এটাৰ পিছত আন এটা নিৰ্বাচনত আৱামী লীগৰ জয়; দলীয় কৰ্মীৰ মনত আশাৰ সঞ্চাৰ

পুনৰ বাংলাদেশত শাসন কৰিব নেকি আৱামী লীগে ? এই প্ৰশ্নৰ উত্থাপন হৈছে সম্প্ৰতি । আচলতে আইজীৱী সন্থাৰ এক নিৰ্বাচনত হাছিনা পন্থী আইনজীৱীৰ জয়ৰ পাছতেই উত্থাপন হৈছে এই প্ৰশ্ন ।

এটাৰ পিছত আন এটা নিৰ্বাচনত আৱামী লীগৰ জয়; দলীয় কৰ্মীৰ মনত আশাৰ সঞ্চাৰ

ভাৰতত কিমান দিন থাকিব শ্বেখ হাছিনা?

Published: 

28 Feb 2025 | 07:52 PM

ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা বাংলাদেশত আৱামী লীগৰ পুনৰুত্থান । সেই আৱামী লীগ, যাৰ চৰকাৰৰ পতন ঘটিছিল ছাত্ৰ আন্দোলনৰ ফলত । সেই আৱামী লীগ, যাৰ নেতৃ তথা বাংলাদেশত কেইমাহমান পূৰ্বলৈকে শাসন কৰি থকা শ্বেখ হাছিনাই পলায়ন কৰিবলৈ বাধ্য হৈছিল ভাৰতলৈ । কিন্তু পুনৰ বাংলাদেশত খোপনি পুতিছে হাছিনাৰ দল আৱামী লীগে ।

পুনৰ বাংলাদেশত শাসন কৰিব নেকি আৱামী লীগে ? এই প্ৰশ্নৰ উত্থাপন হৈছে সম্প্ৰতি । আচলতে আইজীৱী সন্থাৰ এক নিৰ্বাচনত হাছিনা পন্থী আইনজীৱীৰ জয়ৰ পাছতেই উত্থাপন হৈছে এই প্ৰশ্ন । চাঁপাইনবাবগঞ্জ জিলা আইনজীৱী সমিতিৰ কাৰ্যনিবাহক সমিতিৰ নিৰ্বাচনৰ পাছত এইবাৰ কুষ্টিয়াত আইনজীৱী সমিতিৰ নিৰ্বাচনত নিৰংকুশ জয় আৱামী লীগৰ প্ৰাৰ্থীৰ । সেয়ে এতিয়া চৰ্চা চলিছে যে, পুনৰ শাসনলৈ অহাৰ সম্ভাৱনা আছে নেকি আৱামী লীগ ।

কুষ্টিয়া জিলা আইনজীৱী সমিতিৰ ১৭ টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন । এই নিৰ্বাচনত আৱামী লীগে ৯ টা পদ আৰু বিএনপিয়ে ৫ টা পদত জয়লাভ কৰে । সমিতিৰ সভাপতি পদত জয়ী হয় আৱামী লীগ সমৰ্থিত প্ৰাৰ্থী হাৰুনুৰ ৰশিদ । পূৰ্বেও তেওঁ জিলা সমিতিৰ সভাপতি আছিল । জামায়াতে দুটা আৰু জাতীয় পাৰ্টীয়ে এটা পদত জয়লাভ কৰিছে ।

বুধবাৰে নিশা ঘোষণা হোৱা ফলাফলত আৱামী লীগৰ সমৰ্থিত প্ৰাৰ্থীয়ে সৰহ সংখ্যক আসন লাভ কৰে । নিৰ্বাচন আয়োগৰ তথ্য মতে ১৭ টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৪৭ গৰাকী লোকে । কিন্তু আৱামী লীগে এই নিৰ্বাচনত জয়লাভ কৰে । ইয়াৰ পূৰ্বে চাঁপাইনবাবগঞ্জ জিলা আইনজীৱী সমিতিৰ নিৰ্বাচনতো আৱামী লীগে ৬ টা পদত জয়লাভ কৰিছিল । সেয়ে আৱামী লীগৰ সমৰ্থকসকলৰ মনত প্ৰশ্ন হৈছে, পুনৰ শাসনলৈ উভতি আহিব নেকি শ্বেখ হাছিনাৰ দল আৱামী লীগ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...