পাকিস্তানৰ কু-কাণ্ড! দিল্লীৰ বিস্ফোৰণত জড়িত থকাৰ কথা স্বীকাৰ POK ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ…

ভাৰতবৰ্ষই পাহৰিব নোৱাৰা এটা দিন ১০ নৱেম্বৰ। এই দিনটোতে দিল্লীৰ লালকিল্লাৰ সমীপত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। কিন্তু এই সন্দৰ্ভত এতিয়া POK ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে।

পাকিস্তানৰ কু-কাণ্ড! দিল্লীৰ বিস্ফোৰণত জড়িত থকাৰ কথা স্বীকাৰ POK ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ...

দিল্লীৰ বোমা বিস্ফোৰণ

Published: 

19 Nov 2025 | 09:42 PM

লালকিল্লাৰ সমীপত সংঘটিত হোৱা বোমা বিস্ফোৰণ কাণ্ডত জড়িত আছিল পাকিস্তান! এই কথা স্বীকাৰ কৰিছে পাকিস্তানৰ এজন নেতাই। উল্লেখ্য যে, যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বোমা বিস্ফোৰণৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। এখন বাহনত হোৱা বোমা বিস্ফোৰণৰ ফলত ১৩ জনৰ মৃত্যু আৰু কেইবাজনো আহত হৈছিল। এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰায় ৮ দিন পাছতেই পাকিস্তানী নেতাই স্বীকাৰ কৰিছে যে, এই আক্ৰমণত দেশখন জড়িত আছে।

পাকিস্তান অধীকৃত কাশ্মীৰ (POK)ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে POK বিধানসভাত কয় যে, ”মই ইতিমধ্যে কৈছে যে যদি আপুনি (ভাৰত) বেলুচিস্তানক ৰক্তাক্ত কৰি থাকে তেন্তে আমি লালকিল্লাৰ পৰা কাশ্মীৰৰ জংঘললৈ ভাৰতক আক্ৰমণ কৰিম। আমাৰ শ্বাহীনে তেনেকুৱাই কৰিছে। প্ৰৱেশ কৰি হত্যা কৰিলে আৰু তেওঁলোকে এতিয়াও মৃতদেহ গণি শেষ কৰিব পৰা নাই”।

উল্লেখ্য যে, আনোৱাৰুল হকক দুদিন পূৰ্বে অনাস্থা প্ৰস্তাৱৰ জৰিয়তে প্ৰধানমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা হৈছিল। হকৰ এই মন্তব্য সন্দৰ্ভত এতিয়ালৈক পাকিস্তানে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই যদিও দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে ভাৰতৰ সৈতে যুদ্ধৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। আঞ্চলিক উত্তেজনাৰ মাজতে পাকিস্তানে সতৰ্ক হৈ থকা বুলি উল্লেখ কৰিছে। ইফালে ভাৰতে সদায় কৈ আহিছে যে বেলুচিস্তানৰ হিংসাৰ সৈতে ভাৰতৰ কোনো সম্পৰ্ক নাই।

এতিয়া হকৰ মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ভাৰত চৰকাৰে ১০ নৱেম্বৰৰ ঘটনাটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বুলি মানি লৈছে। এতিয়ালৈকে তদন্তত পোহৰলৈ আহিছে যে, ডাঃ ওমৰে এই আত্মঘাতী বিস্ফোৰণ সংঘটিত কৰিছিল। বৰ্তমান এই সমগ্ৰ বিষয়টো সন্দৰ্ভত এন আই এ তদন্ত কৰি আছে। ইফালে ফৰেন্সিকৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে,এই বিস্ফোৰণৰ কাৰণ এমোনিয়াম নাইট্ৰেট ইন্ধন তেল (এএনএফঅ’) আৰু অন্যান্য উচ্চ বিস্ফোৰক সামগ্ৰী। গতিকে তদন্তত আৰু কি কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

 

অন্য খবৰ পঢ়কঃ জুবিন ক্ষেত্ৰত সুৰাপান কৰি যোৱা আৰু মদ ঢলাসকলক চোঁচৰাই নি গ্ৰেপ্তাৰ কৰা হ’বঃ মুখ্যমন্ত্ৰী

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব