ভাৰতৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ আগ্ৰহী চীন

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, ভাৰত আৰু চীনে বিশ্বাস আৰু সহযোগিতাৰে সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব । যাতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালীভাৱে আগুৱাই নিব পাৰে ।

ভাৰতৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ আগ্ৰহী চীন

প্ৰধানমন্ত্ৰী মোডীৰ মন্তব্যৰ পাছতে চীনৰ প্ৰতিক্ৰিয়া

Updated On: 

12 Apr 2024 | 04:38 PM

সীমান্ত বিবাদৰ মাজতে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সঠিকভাৱে বজাই ৰখাত গুৰুত্ব আৰোপ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, ভাৰত আৰু চীনে বিশ্বাস আৰু সহযোগিতাৰে সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব । যাতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালীভাৱে আগুৱাই নিব পাৰে ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডয়ে চীন আৰু ভাৰতৰ সীমা বিবাদৰ সমস্যা বুজাবুজিৰে সমাধান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল । লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছিল যে, দুয়োখন দেশৰ সম্পৰ্ক সমগ্ৰ বিশ্বৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

ইফালে, সীমা বিবাদ সন্দৰ্ভত চীনৰ মুখপাত্ৰ মাও নিঙে লগতে কয় যে, দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সঠিকভাৱে পৰিচালিত আৰু অক্ষুণ্ণ ৰাখিব লাগে। দুয়োখন দেশৰ কূটনীতিবিদসকলে ইজনে সিজনৰ লগত এই সম্পৰ্কৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে ।

দুয়োখন দেশে একেলগে কাম কৰাৰ ক্ষেত্ৰত চীনে গুৰুত্ব আৰোপ কৰি আহিছে । দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে মতানৈক্য সমাধান কৰাটো দুয়োখন দেশৰ বাবে অতি প্ৰয়োজনীয় বুলি স্পষ্টভাৱে কয় মিঙে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...