শত্ৰু নে বন্ধু? মোদীক সাক্ষাৎ কৰাৰ আগতে কি ক’লে চীনৰ বৈদেশিক মন্ত্ৰীয়ে…

উন্নত হোৱাৰ দিশে ভাৰত-চীনৰ সম্পৰ্ক। দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ভাৰতত উপস্থিত হৈছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। এছ জয়শংকৰৰ সৈতে বৈঠকত মিলি হোৱাৰ পাছতে আদি মোদীক সাক্ষাৎ কৰিব তেওঁ।

শত্ৰু নে বন্ধু? মোদীক সাক্ষাৎ কৰাৰ আগতে কি কলে চীনৰ বৈদেশিক মন্ত্ৰীয়ে...

চীন-ভাৰত

Published: 

19 Aug 2025 10:15 AM

বৰ্তমান ভাৰত ভ্ৰমণত আছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছতে চীনৰ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হয়। এই সময়চোৱাত দুয়ো বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। ৱাং য়িয়ে কয় যে, দুয়ো পক্ষই ৭৫ বছৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা উচিত। সঠিক ৰণকৌশল অৱলম্বন কৰা উচিত। ইয়াৰোপৰি তেওঁ কয় যে, আমি ইজনে আনজনক প্ৰতিদ্বন্দ্বি বা ভাবুকি হিচাপে গণ্য কৰাৰ বিপৰীতে অংশীদাৰ হিচাপে চোৱা উচিত।

ৱাঙে আৰু কয় যে, দুই মহান পূৰ্বীয় সভ্যতাৰ পুনৰুজ্জীৱনে ইটোৱে সিটোক শক্তিশালী কৰিব। ই এছিয়া আৰু সমগ্ৰ বিশ্বতে নিশ্চয়তা আৰু স্থিৰতা কঢ়িয়াই আনিব। ৱাঙে আৰু কয় যে, চীন আৰু ভাৰতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে ইতিবাচক কাৰ্যকলাপবোৰ মজবুত কৰা উচিত। আজিৰ বিশ্ব দ্ৰুতগতিত পৰিবৰ্তন হৈছে। এক পক্ষীয় দাদাগিৰিৰ প্ৰথা বৃদ্ধি পাইছে আনহাতে মুক্ত বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাই গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত এছ জয়শংকৰে ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধিৰ মাজত ২৪ সংখ্যক ৰাউণ্ডৰ আলোচনাক আদৰণি জনায়। তেওঁ কয় যে, ইয়ে আমাক দ্বিপাক্ষিক সম্পৰ্কক সম্পূৰ্ণ আৰু পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰে। বিশ্বৰ পৰিস্থিতি আৰু পাৰস্পৰিক স্বাৰ্থৰ বাবে কিছুমান দিশৰ ওপৰত আলোচনাৰ প্ৰয়োজন। জানিব পৰা মতে, এই বৈঠকত দুই দেশৰ অৰ্থনৈতিক, বাণিজ্য, তীৰ্থযাত্ৰা, সীমান্ত, বাণিজ্য, সংযোগ আদিকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

আজি চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এন এছ এ অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হ’ব। এই সময়চোৱাত তেওঁ সীমা সম্পৰ্কীয় আলোচনাত মিলিত হ’ব। ৱাং আৰু ডোভাল সীমান্ত আলোচনাৰ বাবে মনোনীত বিশেষ প্ৰতিনিধি। আজি এই বৈঠক পুৱা ১১ বজাত অনুষ্ঠিত হ’ব। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ চনৰ ডিচেম্বৰত ডোভালে চীন ভ্ৰমণ কৰিছিল। ইয়াৰ পাছতে ৱাঙে সন্ধিয়া ৫.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব ।

ভাৰতৰ ৩ মুখ্য সমস্যা সমাধান

সূত্ৰ অনুসৰি, এই বৈঠকত চীনে ভাৰতৰ তিনিটা ডাঙৰ সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰীক জনায় যে সাৰ, আপুৰুগীয়া ধাতু আৰু সুৰংগ নিৰ্মাণ মেচিনৰ যোগানৰ দিশটোত গুৰুত্ব দিব চীনে। উল্লেখ্য যে, বিগত কেইটামান দিনত ভাৰত-চীনে সম্পৰ্ক উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। ইয়াৰোপৰি কিছুদিন পাছত চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গতিকে এই পদক্ষেপে দুই দেশৰ সম্পৰ্কত কি প্ৰভাৱ পেলাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

 

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক সহায় কৰিছিল! চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ…

এইপৰ্যন্ত এছিয়া কাপ জয় কৰিছে এইকেইজন ভাৰতীয় অধিনায়কে, তালিকাত নাম সংযোজিত হ’বনে সূৰ্যৰ?
গণেশ চতুৰ্থী কেতিয়া? জানক তাৰিখ, পূজাৰ শুভ সময় আদি সকলো...
১০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব এই ৩ ৰাশিৰ লোকৰ জীৱনলৈ...
ওখ গাৰুত শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, অজানিতে মাতি আনিছে বিপদ