ভূমিকম্পৰ ফলত তিব্বতত ৯৫ জন লোক নিহত, ১৩০ জন আহত…

নেপাল সীমান্তৰ সমীপৰ তিব্বত অঞ্চলত অনুভূত ভূমিকম্পত এতিয়ালৈকে ৯৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩০ জন লোক আহত হৈছে। তীব্বতৰ শ্বিগাটচে চহৰক এই ভূমিকম্পই সৰ্বাধিক প্ৰভাৱিত কৰিছিল । 

ভূমিকম্পৰ ফলত তিব্বতত ৯৫ জন লোক নিহত, ১৩০ জন আহত...

তিব্বতৰ ভূমিকম্প

Updated On: 

07 Jan 2025 | 08:18 PM

ভয়ংকৰ ভূমিকম্পই কঁপাই গ’ল তিব্বত আৰু নেপাল। ভাৰত আৰু বাংলাদেশৰ বহু ঠাইতো এই ভূমিকম্প অনুভূত হৈছিল । ৭.১ প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল তিব্বতত । চীনৰ এক বিবৃতিত কোৱা হৈছে যে, নেপাল সীমান্তৰ সমীপৰ তিব্বত অঞ্চলত অনুভূত ভূমিকম্পত এতিয়ালৈকে ৯৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩০ জন লোক আহত হৈছে।

তীব্বতৰ শ্বিগাটচে চহৰক এই ভূমিকম্পই সৰ্বাধিক প্ৰভাৱিত কৰিছিল । অৱশ্যে চীনে এই ভূমিকম্পৰ প্ৰাবল্য ৬.৮ বুলি অভিহিত কৰিছে। উত্তৰ-পূব নেপালৰ খুম্বু হিমালয়ৰ ৰেঞ্জত লোবুট্চেৰ পৰা ৯০ কিলোমিটাৰ উত্তৰ-পূবে ১০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল । ইউ এছ জি এছৰ প্ৰতিবেদন অনুসৰি পুৱা এঘণ্টাৰ ভিতৰত কমেও ছয়বাৰকৈ চাৰিৰ পৰা পাঁচ প্ৰাবল্যৰ ভূমিকম্পৰ তথ্য পোৱা গৈছে।


পুৱা প্ৰায় ৬:৫২ বজাত এই ভূমিকম্পৰ অনুভূত হৈছিল । নেপালৰ কাঠমাণ্ডু, ধাডিং, সিন্ধুপালচৌক, কাভ্ৰে, মাকৱানপুৰকে ধৰি বহুকেইখন জিলাত ভূমিকম্পৰ কম্পন অনুভূত হয়। উত্তৰ ভাৰতৰ বহু চহৰতো ভূমিকম্পৰ কম্পন অনুভূত হৈছিল যদিও ভাৰতৰ পৰা এতিয়ালৈকে কোনো লোকৰ হতাহত খবৰ পোৱা নাই।

এই ভূমিকম্প ইমানেই শক্তিশালী আছিল যে নেপালৰ সকলোকে আতংকিত কৰি তুলিছিল । এই ভূমিকম্পই ২০১৫ চনত হোৱা ভয়ংকৰ ভূমিকম্পৰ কথা মনত পেলাই দিয়ে, য’ত ৯ হাজাৰ লোকৰ মৃত্যু হৈছিল। পৃথিৱীখন সাতখন টেকটনিক প্লেটেৰে গঠিত। এই প্লেটবোৰ নিজৰ ঠাইত অবিৰতভাৱে ঘূৰি থাকে। কেতিয়াবা প্লেটেবোৰৰ মাজত ঘৰ্ষণ হয়, তেতিয়া ভূমিকম্প অনুভূত হয় ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব