বিশ্বৰ ১০ খন শক্তিশালী দেশৰ জিডিপি কিমান ?
শেহতীয়াকৈ আমেৰিকাৰ জনপ্ৰিয় আলোচনা ফৰ্বছে বিশ্ব ১০ খন শক্তিশালী দেশৰ তালিকাৰ প্ৰকাশ কৰিছে । এই দেশসমূহৰ জিডিপি চাওক...

Top Countries
আমেৰিকা-চীনৰ দৰে দেশে সমগ্ৰ বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে । কেৱেল আমেৰিকা বা চীন নহয়, বিশ্বত আধিপত্য বিস্তাৰ কৰা ১০ খন শক্তিশালী দেশৰ তালিকাত কোন কেইখন দেশ আছে জানেনে ? তেওঁলোকৰ জিডিপি কিমান ? শেহতীয়াকৈ আমেৰিকাৰ জনপ্ৰিয় আলোচনা ফৰ্বছে বিশ্ব ১০ খন শক্তিশালী দেশৰ তালিকাৰ প্ৰকাশ কৰে ।
দেশসমূহৰ নেতৃত্ব শক্তি, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সামৰিক শক্তিক বিবেচনা কৰি এই তালিকা প্ৰস্তুত কৰা হৈছে । ফৰ্বছৰ তথ্য অনুসৰি ২০২৫ চনত বিশ্বৰ আটাইতকৈ শক্তিশালী ১০ খন দেশৰ তালিকাৰ প্ৰথম স্থানত আছে আমেৰিকা । ইয়াৰ বাহিৰেও চীন, ব্ৰিটেইন, জাপানৰ দৰে দেশ এই তালিকাৰ শীৰ্ষত আছে।
ফৰ্বছে প্ৰকাশ কৰা তথ্য অনুসৰি, তালিকাৰ প্ৰথম স্থানত থকা আমেৰিকাৰ জিডিপি ৩০.৩৪ ট্ৰিলিয়ন ডলাৰ। ইয়াৰ বিপৰীতে দেশখনৰ জনসংখ্যা হৈছে ৩৪.৫ নিযুত। এই তালিকাৰ দ্বিতীয় স্থানত আছে চীন । চীনৰ জিডিপি হৈছে ১৯.৫৩ ট্ৰিলিয়ন ডলাৰৰ বিপৰীতে দেশখনৰ জনসংখ্যা ১৪১ কোটি। তালিকাৰ তৃতীয় স্থানত আছে ৰাছিয়া। দেশখনৰ জিডিপি হৈছে ২.২ ট্ৰিলিয়ন ডলাৰ। ৰাছিয়াৰ জনসংখ্যা ৮৫ লাখ।
ইফালে, তালিকাৰ চতুৰ্থ স্থানত আছে ইংলেণ্ড । ইংলেণ্ডৰ জিডিপি হৈছে ৩.৭৩ ট্ৰিলিয়ন ডলাৰ আৰু দেশখনৰ জনসংখ্যা হৈছে প্ৰায় ৭০ লাখ । পঞ্চম স্থানত থকা জাৰ্মানী । দেশখনৰ জিডিপি হৈছে ৪.৯২ ট্ৰিলিয়ন ডলাৰ আৰু জনসংখ্যা ৮৫ লাখ।
এই তালিকাৰ ষষ্ঠ স্থান লাভ কৰিছে দক্ষিণ কোৰিয়াই । দক্ষিণ কোৰিয়াৰ জিডিপি হৈছে ১.৯৫ ট্ৰিলিয়ন ডলাৰ আৰু ইয়াৰ জনসংখ্যা ৫ কোটি ১৭ লাখ। একেদৰে সপ্তম স্থানত ফ্ৰান্স(জিডিপি ৩.২৮ ট্ৰিলিয়ন ডলাৰ, জনসংখ্যা ৬৬৫ মিলিয়ন), অষ্টম স্থানত জাপান(জিডিপি ৪.৩৯ ট্ৰিলিয়ন ডলাৰ, জনসংখ্যা ১ কোটি ২৫ লাখ), নৱম স্থানত ছৌদি আৰব(জিডিপি ১১৪ ট্ৰিলিয়ন ডলাৰ, জনসংখ্যাৰ ৩৩৯ মিলিয়ন) । তালিকাৰ একেবাৰে দশম স্থান লাভ কৰিছে ইজৰাইলে । ইজৰাইলৰ ৯৪ লাখ জনসংখ্যাৰ বিপৰীতে এই দেশখনৰ জিডিপি হৈছে ৫৫১ বিলিয়ন ডলাৰ।
উল্লেখ্য যে, যিসমূহ দেশ ৰাজনৈতিক, অৰ্থনৈতিক, সামৰিক শক্তিৰ ফালৰ আন দেশতকৈ অধিক শক্তিশালী সেই দেশসমূহক এই তালিকাত স্থান দিয়া হয় । এই দেশসমূহে কেৱল বিশ্বক নেতৃত্ব দিয়াই নহয়, এই দেশসমূহে বিশ্ব বাণিজ্য আৰু ৰাজনীতি নিয়ন্ত্ৰণ কৰে।