আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব ড’নাল্ড ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্পে মিচিগানত এখন সমাৱেশত দিয়া ভাষণত অতি সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বুলি উল্লেখ কৰিছে । এই সমাৱেশত ট্ৰাম্পে ভাৰতৰ বাণিজ্য নীতিক সমালোচনা কৰে যদিও প্ৰধানমন্ত্ৰী মোদীক এজন 'আচৰিত' ব্যক্তি আখ্যা দি প্ৰশংসাও কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব ড’নাল্ড ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Published: 

18 Sep 2024 | 11:05 AM

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মিচিগানত এখন সমাৱেশত দিয়া ভাষণত অতি সোনকালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বুলি উল্লেখ কৰিছে । এই সমাৱেশত ট্ৰাম্পে ভাৰতৰ বাণিজ্য নীতিক সমালোচনা কৰে যদিও প্ৰধানমন্ত্ৰী মোদীক এজন ‘আচৰিত’ ব্যক্তি আখ্যা দি প্ৰশংসাও কৰে। ট্ৰাম্পে কয়, ‘অহা সপ্তাহত মোক লগ কৰিবলৈ আহি আছে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ।’

প্ৰধানমন্ত্ৰী মোদীয়ে এই সপ্তাহত আমেৰিকাৰ ডেলাৱেৰৰ উইলমিংটন ভ্ৰমণ কৰি কোৱাডৰ শীৰ্ষ-সন্মিলন(Quad Summit)ত অংশগ্ৰহণ কৰিব। উইলমিংটন হৈছে ৰাষ্ট্ৰপতি জো বাইডেনৰ গৃহ চহৰ আৰু ইয়াত কোৱাড বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ও এই বৈঠকত অংশগ্ৰহণ কৰিব।

ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আমেৰিকা কোৱাডৰ সদস্য। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ ক্ৰমবৰ্ধমান হস্তক্ষেপ প্ৰতিহত কৰিবলৈ কোৱাড গঠন কৰা হৈছে। ২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী মোদী। প্ৰথমে তেওঁ ডেলাৱেৰৰ উইলমিংটনলৈ যাব, য’ত তেওঁ কোৱাড শীৰ্ষ-সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত প্ৰবাসী ভাৰতীয়ৰ এখন সভাত ভাষণ দিব বুলি জানিব পৰা গৈছে । ইয়াৰ পিছত তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অংশগ্ৰহণ কৰিব।

২২ ছেপ্টেম্বৰত প্ৰবাসী ভাৰতীয়ৰ সমাৱেশত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে আমেৰিকাৰ আগশাৰীৰ কোম্পানীসমূহৰ চিইঅ’সকলৰ সৈতেও মত বিনিময় কৰাৰ সম্ভাৱনা আছে ।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে