ভূমধ্যসাগৰত প্ৰবল ভূমিকম্প, কঁপি উঠিল কেইবাখনো দেশ

১৪ কিলোমিটাৰ গভীৰতাত সংঘটিত এই ভূমিকম্প ইমানেই শক্তিশালী আছিল যে মধ্য ইজৰাইল, ইজিপ্ত, লিবিয়া, তুৰ্কীৰ লগতে সমগ্ৰ পূব ভূমধ্যসাগৰত অনুভৱ হৈছিল। ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰিছে।

ভূমধ্যসাগৰত প্ৰবল ভূমিকম্প, কঁপি উঠিল কেইবাখনো দেশ

ভূমিকম্প

Updated On: 

14 May 2025 | 07:22 AM

বুধবাৰে গ্ৰীচৰ কাছ’ছ দ্বীপত এক প্ৰবল ভূমিকম্পই জোঁকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৬.১ বুলি ৰেকৰ্ড কৰা হৈছে। ১৪ কিলোমিটাৰ গভীৰতাত সৃষ্টি হোৱা এই ভূমিকম্প ইমানেই শক্তিশালী আছিল যে মধ্য ইজৰাইল, ইজিপ্ত, লিবিয়া, তুৰ্কিয়ে আৰু সমগ্ৰ পূব ভূমধ্যসাগৰত অনুভৱ  হৈছিল। ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই সতৰ্কবাণী জাৰি কৰিছে।

যদিও ভূমিকম্পৰ বাবে কোনো তাৎক্ষণিক ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই, তথাপিও ই পুনৰবাৰ এই টেকটনিকভাৱে সক্ৰিয় অঞ্চলটোত আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।যোৱা কেইবছৰমানৰ পৰা এই অঞ্চলত ভূমিকম্পৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে, যিটো পৰিৱৰ্তিত পৰিবেশৰ অন্যতম বিপজ্জনক লক্ষণ।

ক’ত অনুভৱ কৰা হৈছিল কঁম্পন?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ প্ৰতিবেদন অনুসৰি, ভূমিকম্পটো ঠিক ২২:৫১:১৬ UTC ত অনুভূত হয়। এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল এজিয়ান সাগৰৰ দুখন জনপ্ৰিয় গ্ৰীক গন্তব্যস্থান ক্ৰিট আৰু ৰোডছৰ মাজত অৱস্থিত কাছ’ছ দ্বীপৰ উপকূলৰ ওচৰত।

প্ৰায় এহাজাৰ লোকে বসবাস কৰা কাছ’ছ দ্বীপটো ইয়াৰ চিত্ৰময় প্ৰাকৃতিক দৃশ্য আৰু নিস্তব্ধ পৰিৱেশৰ বাবে পৰিচিত, যাৰ বাবে ই নিসংগতা বিচৰাসকলৰ বাবে এক শান্তিপূৰ্ণ স্থান। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১। প্ৰতিবেদনত ইয়াক “অতি শক্তিশালী” বুলি বৰ্ণনা কৰা হৈছে, যিয়ে ব্যাপক জোকাৰণি আৰু সম্ভাৱ্য ক্ষতিৰ সম্ভাৱনাৰ ইংগিত দিয়ে।

ভূমিকম্পৰ গভীৰতা কিমান আছিল?

ভূমিকম্পৰ গভীৰতা ১৪ কিলোমিটাৰ জোখা হৈছিল, ইয়াৰ প্ৰভাৱ ভূপৃষ্ঠত অধিক পৰিছিল। এনে ভূমিকম্প সাধাৰণতে বৃহৎ অঞ্চলত অধিক শক্তিশালীভাৱে অনুভৱ কৰা হয় আৰু ইয়াৰ চাৰিওফালৰ অঞ্চল বিশেষকৈ ভূমিকম্পৰ ওচৰৰ অঞ্চলত অধিক লক্ষণীয় প্ৰভাৱ পৰিব পাৰে। ইজৰাইল আৰু ইজিপ্তৰ কিছু অংশকে ধৰি বিভিন্ন দেশত এই ভূমিকম্প অনুভৱ হোৱাৰ লগে লগে ই ভূমধ্যসাগৰীয় আৰু এজিয়ান অঞ্চলত ভূমিকম্পীয় কাৰ্যকলাপৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব