আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৮

কেইদিনমান পূৰ্বে ম্যানমাৰত হোৱাত প্ৰচণ্ড ভূমিকম্প প্ৰাণ হেৰুৱাইছিল হাজাৰ হাজাৰ লোকে। পুনৰ কঁপি উঠিল পৃথিৱী। ৰিখটাৰ স্কেলত এই  ভূমিকম্পৰ প্ৰাবল্য আছিল  ৫.৮। যাৰ বাবে এতিয়া অধিক সংকিত হৈ পৰিছে লোকসকল।

আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৫.৮

ভূমিকম্প

Updated On: 

12 Apr 2025 | 03:16 PM

সঘনাই হোৱা ভূমিকম্পই আতংকিত কৰি ৰাখিছে জনতাক। কেইদিনমান পূৰ্বে ম্যানমাৰত হোৱাত প্ৰচণ্ড ভূমিকম্প প্ৰাণ হেৰুৱাইছিল হাজাৰ হাজাৰ লোকে। পুনৰ কঁপি উঠিল পৃথিৱী। ৰিখটাৰ স্কেলত এই  ভূমিকম্পৰ প্ৰাবল্য আছিল  ৫.৮। যাৰ বাবে এতিয়া অধিক সংকিত হৈ পৰিছে লোকসকল। দুপৰীয়া প্ৰায় ১ বজাত আহিছি ভূমিকম্প।

জম্মু-কাশ্মীৰত অনুভত কৰা হয় এই কম্পন । ইয়াৰ বাহিৰেও ভূমিকম্পত কঁপি উঠিল পাকিস্তানৰ ইছলামাবাদত ভূমি। দুয়োখন স্থানতে এতিয়ালৈকে কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই। বিগত মাহত জম্মু-কাশ্মীৰ আৰু লাডাখৰ বহু ঠাইত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।  ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২।

প্ৰায় ১০-১২ দিন আগতে একে মাহতে পাকিস্তানত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। বেলুচিস্তানৰ কৰাচী আৰু বৰখান জিলাত হৈছিল ভূমিকম্প। প্ৰায় ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ ভূমিকম্পই জোকাৰি গ’ল দুটা অঞ্চল। ভূমিকম্পৰ পিছত ৰাইজৰ মাজত আতংক বিয়পি পৰে। ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে লোকসকল। অৱশ্য়ে এতিয়ালৈ ভূমিকম্পৰ ফলত কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত ভূমিকম্প নতুন কথা নহয়, কাৰণ এই দেশ ভাৰত আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ সীমাত অৱস্থিত। এই অঞ্চলটো অতি ভূমিকম্পীয়ভাৱে সক্ৰিয় বুলি ধৰা হয়। কৰাচীত ভূমিকম্পৰ তীব্ৰতা আছিল ৪.৬। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বেলুচিস্তানৰ উথালৰ পৰা ৬৫ কিলোমিটাৰ পূব-দক্ষিণ-পূবত । ভূমিকম্পৰ গভীৰতা আছিল ১০ কিলোমিটাৰ। বৰখানত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৯। তাজিকিস্তানতো  এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...