৬.৯ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প, ৬০ জনৰ মৃত্যু, আহত বহু লোক…

এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৯। ভূমিকম্পৰ ফলত এটা শিলৰ গীৰ্জা ধ্বংস হোৱাৰ লগতে কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়। ভূমিকম্প  অভিকেন্দ্ৰ চেবু প্ৰদেশৰ বগো চহৰৰ পৰা ১৭ কিলোমিটাৰ উত্তৰ-পূবত।

৬.৯ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প, ৬০ জনৰ মৃত্যু, আহত বহু লোক...

ফিলিপাইনছত ভূমিকম্প

Updated On: 

01 Oct 2025 | 09:22 AM

প্ৰবল ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইনছ। কম্পন ইমানেই ভয়াৱহ আছিল যে চেবু চহৰত হোৱা ধ্বংসলীলাৰ দৃশ্য অতি ভয়াৱহ। এই ভূমিকম্পৰ ফলত ৬০ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে বহু লোক। মঙলবাৰে চেবু চহৰৰ উপকূলত সংঘটিত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৯।

উদ্ধাৰ অভিযান অব্যাহত থকাৰ সময়তে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ভূমিকম্পৰ ফলত এটা শিলৰ গীৰ্জা ধ্বংস হোৱাৰ লগতে কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়। ভূমিকম্প  অভিকেন্দ্ৰ চেবু প্ৰদেশৰ বগো চহৰৰ পৰা ১৭ কিলোমিটাৰ উত্তৰ-পূবত।

ইয়াৰ পিছতে চেবু প্ৰদেশৰ ডানবান্টায়ান চহৰত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা। ফিলিপাইনছ বিশ্বৰ অন্যতম দুৰ্যোগ প্ৰৱণ দেশ। ই প্ৰশান্ত মহাসাগৰৰ “ৰিং অৱ ফায়াৰ”ৰ ভিতৰত অৱস্থিত, যিটো ভূমিকম্পীয় ফল্ট লাইন। ইয়াত প্ৰতি বছৰে আমফান আৰু ঘূৰ্ণীবতাহও সংঘটিত হয়।

সাগৰৰ জলপৃষ্ঠৰ দ্ৰুত পৰিৱৰ্তন

ফিলিপাইনছৰ ভূমিকম্পবিজ্ঞান সংস্থা ফিলভলক্সে ভূমিকম্পৰ পিছত হোৱা আফটাৰশ্বক আৰু ক্ষতিৰ সতৰ্কবাণী জাৰি কৰিছে। সোঁত আৰু সাগৰৰ জলপৃষ্ঠৰ দ্ৰুত পৰিৱৰ্তনৰ সতৰ্কবাণীও প্ৰদান কৰিছে সংস্থাটোৱে। সাধাৰণতে বাসিন্দাসকলক অস্বাভাৱিক ঢৌৰ বাবে সজাগ হ’বলৈ পৰামৰ্শ দিয়া হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশত দুটাকৈ বৃহৎ ভূমিকম্প সংঘটিত হৈছিল যদিও কোনো লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ অহা নাছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব