হামাছৰ হাতত ইজৰাইলী পণবন্দীৰ মৃত্যু, আহত ২ জন ! সলনি হোৱা দিশে গাজাৰ পৰিস্থিতি…

গাজা যুদ্ধ চলি থকাৰ মাজতে ইজৰাইলৰ এজন পণবন্দীক হামাছে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে, আমেৰিকা, কাটাৰ আৰু ইজিপ্তৰ উদ্যোগত গাজাত যুদ্ধবিৰতিৰ বাবে আলোচনা চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। হামাছে এজন ইজৰাইলী পণবন্দী নিহত হোৱাৰ খবৰটো নিশ্চিত কৰি কয় যে, তেওঁৰ সুৰক্ষাৰ অধীনত থকাসকলে এই হত্যাকাণ্ড সংঘটিত কৰিছে ।

হামাছৰ হাতত ইজৰাইলী পণবন্দীৰ মৃত্যু, আহত ২ জন ! সলনি হোৱা দিশে গাজাৰ পৰিস্থিতি...
Updated On: 

13 Aug 2024 | 07:21 PM

অতি ভয়াৱহ হ’ব পাৰে গাজাৰ পৰিস্থিতি । শেহতীয়া খবৰ অনুসৰি, গাজা যুদ্ধ চলি থকাৰ মাজতে ইজৰাইলৰ এজন পণবন্দীক হামাছে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে, আমেৰিকা, কাটাৰ আৰু ইজিপ্তৰ উদ্যোগত গাজাত যুদ্ধবিৰতিৰ বাবে আলোচনা চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। হামাছে এজন ইজৰাইলী পণবন্দী নিহত হোৱাৰ খবৰটো নিশ্চিত কৰি কয় যে, তেওঁৰ সুৰক্ষাৰ অধীনত থকাসকলে এই হত্যাকাণ্ড সংঘটিত কৰিছে । মনকৰিবলগীয়া যে, হামাছৰ এই ঘোষণাই ইজৰাইলক অধিক চিন্তিত কৰি তুলিছে । ইয়াৰ লগতে হামাছৰ এই ঘোষণাই পণবন্দীসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে ইজৰাইলৰ চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিব।

হামাছৰ মুখপাত্ৰ আবু উবাইদাই কয় যে, তেওঁলোকে আন দুজন আহত পণবন্দীক সুৰক্ষা প্ৰদান কৰি আছে আৰু বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰা হৈছে। ইফালে ইজৰাইলত যুদ্ধবিৰতি চুক্তিৰ দাবী অহৰহ উত্থাপিত হৈ আছে । যাতে গাজাৰ  পৰা ইজৰাইলী পণবন্দীসকলক নিৰাপদে ঘূৰাই অনাটো সম্ভৱপৰ হয়। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰে এই বিষয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰো খবৰ প্ৰকাশ পাইছে ।

উল্লেখ্য যে, হামাছে তেওঁলোকৰ নতুন নেতা ইয়াহ্যা সিনৱাৰক নিৰ্বাচিত কৰিছে । যিয়ে ইছমাইল হানিয়েহৰ ঠাইত ৰাজনৈতিক মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। এই পৰিৱৰ্তনে দেখুৱাইছে যে, হামাছে নিজৰ শক্তিক পুনৰ গঢ় দিবলৈ চেষ্টা কৰিছে।

মনকৰিবলগীয়া যে, ইজৰাইলৰ এগৰাকী পণবন্দী নিহত হোৱাৰ ঘটনাই হামাছৰ ওপৰত আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে চাপ বৃদ্ধি কৰিব পাৰে। ইজৰাইলৰ সেনাবাহিনীৰ প্ৰতিক্ৰিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতিক্ৰিয়াই হামাছৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যদি ইজৰাইলে অধিক আক্ৰমণাত্মক ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে ই হামাছৰ পৰিস্থিতি অধিক কঠিন কৰি তুলিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব