নিশ্চিত! ২০৩০ চনৰ ভিতৰত হ’ব পাৰে পাৰমাণৱিক যুদ্ধ, ইলন মাস্কৰ ভৱিষ্যদ্বাণী…
বৰ্তমান বিশ্বত উত্তেজনাময় পৰিস্থিতি। যুদ্ধ, হিংসা আদিয়ে জৰ্জৰিত কৰিছে বিশ্বক। যাৰ বাবে বহুবাৰ বিশ্বযুদ্ধৰ বিষয়টো উত্থাপন হোৱাও দেখা যায়। ইয়াৰ মাজতে ইলন মাস্কে কৰিছে এক ডাঙৰ মন্তব্য।

ইলন মাস্ক
উদ্যোগপতি ইলম মাস্কে বিশ্বৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। এটা পোষ্টত ইলনে কৈছে যে, বিশ্ব এতিয়া বিশ্বযুদ্ধৰ পিনে আগবাঢ়িছে। বিশ্বৰ মূল ৰাষ্ট্ৰসমূহৰ মাজতে উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। গতিকে এনে পৰিস্থিতিত যুদ্ধ অনিবাৰ্য। এই বিশ্বযুদ্ধ ৫ বছৰ বা ১০ বছৰৰ ভিতৰত হ’ব পাৰে। কিন্তু কোনবোৰ দেশৰ মাজত যুদ্ধ হব সেই কথা এতিয়ালৈকে মাস্কে নিশ্চিতকৈ কোৱা নাই।
মাস্কে আৰু কয়, “যুদ্ধ অনিবাৰ্য। ৫ বছৰ, সৰ্বাধিক ১০ বছৰ”। ইয়াতকৈ বেছি মাস্কে বিশেষ একো কোৱা নাই। গতিকে একাংশই অনুমান কৰিছে যে, ২০৩০ চনৰ ভিতৰত তৃতীয় বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে। যাৰ ফলত ধ্বংস সৈ যাব বহু দেশ। বিশ্বই পাৰমাণৱিক যুদ্ধ দেখা পাব পাৰে। এনে পৰিস্থিতি উত্তেজনা কম কৰাৰ বাহিৰে মই আৰু অন্য বিকল্প দেখা নাই বুলি কয় মাস্কে।
কোনে কি ক’লে
হাণ্টাৰ এছ নামৰ এজনে সামাজিক মাধ্যমত লিখিছে যে, “বিশ্বৰ চৰকাৰসমূহ একেবাৰে দায়িত্বহীন হৈ পৰিছে। পাৰমাণৱিক শক্তিৰ বাবে এখন চৰকাৰে আনখনৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। কিবা হওক নহওক এই দেশসমূহে পৰস্পৰৰ মাজত সংঘৰ্ষ কৰিব। বজাৰে অৱশেষত সকলোকে ধ্বংস কৰি পেলাব। মোৰ এই কথা ভুল হ’লে অৱশ্যেই ভাল আছিল”।
মাৰ্কো নামৰ এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ পোষ্টৰ এই উত্তৰ দিছিল হান্টাৰ এছে। মাৰ্কোৱে জিডিপি ব্যৱহাৰ কৰি বুজাবলৈ চেষ্টা কৰিছিল যে আল-স্লাভোডৰ বাহিৰে আন কোনো দেশেই বিকাশ কৰা নাই। এই পোষ্টটোতে মন্তব্য আগবঢ়াইছিল ইলন মাস্কে।
মাস্কৰ এই বক্তব্য কিয় গুৰুত্বপূৰ্ণ
বৰ্তমান বিশ্বৰ কেইবাখনো দেশৰ মাজত উত্তেজনাময় পৰিস্থিতি চলি আছে। দীৰ্ঘদিন ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ইফালে ভেনিজুৱেলাৰ সৈতে বিবাদত লিপ্ত হৈছে আমেৰিকা। একেদৰে চীনৰ সৈতে টাইৱান আৰু ফিলিপাইনছৰ মাজত বিবাদ চলি আছে। ইজৰাইলে একেলগে ইৰাণ, ছিৰিয়া, পেলেষ্টাইন, লেবাননৰ দৰে দেশৰ বিৰুদ্ধে যুঁজি আছে।
আফ্ৰিকাৰ দেশসমূহত গৃহযুদ্ধৰ অৱস্থা দেখা হৈছে। মুঠতে বিশ্বৰ ১৯৩খন দেশৰ ভিতৰত ৭০খনতকৈও অধিক দেশ বৰ্তমান সময়ত সংঘৰ্ষত লিপ্ত হৈ আছে। যুদ্ধ চলি থকা দেশসমূহৰ ভিতৰত ৰাছিয়া আৰু ইজৰাইলৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে। ইফালে আমেৰিকা, ভাৰত, পাকিস্তান, চীন, ব্ৰিটেইন, ফ্ৰান্স আদিৰ হাততো পাৰমাণৱিক অস্ত্ৰ আছে। ষ্টকহোম ইণ্টাৰনেশ্যনেলৰ তথ্য অনুসৰি বৰ্তমান বিশ্বত প্ৰায় ১২ হাজাৰ পাৰমাণৱিক অস্ত্ৰ আছে। এই অস্ত্ৰ-শস্ত্ৰসমূহে কমেও ১৫ গুণ পৃথিৱীখন ধ্বংস কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ ভুৱা বাতৰি গণতন্ত্ৰৰ বাবে ভাবুকি, সংসদত কি ক’লে অশ্বিনী বৈষ্ণৱে..