বিদ্যালয়ৰ হোষ্টেলত ভয়ংকৰ অগ্নিকাণ্ডঃ ১৭ গৰাকী শিক্ষাৰ্থী নিহত, আহত কেইবাজনো

কেনিয়াৰ এখন বিদ্যালয়ৰ হোষ্টেলত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। কেনিয়াৰ নেৰী কাউন্টিৰ হিলছাইড আন্দাৰছা প্ৰাথমিক বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে।

বিদ্যালয়ৰ হোষ্টেলত ভয়ংকৰ অগ্নিকাণ্ডঃ ১৭ গৰাকী শিক্ষাৰ্থী নিহত, আহত কেইবাজনো

বিদ্যালয়ৰ হোষ্টেলত ভয়ংকৰ অগ্নিকাণ্ড

Published: 

06 Sep 2024 | 09:09 PM

আফ্ৰিকান ৰাষ্ট্ৰ কেনিয়াত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এখন বিদ্যালয়ৰ হোষ্টেলত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ১৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে। কেনিয়াৰ নেৰী কাউন্টিৰ হিলছাইড আন্দাৰছা প্ৰাথমিক বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে। স্থানীয় প্ৰশাসনে সদৰী কৰা মতে বহু শিক্ষাৰ্থী গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আহত শিক্ষাৰ্থীসকল স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি কৰ্তৃপক্ষই লগতে জানিবলৈ দিছে।

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে এই ভয়াৱহ অগ্নিকাণ্ডৰ বিষয়ে খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি হোষ্টেলৰ ভিতৰৰ পৰা শিশুসকলক উদ্ধাৰ কৰে। আহত শিশুসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰে প্ৰশাসনিক দলটোৱে।

বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে এই অগ্নিকাণ্ডৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত ৰখা হৈছে বুলি তেওঁ লগতে সদৰী কৰে। অগ্নিকাণ্ড সংঘটিত হোৱা এই হোষ্টেলটোত ১৪ বছৰ বয়সলৈকে শিশু বাস কৰে আৰু ইয়াত ১৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।

হোষ্টেল ভৱনটো মূলতঃ কাঠ দ্বাৰা নিৰ্মিত আছিল আৰু সেয়ে জুই দ্ৰুতগতিত বিয়পি পৰে। কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে এই কাণ্ডত দুখ প্ৰকাশ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক বিষয়টোৰ সম্পূৰ্ণ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে যিসকল ব্যক্তিৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছে, তেওঁলোকক জবাবদিহি কৰা হ’ব বুলি উল্লেখ কৰে।

কেনিয়াৰ উপ-ৰাষ্ট্ৰপতি ৰিগাথি গাচাগুয়াই এই ঘটনাৰ পিছতে শিক্ষা মন্ত্ৰালয়ে আৱাসিক বিদ্যালয়ৰ বাবে নিৰ্ধাৰণ কৰা সুৰক্ষা নিৰ্দেশনাসমূহ যাতে মানি চলা হয় সেই বিষয়ে নিশ্চিত কৰিবলৈ বিদ্যালয় প্ৰশাসনক আহ্বান জনায়। এক্সত এক পোষ্ট যোগে তেওঁ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক এই ভয়ানক কাণ্ডৰ পুংখানুপুংখ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

লক্ষণীয়ভাৱে কেনিয়াত এইদৰে হোষ্টেলত অগ্নিকাণ্ডৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে। দেশখনৰ শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি এই অগ্নিকাণ্ডবোৰ প্ৰায়ে হোষ্টেলৰ ভিতৰত মাদক দ্ৰব্যৰ প্ৰচলন আৰু অতিমাত্ৰা ভিৰৰ বাবেই সংঘটিত হয়। শেহতীয়া কেইটামান বছৰত কেনিয়াৰ বিদ্যালয়সমূহত অগ্নিকাণ্ডৰ ঘটনা বৃদ্ধি পাইছে।

এনে ঘটনাসমূহে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ২০১৭ চনত নাইৰোবিৰ এখন বিদ্যালয়ত সংঘটিত হোৱা এনে এক অগ্নিকাণ্ডত ১০ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল। ২০০১ চনত মাচাকোছ কাউন্টিৰ এটা ছাত্ৰাবাসত সংঘটিত হৈছিল এক ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত ৬৭ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...