ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.১…

পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল তুৰ্কী। ২০২৩ চনত তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল। লগতে বহু অট্টালিকা ধ্বংস হৈ পৰিছিল।

ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.১...

ভূমিকম্প

Published: 

28 Oct 2025 | 07:04 AM

পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী। সোমবাৰে সংঘটিত হোৱা এই প্ৰবল ভূমিকম্পৰ ফলত কেইবাটাও অট্টালিকা ভাঙি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১।  দেশখনৰ জৰুৰীকালীন সঁহাৰি সংস্থাই জনোৱা মতে, এতিয়ালৈকে ভূমিকম্পৰ ফলত কোনো লোক হতাহতি হোৱাৰ খবৰ আহি পৰা নাই। দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু বালিকেছিৰ প্ৰদেশৰ ছিণ্ডিৰ্গি চহৰত।

জানিব পৰা মতে, ইস্তানবুল, বুৰ্ছা, মানিছা, ইজমি আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে বিশেষ একো ক্ষয় ক্ষতি হোৱা নাই। অৱশ্য়ে উদ্ধাৰকাৰী দলসমূহে সকলো নিৰীক্ষণ কৰি আছে। উল্লেখ্য যে, তুৰ্কী এটা ডাঙৰ ফল্ট লাইনৰ ওপৰত আছে, যাৰ বাবে সঘনাই ভূমিকম্প হয়।

ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত তুৰ্কী অন্যতম। যোৱা ছেপ্টেম্বৰত তুৰ্কীক ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ইমানেই নহয়, প্ৰায়ভাগ সময়ত দেশখনত ভূমিকম্প হোৱা দেখা যায়। এই সন্দৰ্ভত তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ এৰদোগানে এক বিবৃতি প্ৰকাশ কৰি জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰে। দেশৰ সৰ্ববৃহৎ চহৰ ইস্তানবুলকে ধৰি কেইবাখনো প্ৰদেশতো কম্পন অনুভৱ কৰা হয়। শেহতীয়া ভূমিকম্পত কিমান ক্ষতি হৈছে, সেয়া তদন্তৰ অন্ততহে পোহৰলৈ আহিব।

উল্লেখ্য যে, ২০২৩ চনত তুৰ্কীক ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। য’ত ৫৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছিল। লাখ লাখ অট্টালিকা ধ্বংস হৈ পৰিছিল। ইয়াৰোপৰি চুবুৰীয়া ৰাষ্ট্ৰ ছিৰিয়াৰ উত্তৰ অঞ্চলত আৰু ৬ হাজাৰ লোকৰ মৃত্যু হৈছিল।

 

অন্য খবৰ পঢ়কঃ ইউনুছৰ কু-কাণ্ড! বাংলাদেশৰ অংশ হিচাপে দেখুৱালে অসম আৰু উত্তৰ-পূবক, মানচিত্ৰ উপহাৰ দিলে পাকিস্তানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব