Cyclone Ditwah: মৃত্যুৰ সংখ্যা ১৫০ অতিক্ৰম! ভাৰত অভিমুখে কালঘূৰ্ণী ‘দিটৱাহ’…

শ্ৰীলংকাৰ প্ৰশাসনিক বিষয়াসকলে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিক জনাইছিল যে, তীব্ৰ বতৰ আৰু ঘূৰ্ণীবতাহৰ বাবে ভাঙি তচনচ হৈছে ১৫ হাজাৰৰো অধিক বাসগৃহ। গৃহহীন হৈছে ৭৮ হাজাৰ লোক । সাহায্য শিবিৰত আশ্ৰয় লৈছে বহু লোকে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যুদ্ধকালীন অভিযানত নিয়োগ কৰা হৈছে সেনা-আৰক্ষীক।

Cyclone Ditwah: মৃত্যুৰ সংখ্যা ১৫০ অতিক্ৰম! ভাৰত অভিমুখে কালঘূৰ্ণী ‘দিটৱাহ’...

Cyclone Ditwah

Updated On: 

30 Nov 2025 | 05:25 PM

অধিক ভয়ংকৰ হোৱা দিশে আগবাঢ়িছে পৰিস্থিতি।  ইয়াক হয়তো মৃত্যুদূত বুলি ক’লেও ভুল নহ’ব। ইতিমধ্যে ভাৰতৰ দ্বীপ ৰাষ্ট্ৰৰ কাষ পাইছেহি কালঘূৰ্ণী । শ্ৰীলংকাত মিনিটৰ পিছত মিনিট বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ঘূৰ্ণীবতাহ ‘দিটৱাহ’ৰ বাবে ১৫৩ জন লোকৰ মৃত্যু হৈছে। ১৭৬ জন লোক সন্ধানহীন হোৱা তথ্য। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে শ্ৰীলংকা চৰকাৰে।

শনিবাৰে শ্ৰীলংকাৰ প্ৰশাসনিক বিষয়াসকলে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এ এফ পিক জনাইছিল যে, তীব্ৰ বতৰ আৰু ঘূৰ্ণীবতাহৰ বাবে ভাঙি তচনচ হৈছে ১৫ হাজাৰৰো অধিক বাসগৃহ। গৃহহীন হৈছে ৭৮ হাজাৰ লোক । সাহায্য শিবিৰত আশ্ৰয় লৈছে বহু লোকে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ যুদ্ধকালীন অভিযানত নিয়োগ কৰা হৈছে সেনা-আৰক্ষীক।

এই দুৰ্যোগত আপোন ঘৰটো হেৰুৱালে কলম্বোৰ পৰা ২০ কিলোমিটাৰ নিলগৰ মালৱানা অঞ্চলৰ বাসিন্দা মল্লিকা কুমাৰীয়ে। শুকুৰবাৰে অহা ঘূৰ্ণীবতাহৰ ফলত কেলানী নদীৰ পানীয়ে উটুৱাই লৈ যায় তেওঁৰ বাসগৃহ। তিনিটা সন্তানক লৈ নিজৰ জীৱন ৰক্ষাৰ বাবে পথলৈ ৰাওনা হয় তেওঁ। কিন্তু সকলো বাট-পথ পানীৰে উপচি পৰিছিল। কেৱল মল্লিকাই নহয়, তেওঁৰ ওচৰ-চুবুৰীয়াৰ ৫৫৪ জন লোক গৃহহীন হৈছে।

মল্লিকাই কয় যে, “আমি টিভিত বানৰ বাতৰি চাই আছিলো। তেওঁলোকে কৈছিল যে, সমগ্ৰ দেশতে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু মই কল্পনাও কৰিব পৰা নাছিলো যে বিপদটোৱে মোক ইমান সোনকালে আঘাত কৰিব। আমি একো খোৱা নাই। আমাৰ দুটা সন্তান জ্বৰত আক্ৰান্ত আছে। তেওঁলোকক ঔষধ দিছো। মই বহুত চিন্তিত।”

ইফালে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত  জাৰি কৰা হৈছে সতৰ্কবাণী। কেইবাঠাইতো বৰষুণ আৰম্ভ হৈছে। তামিলনাডুৰ একাংশ জিলাৰ বাবেও ৰেড এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শ্ৰীলংকাৰ উপকূলৰ পৰা উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে ‘দিটৱাহ’ ঘূৰ্ণীবতাহ। দেওবাৰে পুৱালৈকে তামিলনাডু-পুডুচেৰী আৰু দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ সমীপত স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...