ঘূৰ্ণীবতাহৰ তাণ্ডৱ! ৩৩০ জনতকৈ অধিক লোকৰ মৃত্যু, লাখ লাখ লোক গৃহহীন

শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে দিটৱাহা ঘূৰ্ণীবতাহে।  যাৰ ফলত৩৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে, গৃহহীন হৈ পৰিছে লাখ লাখ লোক।  জৰুৰীকালীন অৱস্থা ঘোষণা কৰি আন্তঃৰাষ্ট্ৰীয় সহায় বিচাৰিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু বায়ুসেনাক নিয়োগ কৰি তাৎক্ষণিক সহায় আগবঢ়ায়।

ঘূৰ্ণীবতাহৰ তাণ্ডৱ! ৩৩০ জনতকৈ অধিক লোকৰ মৃত্যু, লাখ লাখ লোক গৃহহীন

শ্ৰীলংকাত দিটৱাহ ঘূৰ্ণীবতাহৰ বিধ্বংসী ৰূপ

Updated On: 

01 Dec 2025 08:21 AM

শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে দিটৱাহ ঘূৰ্ণীবতাহে। এই পৰ্যন্ত বান আৰু ভূমিস্খলনৰ ফলত ৩৩০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰু বহু লোক সন্ধানহীন হৈ আছে। এই ঘূৰ্ণীবতাহৰ ফলত শ্ৰীলংকাক ভয়াৱহভাৱে বিধ্বস্ত কৰাৰ লগতে লাখ লাখ লোক গৃহহীন হৈ পৰিছে। শ্ৰীলংকাৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ (ডিএমচি)ৰ তথ্য অনুসৰি দিতৱাহত আক্ৰান্ত হৈছে ৯ লাখ ৯৮ হাজাৰ ৯১৮ জন লোক।

ভাৰত মহাসাগৰৰ পৰা উৎপত্তি হোৱা শক্তিশালী ঘূৰ্ণীবতাহ দিটৱাহই শুকুৰবাৰে দেশৰ পূব উপকূলত স্থলপথত প্ৰৱেশ কৰি প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰে। ৰাজধানী কলম্বোৰ কেলানি নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত বানৰ সৃষ্টি হয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে শনিবাৰে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰি আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে আবেদন জনায়।

 শ্ৰীলংকালৈ সাহায্য প্ৰেৰণ ভাৰতৰ

শ্ৰীলংকা চৰকাৰে বহিঃৰাজ্যত বাস কৰা নাগৰিকসকলক অনুদানৰ বাবে আহ্বান জনায়। ইয়াৰ পিছতে ভাৰতে তৎক্ষণাত চুবুৰীয়া দেশখনলৈ সাহায্য প্ৰেৰণ কৰে। ভাৰতীয় বায়ুসেনাৰ দুখন বিমানে কলম্বোলৈ সাহায্য সামগ্ৰী যোগান ধৰে। এন ডি আৰ এফ আৰু আই এ এফৰ জোৱানসকলে শ্ৰীলংকা কৰ্তৃপক্ষক জীৱন ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিবলৈ যুদ্ধৰ ভিত্তিত কাম কৰি আছে।

ভাৰতে অপাৰেচন সাগৰ বন্ধৰ অধীনত ৮০ জন এন ডি আৰ এফ জোৱানৰ দুটা অনুসন্ধান আৰু উদ্ধাৰ দল শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাত হোৱা বিধ্বংসী পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে, ভাৰতে সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ সাজু। আমেৰিকাই বিশ্ব খাদ্য কাৰ্যসূচী (WFP)ৰ জৰিয়তেও সহায় আগবঢ়াইছিল। আমেৰিকাৰ ৰাষ্ট্ৰদূত জুলি চাঙে টুইট কৰি কয় যে, আমি শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে থিয় দিছো।

শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ দিটৱাহৰ ফলত কলম্বো বিমানবন্দৰত আবদ্ধ হৈ থকা ৩২০ জনতকৈ অধিক ভাৰতীয় নাগৰিকক দেওবাৰে নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হয়। শ্ৰীলংকাৰ ভাৰতীয় উচ্চায়ুক্তই আই এ এফ আৰু অন্যান্য সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰি ইয়াৰ বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আবদ্ধ হৈ থকা ৩২৩ জন ভাৰতীয়ক উলিয়াই অনাৰ সুবিধা প্ৰদান কৰে।

যৌন সংগমৰ ফলত গুপ্তাংগত সংক্ৰমণ হ'ব পাৰে নেকি? জানক বিশেষজ্ঞই কি কয়
প্ৰতিদিনে খালী পেটত তুলসী পাত চোবালে কি লাভ হয়? জানক সকলো...
এই ৫টা অভ্যাসে প্ৰভাৱিত কৰে পুৰুষৰ প্ৰজনন ক্ষমতাক! জানক সকলো...
কেঁচা পিঁয়াজ খোৱাটো ভাল নে বেয়া ? খালে কি হয় ? জানক
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী
বিজেপিক চৰকাৰে ভূমি আবণ্টন দিয়াক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া
মন্ত্ৰী বিমল বড়াক কটাক্ষ অখিল গগৈৰ