পদৰ পৰা বৰ্খাস্তৰ পিছতে উদ্ধাৰ হ’ল ৰাছিয়াৰ প্ৰাক্তন পৰিবহন মন্ত্ৰীৰ মৃতদেহ, মূৰত গুলীৰ আঘাতৰ চিন

ৰাছিয়াৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী ৰোমান ষ্টাৰভ’ইটৰ মৃতদেহ উদ্ধাৰক লৈ সম্প্ৰতি দেশখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। লক্ষণীয়ভাৱে মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ষ্টাৰভ’ইটক পদৰ পৰা বৰ্খাস্ত কৰিছিল। নিজ বাহনৰ ভিতৰত গুলীৰ আঘাতত তেওঁৰ মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

পদৰ পৰা বৰ্খাস্তৰ পিছতে উদ্ধাৰ হ’ল ৰাছিয়াৰ প্ৰাক্তন পৰিবহন মন্ত্ৰীৰ মৃতদেহ, মূৰত গুলীৰ আঘাতৰ চিন

প্ৰাক্তন ৰুছ মন্ত্ৰীৰ মৃতদেহ উদ্ধাৰ

Published: 

08 Jul 2025 10:57 AM

ৰাছিয়াৰ ৰাজপথতে উদ্ধাৰ হৈছে দেশখনৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ মৃতদেহ প্ৰাক্তন পৰিবহণ মন্ত্ৰী ৰোমান ষ্টাৰভ’ইটৰ মৃতদেহ উদ্ধাৰক লৈ সম্প্ৰতি দেশখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ লক্ষণীয়ভাৱে মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ষ্টাৰভইটক পদৰ পৰা বৰ্খাস্ত কৰিছিল নিজ বাহনৰ ভিতৰত গুলীৰ আঘাতত তেওঁৰ মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে এনে পৰিস্থিতিত তেওঁ আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰিলে, সেই লৈ চৰ্চা পৰিলক্ষিত হৈছে। অৱশ্যে ৰুছ সংবাদ সংস্থাই তেওঁ আত্মহনন কৰা বুলি অনুমান কৰিছে

সোমবাৰে ৫৩ বছৰীয়া ৰোমান ষ্টাৰভ’ইটক পুটিন প্ৰশাসনে পৰিবহণ মন্ত্ৰীৰ পদৰ পৰা পৰা বৰ্খাস্ত কৰিছিল কিন্তু তেওঁ বৰ্খাস্তৰ কাৰণ সন্দৰ্ভত কোনো স্পষ্ট কাৰণ উল্লেখ কৰা হোৱা নাছিল ৰাজনৈতিক বিশ্লেষকসকলে অৱশ্যে এসময়ত ষ্টাৰভইটৰ নিয়ন্ত্ৰণত থকা কুৰ্স্ক অঞ্চলৰ দুৰ্নীতিৰ তদন্তৰ বাবে তেওঁক বৰ্খাস্ত কৰা হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। এই দুৰ্নীতিৰ বিষয়ত ষ্টাৰভইটৰ স্থিতিক লৈ শেহতীয়া সময়ছোৱাত প্ৰশ্ন উত্থাপন হৈছিল

২০২২ চনত কুৰ্স্ক অঞ্চলত ইউক্ৰেইনৰ সৈতে ৰাছিয়াৰ সীমান্ত সুৰক্ষিত কৰি তোলাৰ বাবে কৰাৰ বাবে ১৯.৪ বিলিয়ন ৰুবল (২৪৬ মিলিয়ন ডলাৰ) নিৰ্ধাৰণ কৰা হৈছিল এই ধনৰাশি ব্যয়ৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ৰাছিয়াৰ তদন্ত সমিতিয়ে এক বিবৃতি যোগে ষ্টাৰভইটৰ মৃত্যুৰ নিৰ্দিষ্ট কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিছে।

দেশখনৰ বিভিন্ন সংবাদ মাধ্যমে জানিবলৈ দিয়া মতে, ষ্টাৰভইটৰ মৃতদেহৰ কাষতে এটা পিষ্টল উদ্ধাৰ কৰা হৈছে। ইফালে আন একাংশ সংবাদ মাধ্যমে তেওঁৰ মৃতদেহ বাহনখনত উদ্ধাৰ হোৱা নাই বুলি প্ৰকাশ কৰিছে বাহনখনৰ সমীপৰ এটা জোপোহাত মূৰত গুলীৰ আঘাত লগা অৱস্থাত ষ্টাৰভ’ইটৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি সংবাদ সংস্থাসমূহে প্ৰকাশ কৰিছে।

উল্লেখ যে বিগত বৰ্ষৰ মে’ মাহত পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল ষ্টাৰভইটে তাৰ পূৰ্বে প্ৰায় পাঁচ বছৰ ধৰি তেওঁ কুৰ্স্ক অঞ্চলৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইফালে পৰিবহণ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ তিনিমাহৰ পাছতে ইউক্ৰেইনৰ সৈন্যই সীমান্ত পাৰ হৈ কুৰ্স্কত প্ৰৱেশ কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়া ৰাছিয়াৰ ভূখণ্ডত হোৱা সৰ্ববৃহৎ বিদেশী শক্তিৰ আগ্ৰাসন ৰূপে পৰিগণিত হৈছিল চলিত বছৰৰ আৰম্ভণিতেহে ৰুছ সেনাই ইউক্ৰেইনৰ সেনাক সীমান্তৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হৈছিল

বিগত এপ্ৰিল মাহত ষ্টাৰভ’ইটৰ উত্তৰাধিকাৰী ৰূপত কুৰ্স্কৰ গৱৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰা ষ্টাৰভ’ইটৰ প্ৰাক্তন ডেপুটি আলেক্সেই স্মিৰ্নভৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ উদ্দেশ্যে নিৰ্ধাৰিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই গোচৰত ষ্টাৰভ’ইটৰ নামো জড়িত হৈ পৰিছিল

গ্ৰীষ্মকালত খালী পেটত কেতিয়াও নাথাব এইসমূহ খাদ্য...
মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...
কিমান ধনী ক্ৰিকেটাৰ আকাশদীপ? BCCIৰ পৰা কিমান টকা লাভ কৰে?
B 12 অভাৱৰ লক্ষণ আৰু পৰিত্ৰাণৰ উপায় কি? জানক...