পুৱতি নিশা ভূমিকম্পই জোঁকাৰি গ’ল দেশ! অভিকেন্দ্ৰ ক’ত?
ভূমিকম্পৰ তথ্য প্ৰকাশ কৰি এনচিএছে কয় যে তেওঁলোকে অঞ্চলটোৰ ভূতাত্ত্বিক গতিবিধিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। একে সময়তে প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দল সজাগ হৈ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। জানিব পৰা মতে পুৱতি নিশা প্ৰায় ২ বজাত ভূমিকম্প অনুভৱ কৰা হয়।

ভূমিকম্প
দেওবাৰে পুৱতি নিশা ২:৪১ বজাত (ভাৰতীয় সময় অনুসৰি) প্ৰবল ভূমিকম্পই জোঁকাৰি গ’ল তিব্বত। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এনচিএছ)ৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ । এনচিএছৰ তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তিব্বত অঞ্চলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত। অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ প্ৰাণ বা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই। উল্লেখ্য যে ভূমিকম্পৰ জোঁকাৰণি উত্তৰ প্ৰদেশ আৰু বিহাৰতো অনুভৱ কৰা হৈছিল।
তথ্য প্ৰকাশ কৰি এনচিএছে কয় যে তেওঁলোকে অঞ্চলটোৰ ভূতাত্ত্বিক গতিবিধিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। একে সময়তে প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দল সজাগ হৈ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। জানিব পৰা মতে পুৱতি নিশা প্ৰায় ২ বজাত তিব্বতত ভূমিকম্প অনুভৱ কৰা হয়। যিয়ে জোঁকাৰি গৈছে তিব্বত। ভূমিকম্পটো ইমানেই প্ৰবল আছিল যে নিশা শুই থকা তিব্বতী লোকসকলে আতংকিত হৈ ঘৰৰ পৰা দৌৰিবলৈ বাধ্য হৈছিল। সম্প্ৰতি ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই।
EQ of M: 5.7, On: 12/05/2025 02:41:24 IST, Lat: 29.02 N, Long: 87.48 E, Depth: 10 Km, Location: Tibet.
For more information Download the BhooKamp App https://t.co/5gCOtjcVGs @DrJitendraSingh @OfficeOfDrJS @Ravi_MoES @Dr_Mishra1966 @ndmaindia pic.twitter.com/nCeJ434PGR— National Center for Seismology (@NCS_Earthquake) May 11, 2025
উত্তৰ ভাৰতৰ বহু ঠাইত বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰৰ সীমান্তৱৰ্তী অঞ্চলতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। বিভিন্ন লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ অভিজ্ঞতা। য’ত কিছুমানে মৃদু কম্পনৰ কথা হৈছে, আনহাতে কোনোৱে ইয়াক ভয়ংকৰ বুলি অভিহিত কৰিছিল।
এন চি এছে কয় যে এই ভূমিকম্পৰ অভিকেন্দ্ৰ তিব্বত আৰু ইয়াৰ তীব্ৰতা মধ্যমীয়াৰ পৰা উচ্চ। বিশেষজ্ঞসকলে কয় যে ভূমিকম্পৰ দৃষ্টিকোণৰ পৰা হিমালয় অঞ্চলটো অত্যন্ত সংবেদনশীল আৰু এনে ঘটনা সময়ে সময়ে সংঘটিত হৈয়েই থাকে। এনচিএছে লগতে কয় যে তেওঁলোকে অঞ্চলটোৰ ভূতাত্ত্বিক গতিবিধিৰ ওপৰত চকু ৰাখিছে। যাতে যিকোনো বিপদৰ সময়মতে মূল্যায়ন কৰিব পৰা যায়।