হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে, ট্ৰাম্প প্ৰশাসনৰ নিষেধাজ্ঞা…
ট্ৰাম্প প্ৰশাসনৰ পুনৰ এক ডাঙৰ সিদ্ধান্ত। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত বাধা আৰোপ কৰিছে ট্ৰাম্প চৰকাৰে। এই সিদ্ধান্তই শৈক্ষিকজগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ড'নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ পুনৰ এক ডাঙৰ সিদ্ধান্ত। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ট্ৰাম্প প্ৰশাসনে। এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে গৃহ নিৰাপত্তা বিভাগৰ সচিব ক্ৰীষ্টি ন’মে। পত্ৰত লিখে যে, মই আপোনালোকক জনাবলৈ লিখিছো যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শৈক্ষিক বিনিময় নামভৰ্তি কাৰ্যসূচীৰ প্ৰমাণপত্ৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে। নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি এই সিদ্ধান্ত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এজেণ্ডা অনুসৰণ কৰি বিশ্ববিদ্যালয়খনক হেঁচা প্ৰয়োগ কৰাৰ বাবে কৰিছে।
ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তই শিক্ষাজগতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰাত বাধা প্ৰদান কৰিছে।
বিশ্ববিদ্যালয়লৈ লিখা পত্ৰত উল্লেখ কৰা হৈছে যে- মই আপোনালোকক জনাবলৈ লিখিছো যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট এণ্ড এক্সচেঞ্জ ভিজিটৰ প্ৰগ্ৰেম (SEVP) প্ৰমাণপত্ৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে। ইয়াৰোপৰি হাৰ্ভাৰ্ড কেম্পাছত ইহুদী বিৰোধী প্ৰচাৰ আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ সৈতে সমন্বয়ৰ বাবে কাম কৰা হয় বুলি সামাজিক মাধ্যমত লিখে তেওঁ।
লগতে কয় যে, বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আৰু তেওঁলোকৰ পৰা অধিক টিউচন মাচুল লোৱা এটি সুবিধাহে, ই বিশেষাধিকাৰ নহয়। হাৰ্ভাৰ্ডে সঠিক কাম কৰাৰ যথেষ্ট সুযোগ পাইছিল। কিন্তু তেওঁলোকে আইন মানি নচলাৰ বাবে তেওঁৰ SEVP প্ৰমাণপত্ৰ হেৰুৱাইছে। ইয়াৰোপৰি ট্ৰাম্প চৰকাৰৰ এই সিদ্ধান্তই সমগ্ৰ দেশখনৰ বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহৰ বাবে বিশেষ বাৰ্তা হ’ব বুলি তেওঁ উল্লেখ কৰে।
ইয়াৰ বিপৰীতে হাৰ্ভাৰ্ড কৰ্তৃপক্ষই আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। এক আনুষ্ঠানিক বিবৃতিত হাৰ্ভাৰ্ডে এই পদক্ষেপক অবৈধ বুলি অভিহিত কৰিছে। লগতে কয় যে, বিশ্ববিদ্যালয়খনে ১৪০ খনতকৈ অধিক দেশৰ বিদেশী ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন কৰা অব্যাহত ৰাখিব।
উল্লেখ্য যে, এই ক্ষেত্ৰত হাৰ্ভাৰ্ডে আইনী প্ৰত্যাহ্বান দাখিলৰ সম্ভাৱনা আছে। যোৱা মাহতো বিশ্ববিদ্যালয়খনে পাঠ্যক্ৰম, নামভৰ্তি প্ৰক্ৰিয়া আৰু নিযুক্তি নীতি সলনি কৰাৰ প্ৰচেষ্টাক লৈ ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰিছিল। ইয়াৰ মাজতে হাৰ্ভাৰ্ডে ট্ৰাম্প প্ৰশাসনৰ অনুৰোধ মৰ্মে এপ্ৰিলৰ মাজভাগত বিদেশী ছাত্ৰ-ছাত্ৰীৰ অনুশাসনমূলক ৰেকৰ্ড দাখিল কৰিছিল। এই ৰেকৰ্ড দাখিল কৰাৰ তিনি সপ্তাহৰ ভিতৰতে ট্ৰাম্প প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰোপৰি যোৱা ১৬ এপ্ৰিলত DHS য়ে প্ৰথমবাৰৰ বাবে হাৰ্ভাৰ্ডক পত্ৰ প্ৰেৰণ কৰিছিল। য’ত বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত বিদেশী ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপ আৰু প্ৰতিবাদক অংশগ্ৰহণ কৰাৰ বিষয়ে মন্তব্য বিচাৰিছিল। সেই সময়ত নোমে হাৰ্ভাৰ্ডৰ SEVP প্ৰমাণপত্ৰ প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিছিল।
অন্য খবৰ পঢ়কঃ মধ্যস্থতা নহয়, কেৱল সহায় কৰিছিলো- ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতি সন্দৰ্ভত সুৰ সলনি ট্ৰাম্পৰ…