নিষিদ্ধ হ’ল ফেচবুক, ইনষ্টাগ্ৰাম! চৰকাৰৰ সিদ্ধান্তৰ পিছতে উত্তাল প্ৰতিবাদ, গুলীচালনাত নিহত ৯ প্ৰতিবাদকাৰী

আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। লগতে জাৰি কৰা হৈছে সান্ধ্য আইন।

নিষিদ্ধ হ’ল ফেচবুক, ইনষ্টাগ্ৰাম! চৰকাৰৰ সিদ্ধান্তৰ পিছতে উত্তাল প্ৰতিবাদ, গুলীচালনাত নিহত ৯ প্ৰতিবাদকাৰী

নেপালত প্ৰতিবাদ

Updated On: 

08 Sep 2025 15:43 PM

জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। এই পৰিস্থিতিৰ উদ্ভৱ হৈছে নেপালত। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।

নেপাল চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজধানী কাঠমাণ্ডুত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জেন-জেড যুৱক-যুৱতীয়ে। এই সময়তে শ শ যুৱ প্ৰতিবাদকাৰীয়ে নেপালৰ সংসদত প্ৰৱেশ কৰে। তেওঁলোকক বাধা দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয়। কিন্তু তাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত আৰক্ষীয়ে গুলীচালনা কৰে আৰু গুলীচালনাত ৯ গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে।

গুলীচালনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলস্বৰূপে শতাধিক প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী কে পি অলিৰ চৰকাৰে যোৱা ৪ ছেপ্টেম্বৰত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ, ৰেডিট আৰু এক্সৰ দৰে ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছিল।

নেপাল চৰকাৰে এই ছ’চিয়েল মিডিয়া কোম্পানীসমূহক নেপালত ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত কেইবাটাও চৰ্ত আৰোপ কৰি নিষেধাজ্ঞা আৰোপ কৰিছে। চৰকাৰে কয় যে যেতিয়া এই কোম্পানীসমূহে নেপালত কাৰ্যালয় খুলি চৰকাৰৰ সৈতে পঞ্জীয়ন কৰিব, অভিযোগ গ্ৰহণ তথা নিষ্পত্তিৰ বাবে নেপালত কৰ্মচাৰী নিযুক্তি দিব আৰু যিকোনো পৰ্যায়ৰ অশান্তি ৰোধৰ ব্যৱস্থা গঢ়ি তুলিব, তেতিয়াহে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব।

চৰকাৰে লগতে টিকটক আৰু ভাইবাৰৰ দৰে কোম্পানীয়ে চৰকাৰৰ কথা মানি চলাৰ বাবে এই কোম্পানীসমূহ নিষিদ্ধ কৰা নাছিল বুলিও আঙুলিয়াই দিয়ে। উল্লেখ্য যে নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে দেশখনৰ জনসাধাৰণ বহুদিশত সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰৰ সিদ্ধান্তৰ পিছত ফেচবুক বা ইনষ্টাগ্ৰামৰ জৰিয়তে ব্যৱসায়িক পথ মুকলি কৰা লোকসকলৰ ব্যৱসায় বন্ধ হৈ পৰে।

ইউটিউব আৰু গিটহাবৰ দৰে প্লেটফৰ্মে কাম নকৰাৰ বাবে শিশুৰ শিক্ষা কঠিন হৈ পৰিছে বুলিও অভিযোগ উঠিছে। তদুপৰি এই ছ’চিয়েল মিডিয়াসমূহৰ নিষেধাজ্ঞাৰ ফলত বিদেশত বাস কৰা লোকসকলৰ সৈতে যোগাযোগ কঠিন তথা ব্যয়বহুল হৈ পৰিছে। এনে সমস্যাসমূহৰ পিছত ক্ষোভিত নেপালী জনসাধাৰণে আনকি ভিপিএন ব্যৱহাৰ কৰি নিষেধাজ্ঞা ভংগ কৰিবলৈও চেষ্টা কৰে। এতিয়া এনে ব্যৱস্থাৰ লগতে প্ৰতিবাদো গঢ়ি তুলিছে তেওঁলোকে।

চৰকাৰে টিকটক নিষিদ্ধ কৰা নাছিল বাবে এই প্লেটফৰ্মত ভিডিঅ’ আপলোড কৰি নেপালী লোকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। দেশখনৰ ৰাজনৈতিক নেতাৰ সন্তানৰ বিলাসীতা আৰু সাধাৰণ মানুহৰ নিবনুৱা সমস্যাৰ তুলনা কৰি প্ৰতিবাদী ভিডিঅ’ শ্বেয়াৰ কৰা হ’ল। দেশজুৰি #RestoreOurInternet ৰ দৰে বহু ভিডিঅ’ আৰু হেচটেগ ভাইৰেল হৈ পৰিল।

লক্ষণীয়ভাৱে যুৱক-যুৱতীসকলে স্কুলৰ ইউনিফৰ্ম পিন্ধিয়েই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। তদুপৰি ২৮ বছৰৰ ওপৰৰ লোকক এই প্ৰতিবাদত যোগদান কৰিবলৈ দিয়া হোৱা নাই। এইদৰে নেপালৰ এই আন্দোলন এতিয়া সম্পূৰ্ণ ছাত্ৰ আন্দোলনৰ ৰূপ লৈছে। ছ’চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবীৰে আৰম্ভ হোৱা এই আন্দোলনে এতিয়া দুৰ্নীতি আৰু নিবনুৱা সমস্যাৰ দৰে বিষয়কো সাঙুৰি লৈছে।

সাধাৰণভাৱে নল'ব, কি কি ৰোগৰ ফলত সঘনাই এচিডিটিৰ সমস্যা হ’ব পাৰে? জানক...
আজিৰ পৰাই সৱাধান হওক... মহিলাৰ মেদবহুলতাৰ আঁৰত লুকাই থকা তিনিটা প্ৰধান কাৰণ জানক...
গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?
ধুনীয়া আৰু আকৰ্ষণীয় শৰীৰৰ বাবে কি কি কৰিব, ভুলতো নকৰিব মাথোঁ ভুল!