰম্ভ কৰে। এই বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বহু সংখ্যক লোক আহত হৈছে। হিজবুল্লাহ সংস্থাসমূহে বিস্ফোৰণৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে বুলি শেহতীয়াকৈ খবৰ প্ৰকাশ পাইছে ।

ইজৰাইলক জগৰীয়া হিজবুল্লাহৰ

এই বিস্ফোৰণৰ বাবে ইজৰাইলক পোনপটীয়াকৈ জগৰীয়া কৰিছে হিজবুল্লাহে । হিজবুল্লাহে কয় যে, এই আক্ৰমণত তেওঁলোকৰ তিনিৰ পৰা চাৰিজন যোদ্ধাও নিহত হৈছে। এনে পৰিস্থিতিত হিজবুল্লাই এই বিস্ফোৰণৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। মঙলবাৰে লেবাননৰ সন্ত্ৰাসবাদী সংগঠনটোৱে এক বিবৃতি প্ৰকাশ কৰে। য’ত তেওঁলোকে কৈছে যে, এই আক্ৰমণৰ বাবে তেওঁলোকে ইজৰাইলক সম্পূৰ্ণৰূপে দায়ী কৰিছে।

হিজবুল্লাই কয় যে, এই অপৰাধী আৰু বিশ্বাসঘাতক শত্ৰুৱে এই আক্ৰমণৰ শাস্তি আশা কৰিব নোৱাৰা ধৰণে লাভ কৰিব । এই শাস্তি তেওঁলোকৰ আশাৰ বাহিৰত হ’ব। এই আক্ৰমণৰ বাবে ইজৰাইলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে হিজবুল্লাহে ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ইজৰাইলে

ইজৰাইলে হিজবুল্লাহৰ এই অভিযোগ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই আৰু এই অভিযোগ অস্বীকাৰ কৰা নাই। ইজৰাইল সেনাই এই ঘটনাৰ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰে বুলি কয়। ইফালে লেবাননত সংঘটিত পেজাৰ আক্ৰমণৰ পিছত ইজৰাইল সেনাই নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। সেনাই সাধাৰণ নাগৰিকসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিছে ।

আইডিএফে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, জেনেৰেল ষ্টাফৰ মুৰব্বী এলটিজি হাৰ্জি হালেভিয়ে জেনেৰেল ষ্টাফ ফ’ৰামৰ সৈতে বৰ্তমানৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে । আইডিএফৰ মুখপাত্ৰই কয় যে, এই সময়ত হোম ফ্ৰন্ট কমাণ্ডৰ প্ৰতিৰক্ষা নিৰ্দেশনাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই আৰু সেনাই জনসাধাৰণক সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। ইয়াৰ সমান্তৰালকৈ মুখপাত্ৰগৰাকীয়ে কয় যে, যদি সেনাৰ নীতিত কিবা সালসলনি কৰা হয়, তেন্তে সেই সম্পৰ্কে ততাতৈয়াকৈ তথ্য দিয়া হ’ব।

হিজবুল্লাহৰ দুৰ্গত এই বিস্ফোৰণ

আনহাতে হিজবুল্লাই নিজৰ যোদ্ধাসকলক পেজাৰ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে। লেবাননৰ নিৰাপত্তা বাহিনীয়ে জনোৱা মতে, সমগ্ৰ দেশতে কেইবাটাও বেতাঁৰ যন্ত্ৰ বিস্ফোৰণ হৈছে । বিশেষকৈ বেইৰুটৰ দক্ষিণে থকা চহৰসমূহত এই বিস্ফোৰণ সংঘটিত হৈছে । উল্লেখ্য যে, এই চহৰসমূহক হিজবুল্লাহ দুৰ্গ বুলি গণ্য কৰা হৈছে। হঠাৎ হ’বলৈ আৰম্ভ কৰা এই বিস্ফোৰণে ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?