প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেন, আশু-আৰোগ্য কামনা ড’নাল্ড ট্ৰাম্পৰ
জ' বাইডেনে প্ৰথমে প্ৰস্ৰাৱৰ সংক্ৰমণৰ অভিযোগ কৰিছিল, তাৰ পিছত চিকিৎসকে পৰীক্ষাৰ পিছত কৰ্কট ৰোগ নিশ্চিত কৰিছে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে বাইডেনৰ বৰ্তমানৰ অৱস্থাই হাড়ত মেটাষ্টেছিছৰ ইংগিত দিছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেন
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেন (৮২) আক্ৰান্ত হৈছে প্ৰষ্টেট কেন্সাৰত। স্বাস্থ্য সন্দৰ্ভত বাইডেনৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এক বিবৃতি। বিবৃতি অনুসৰি চিকিৎসকে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেন প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত। এই ৰোগ তেওঁৰ হাড়লৈ বিয়পি পৰিছে। বিবৃতিটোত লগতে কোৱা হৈছে যে বাইডেনে প্ৰথমে প্ৰস্ৰাৱৰ সংক্ৰমণৰ অভিযোগ দিছিল, তাৰ পিছত চিকিৎসকে পৰীক্ষাৰ পিছত কৰ্কট ৰোগ নিশ্চিত কৰে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত জাৰি কৰা বিবৃতিটোত কোৱা হৈছে যে বাইডেনৰ বৰ্তমানৰ অৱস্থাই হাড়ত মেটাষ্টেছিছৰ ইংগিত দিছে।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰষ্টেট কেন্সাৰ তেওঁৰ হাড়লৈ বিয়পি পৰিছে। এই সন্দৰ্ভত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেনৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। বিবৃতি অনুসৰি বাইডেনক প্ৰস্ৰাৱৰ লক্ষণ বৃদ্ধি পোৱাৰ পৰীক্ষা কৰোৱা হৈছিল। কোৱা হৈছে যে শুকুৰবাৰে পৰীক্ষাৰ অন্তত প্ৰষ্টেট কেন্সাৰ ধৰা পৰিছে, যাৰ গ্লিছন স্ক’ৰ ৯ (গ্ৰেড গ্ৰুপ ৫) আৰু হাড়লৈ মেটাষ্টেছিছ আছিল । অৰ্থাৎ এই ৰোগে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে। এতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী আৰু তেওঁৰ পৰিয়ালে চিকিৎসকৰ সৈতে চিকিৎসাৰ বিকল্পসমূহ পৰ্যালোচনা কৰি আছে।
Personal Office of Former US President Joe Biden issues a statement: Last week, Former President Joe Biden was seen for a new finding of a prostate nodule after experiencing increasing urinary symptoms. On Friday, he was diagnosed with prostate cancer, characterized by a Gleason… pic.twitter.com/yOwB8QDKfK
— ANI (@ANI) May 18, 2025
ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শোক প্ৰকাশ কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছে, “বাইডেন প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত বুলি শুনি মেলানিয়া আৰু মই দুখী হৈছো। আমি জিল আৰু তেওঁৰ পৰিয়াললৈ আমাৰ শুভকামনা জনাইছো, আৰু আশা কৰিছো বাইডেন সোনকালে সুস্থ হৈ উঠিব।”
US President Donald Trump posts on Truth Social: Melania and I are saddened to hear about Joe Biden’s recent medical diagnosis. We extend our warmest and best wishes to Jill and the family, and we wish Joe a fast and successful recovery. pic.twitter.com/tKGBkKyxzg
— ANI (@ANI) May 18, 2025
একে সময়তে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও সমৰ্থন প্ৰকাশ কৰি আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেনৰ বাবে প্ৰাৰ্থনা কৰে। ইনষ্টাগ্ৰামত এটা পোষ্টত হেৰিছ আৰু তেওঁৰ স্বামী ডগলাছ এমহফে বাইডেনৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে জানিব পাৰি দুখ প্ৰকাশ কৰে। হেৰিছে কয়, “প্ৰাক্তন ৰাষ্ট্ৰপতি বাইডেনৰ প্ৰষ্টেট কেন্সাৰৰ বিষয়ে জানি ডাগ আৰু মই দুঃখিত।”
ইয়াৰ পূৰ্বে ২০২৩ চনত বাইডেনৰ ছালৰ কৰ্কট ৰোগ হৈছিল। হোয়াইট হাউছৰ চিকিৎসকগৰাকীয়ে কয় যে তেওঁৰ বুকুত সাধাৰণ ধৰণৰ ছালৰ কৰ্কট ৰোগ বেচেল চেল কাৰ্চিনোমা ধৰা পৰিছে। ফেব্ৰুৱাৰী মাহত অস্ত্ৰোপচাৰৰ সময়ত এই ঘাঁটো আঁতৰাই পেলোৱা হৈছিল। ২০২০ চনত ড’নাল্ড ট্ৰাম্পক পৰাস্ত কৰি ৮২ বছৰীয়া জ’ বাইডেনে যোৱা বছৰ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল যদিও বয়স আৰু মানসিক অৱস্থাক লৈ উত্থাপিত প্ৰশ্নৰ বাবে তেওঁ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।