ভাৰতৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ আগ্ৰহী চীন

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, ভাৰত আৰু চীনে বিশ্বাস আৰু সহযোগিতাৰে সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব । যাতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালীভাৱে আগুৱাই নিব পাৰে ।

ভাৰতৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ আগ্ৰহী চীন

প্ৰধানমন্ত্ৰী মোডীৰ মন্তব্যৰ পাছতে চীনৰ প্ৰতিক্ৰিয়া

Updated On: 

12 Apr 2024 16:38 PM

সীমান্ত বিবাদৰ মাজতে ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সঠিকভাৱে বজাই ৰখাত গুৰুত্ব আৰোপ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে। দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গৰাকীয়ে কয় যে, ভাৰত আৰু চীনে বিশ্বাস আৰু সহযোগিতাৰে সমস্যা সমাধানৰ বাবে কাম কৰিব লাগিব । যাতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালীভাৱে আগুৱাই নিব পাৰে ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডয়ে চীন আৰু ভাৰতৰ সীমা বিবাদৰ সমস্যা বুজাবুজিৰে সমাধান কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰিছিল । লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছিল যে, দুয়োখন দেশৰ সম্পৰ্ক সমগ্ৰ বিশ্বৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

ইফালে, সীমা বিবাদ সন্দৰ্ভত চীনৰ মুখপাত্ৰ মাও নিঙে লগতে কয় যে, দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক সঠিকভাৱে পৰিচালিত আৰু অক্ষুণ্ণ ৰাখিব লাগে। দুয়োখন দেশৰ কূটনীতিবিদসকলে ইজনে সিজনৰ লগত এই সম্পৰ্কৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছে ।

দুয়োখন দেশে একেলগে কাম কৰাৰ ক্ষেত্ৰত চীনে গুৰুত্ব আৰোপ কৰি আহিছে । দ্বিপাক্ষিক সম্পৰ্কক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে মতানৈক্য সমাধান কৰাটো দুয়োখন দেশৰ বাবে অতি প্ৰয়োজনীয় বুলি স্পষ্টভাৱে কয় মিঙে ।

বৃদ্ধি নহয় ব্লাড চুগাৰ! খাদ্য খোৱাৰ পূৰ্বে কৰক এই কাম...
ঘৰত কেতিয়াও নহ'ব ধনৰ অভাৱ, মাত্ৰ কৰক এই কাম!
হ্ৰাস পাব বৃক্ক ৰোগৰ সম্ভাৱনা! মাত্ৰ খাবলৈ আৰম্ভ কৰক এই ৫বিধ খাদ্য...
ৰাষ্ট্ৰপতি পুটিনৰ দেশ ৰাছিয়াত হিন্দুৰ সংখ্যা কিমান ?
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা