বিভক্ত হ’ব নেকি পাকিস্তান? POK ত ৰাইজৰ মাজত কিয় বৃদ্ধি অস্থিৰতা…

দিনক দিনে পাকিস্তানত বৃদ্ধি পাইছে অৰাজকতা। পাকিস্তানে দখল কৰি ৰখা গিলগিট-বাল্টিস্তান নিবনুৱা, খাদ্য সংকতকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে।

বিভক্ত হব নেকি পাকিস্তান? POK ত ৰাইজৰ মাজত কিয় বৃদ্ধি অস্থিৰতা...

পাকিস্তান

Published: 

05 Jan 2025 20:23 PM

দিনক দিনে পাকিস্তানত বৃদ্ধি পাইছে অৰাজকতা। পাকিস্তানে দখল কৰি থকা গিলগিট-বাল্টিস্তান চৰকাৰে নিবনুৱা সমস্যা, খাদ্য সংকট দূৰ কৰাত ব্যৰ্থ হৈছে। এই কাৰণতে প্ৰতিদিনে পাকিস্তানৰ ৰাজপথত বিদ্ৰোহ হোৱা দেখা গৈছে। জনতা ৰাজপথলৈ ওলাই আহি সমস্যা দূৰ কৰাৰ দাবী জনাইছে। পৰিস্থিতি ইমানেই বেয়া হৈ পৰিছে যে সৰু সৰু বস্তু- সামগ্ৰীৰ বাবেও ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিয়ে দেখা দিয়ে। যোৱা কেইদিনমানৰ পৰা গিলগিট-বাল্টিস্তান অঞ্চলত বিদ্যুৎ আৰু মৌলিক সা-সুবিধাসমূহ প্ৰদানৰ দাবী নাগৰিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছে।

প্ৰতিবাদকাৰীসকলে দাবী জনাইছে যে, যেতিয়ালৈকে চৰকাৰে প্ৰতিবাদকাৰীৰ দাবী পূৰণ নকৰে তেতিয়ালৈকে প্ৰতিবাদ কৰি যাব। কিন্তু বাৰে বাৰে চেষ্টা কৰিও বিফল হৈছে চৰকাৰ। ইয়াৰ মাজতে গিলগিট বাল্টিস্তানৰ মানৱ অধিকাৰ নেতা শ্বব্বিৰ মায়াৰে কাৰ্গিললৈকে পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰে।  লগতে কয় যে, তেওঁৰ কিবা হ’লে চৰকাৰ দায়ী। নিজৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে, মোক বন্দী কৰি ৰখা হৈছে। আজি চেকআপ কৰিবলৈ যাব লগা আছিল, সেয়ে পাকিস্তানৰ পিনে গাড়ী লৈ গৈ আছিলো। তেনেতে ৭:৩০ বজাত মোক মাজ বাটত একাংশই ৰখাই দি কয় যে, যদি আপোনাৰ জীৱনো শেষ হৈ যায় তেতিয়াও ইয়াৰ পৰা যাবলৈ দিয়া নহয়।

তেওঁ লগতে কয় যে, আমাৰ ওপৰত যি ৰাজনৈতিক অত্যাচাৰ হৈ আছে তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। মোক চিকিৎসা কৰিবলৈ দিয়া হোৱা নাই, সেয়ে মই সকলোৰে লগত কাৰ্গিললৈ যাত্ৰা কৰিব। আমাৰ বাকী মানুহবোৰো আহিব। তেওঁ লগতে কয় যে, মোক দুসপ্তাহ ধৰি অত্যাচাৰ কৰা হৈছে। মোৰ কিবা হ’লে মুখ্য সচিব আৰু এপেক্স কমিটীয়ে দায়বদ্ধ হ’ব। পাকিস্তানে আমাক কেৱল আইডি কাৰ্ডখনহে দিছে, আমিও ঘূৰাই দিম বুলি তেওঁ কয়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক্টিভিষ্ট আমজাদ আয়ুব মিৰ্জাই কয় যে এই সমগ্ৰ বিষয় সন্দৰ্ভত পি অ কেত আলোচনা হৈ গৈছে। পি অ কেত ইয়াৰ প্ৰধানমন্ত্ৰীয়ে আল জেহাদৰ শ্লোগান উত্থাপন কৰিছে যি অতি বিপদজনক। গতিকে এই সমগ্ৰ ঘটনাৰ পৰাই যায় জনা যায় যে পাকিস্তান কিমান অস্থিৰ। গিলগিট-বাল্টিস্তানত ইমানেই অত্যাচাৰ চলি আছে  কিন্তু সেই সকলোবোৰ পাকিস্তানৰ চৰকাৰে আওকান কৰি আছে। একাংশৰ মতে, প্ৰতিবাদকাৰী বহুতকে আটক কৰি ৰখা হৈছে ভালদৰে চিকিৎসা কৰিবলৈও দিয়া হোৱা নাই। এই অঞ্চলৰ লোকৰ পৰা সকলো অধিকাৰ কাঢ়ি লোৱা হৈছে কিন্তু জেহাদীসকলক সকলো অধিকাৰ দিয়া হৈছে। যাৰ বাবে তেওঁলোকে মুকলিকৈ ঘৃণামূলক ভাষণ দিব পাৰে।

বৃক্ক সুস্থ ৰাখিবলৈ কি কি খোৱা অনুচিত? ভুলতেও নুচুব এইবোৰ খাদ্য!
শনিৰ শুভ অৱস্থান, এই ৩ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন!
কাইলৈ জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানেনে তেওঁৰ সৰ্বকালৰ প্ৰিয় ছবি কোনখন?
এই ৬ টা অভ্যাসে নষ্ট কৰি পেলাব পাৰে বৃক্ক! জানক...