ইথিওপিয়াৰ আগ্নেয়গিৰি বিস্ফোৰণ ! বিষাক্ত ডাৱৰে ছানি ধৰিছিল ভাৰতৰ আকাশ, বতৰ পৰিৱৰ্তন হ’ব নেকি ?

দেওবাৰে হঠাতে হোৱা এই বিস্ফোৰণৰ ফলত বহু বিমানে দিশ সলনি কৰিবলগীয়া হয়। আনকি, প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰত্বত থকা এই আগ্নেয়গিৰি বিস্ফোৰণৰ প্ৰভাৱ ভাৰতৰ আকাশত দেখা গৈছিল।

ইথিওপিয়াৰ আগ্নেয়গিৰি বিস্ফোৰণ ! বিষাক্ত ডাৱৰে ছানি ধৰিছিল ভাৰতৰ আকাশ, বতৰ পৰিৱৰ্তন হব নেকি ?
Updated On: 

26 Nov 2025 | 02:14 PM

১০ হাজাৰ বছৰৰ মূৰত বিস্ফোৰণ ঘটে ইথিওপিয়াৰ হাইলি গুব্বি আগ্নেয়গিৰি। দেওবাৰে হঠাতে হোৱা এই বিস্ফোৰণৰ ফলত বহু বিমানে দিশ সলনি কৰিবলগীয়া হয়। আনকি, প্ৰায় চাৰি হাজাৰ কিলোমিটাৰ দূৰত্বত থকা এই আগ্নেয়গিৰি বিস্ফোৰণৰ প্ৰভাৱ ভাৰতৰ আকাশত দেখা গৈছিল। কেৰালাৰ কান্নুৰৰ পৰা ছৌদি আৰৱৰ আবুধাবিলৈ যোৱা এখন বিমানে দিশ সলনি কৰি আহমেদাবাদলৈ উভতি আহিবলগীয়া হয়। কেৱল সেয়াই নহয়, দিল্লীতো সলনি হয় বতাহ। ছাই আৰু চালফাৰ ডাই অক্সাইডৰ দৰে ‘বিষাক্ত ডাৱৰ’ ১৩০ কিলোমিটাৰ বেগত ভাৰতৰ উত্তৰ-পশ্চিম দিশ অৰ্থাৎ দিল্লী আৰু হাৰিয়ানাৰ দিশে বলিবলৈ ধৰে।

সৰ্বভাৰতীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, এই ‘বিষাক্ত বতাহ’ৰ এটা অংশ ইতিমধ্যে ৰাজস্থানত প্ৰৱেশ কৰে। ১২০ৰ পৰা ১৩০ কিলোমিটাৰ বেগত বলিছিল এই বতাহ। যিয়ে ক্ষন্তেকতে দিল্লীৰ কাষৰ বাকী অঞ্চলসমূহ সামৰি ল’ব পাৰে বুলি আশংকা কৰা হৈছিল। কিন্তু একাংশ বতৰ বিজ্ঞানীয়ে অনুমান কৰে যে, যিহেতু এই ‘বিষাক্ত ডাৱৰ’ মাটিৰ পৰা ৪৫,০০০ ফুট উচ্চতাত থাকিব, গতিকে প্ৰত্যক্ষ ক্ষতি বা প্ৰভাৱ পৰাৰ কোনো সম্ভাৱনা নাথাকে।

মঙলবাৰৰ নিশালৈকে এই ‘বিষাক্ত ডাৱৰ’ হিমাচল প্ৰদেশলৈ বলিব পাৰে বুলি ধাৰণা কৰা হৈছিল। ক্ষয়-ক্ষতিৰ কোনো সম্ভাৱনা নাথাকিলে বতৰ বিজ্ঞানীসকলৰ মতে, আগন্তুক কেইদিনমানৰ ভিতৰত বতৰৰ বৃহৎ পৰিৱৰ্তন হ’ব পাৰে। ছাই আৰু চালফাৰ ডাই অক্সাইডৰ মিশ্ৰণে বায়ুমণ্ডলক প্ৰভাৱিত কৰিব পাৰে।

ইফালে,দেশৰ ৰাজধানীত বৃদ্ধি পাইছে ‘বিষাক্ত বায়ু’। শীতকালৰ আগতে অস্বাভাৱিক হাৰত প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাইছে। বায়ুৰ গুণাগুণ সূচকাংকই 350 AQI ৰ সীমা অতিক্ৰম কৰিছে। অৰ্থাৎ পৰিস্থিতি ভয়াৱহ। ৰাজধানীৰ এই আতংকজনক পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। যিমান সম্ভৱ হয়, বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...