পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৫

পুনৰ ভূমিকম্পৰ জোকাৰণি। কিছুদিন পূৰ্বে ম্যানমাৰত হোৱা ভূমিকম্পৰ ফলত ৩০০০তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫,০০০তকৈ অধিক লোক আহত হৈছিল।

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৫

ম্যানমাৰ

Published: 

13 Apr 2025 13:44 PM

কেইটামান দিন আগত ম্যানমাৰত সংঘটিত হোৱা ভূমিকম্পই সমগ্ৰ বিশ্বৰ চকু কঁপাই তুলিছিল। সেই ভূমিকম্প ইমানেই ভয়ংকৰ আছিল যে য’ত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। ৭.৭ প্ৰাৱল্যৰ সেই ভূমিকম্পৰ ফলত ৩,৬৪৯ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫,০১৮ গৰাকী লোক আহত হৈছিল। ২৮ মাৰ্চৰ  সেই ভূমিকম্পৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ আন এক ভূমিকম্পই জোকাৰি যায় ম্যানমাৰ। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি দেওবাৰে পুৱা মধ্য ম্যানমাৰৰ এখন চহৰ মেইকটিলাৰ সমীপত ৫.৫ প্ৰাবল্যৰ ভূমিকম্প হয়।

শেহতীয়াকৈ হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালে আৰু ৰাজধানী নাইপিটাওৰ মাজত আছিল। এই স্থানতে যোৱা ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন আৰু সকলো ধ্বংসস্তূপলৈ পৰিণত হৈছিল। এই ভূমিকম্পৰ প্ৰভাৱ ভাৰত পৰ্যন্ত অনুভৱ কৰা হৈছিল আৰু হিমাচলৰ মাণ্ডীত কম্পন অনুভৱ হৈছিল।

৩ সপ্তাহ পাছত ভূমিকম্প

২৮ মাৰ্চৰ ভূমিকম্পৰ ফলত আজি পুনৰ দেশখন জোঁকাৰি যায়। অৱশ্যে, এতিয়ালৈকে এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই। ম্যানমাৰৰ সামৰিক চৰকাৰৰ মুখপাত্ৰ মেজৰ জেনেৰেল জাউ মিন টুনৰ মতে, শুকুৰবাৰলৈকে ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬৪৯ জন হোৱাৰ বিপৰীতে আহত হৈছে ৫০১৮ জন। ম্যানমাৰৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দেওবাৰৰ ভূমিকম্পটোৱে মাণ্ডেলেৰ পৰা ৯৭ কিলোমিটাৰ (৬০ মাইল) দক্ষিণে অৱস্থিত বুণ্ডউইন টাউনশ্বিপৰ অঞ্চলত ২০ কিলোমিটাৰ (১২ মাইল) গভীৰতাত সংঘটিত হৈছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে ইয়াৰ গভীৰতা ৭.৭ কিলোমিটাৰ (৪.৮ মাইল) বুলি অনুমান কৰিছে।

২৮ মাৰ্চত হোৱা ভূমিকম্পৰ ফলত ৰাষ্ট্ৰসংঘই সকীয়াই দিছিল যে, ভূমিকম্পৰ ফলত ম্যানমাৰত মানৱীয় সংকট আৰু অধিক বৃদ্ধি পাব পাৰে। ইতিমধ্যে গৃহযুদ্ধৰ কবলত পৰা ম্যানমাৰ বছৰ বছৰ ধৰি সংকটৰ সন্মুখীন হৈ আহিছে য’ত ৩০ লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে। ভূমিকম্পৰ ফলত স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ’ব পাৰে সতৰ্কবাণী কৰিছিল ৰাষ্ট্ৰসংঘই।

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব