পাকিস্তানক সহায় কৰিছিল! চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ…

চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ। এই কথাৰ এক প্ৰকাৰ বিৰোধিতা কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে এই চীনে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানক সহায় কৰিছিল।

পাকিস্তানক সহায় কৰিছিল! চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কংগ্ৰেছৰ...

জয়ৰাম ৰমেশ

Published: 

18 Aug 2025 | 03:17 PM

চীনৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ বিৰোধিতা কংগ্ৰেছৰ। সোমবাৰ (১৮ আগষ্ট) য়ে দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হয় চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। এই সময়চোৱাত তেওঁ মঙলবাৰে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। এই সাক্ষাতৰ সময়ত দুই দেশৰ সীমা বিবাদ আৰু দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি তেওঁ বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু এন এছ এ অজিত ডোভালৰ সৈতেও বৈঠকত মিলিত হ’ব। কিন্তু চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণত অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছে।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আজি ভাৰতত উপস্থিত হৈছে। এই ভ্ৰমণ এনে এক সময়ত হৈছে, য’ত শেহতীয়াকৈ অপাৰেশ্যন সেন্দূৰৰ সময়ত চীনে পাকিস্তানক সামৰিক সহায় আগবঢ়াইছিল। সেই সময়ত চীনৰ পৰা পাকিস্তানে জে-১০চি যুদ্ধ বিমান, পি এল-১৫ এয়াৰ টু এয়াৰ মিছাইল আৰু বহুতো আধুনিক মিছাইল আৰু ড্ৰোন লাভ কৰিছিল।

তেওঁ আৰু লিখে যে,উপ-সেনা মুৰব্বী ফটেনেণ্ট জেনেৰেল ৰাহুল আৰ সিঙে যোৱা ৪ জুলাইত কৈছিল যে, চীনে ভাৰতৰ বিৰুদ্ধে পাকিস্তানক লাইভ ইনটেলিজেন্সো প্ৰদান কৰিছিল। অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতে যুঁজি থকা “বিৰোধী”সকলৰ ভিতৰত চীনও আছে। ইয়াৰোপৰি চীনে ইয়াৰলুং ছাংপো নদীত ৬০ গিগাৱাটৰ মেডগ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে, যাৰ প্ৰভাৱ ভাৰতৰ পৰিব পাৰে।

তেওঁ আৰু কয়, ভাৰতীয় সেনাৰ ইচ্ছা আছে যে ২০২০ চনৰ এপ্ৰিলৰ স্থিতি বাহাল থাকক। কিন্তু চৰকাৰে ২০২৪ চনৰ অক্টোবৰ মাহত চীনৰ সৈতে “বিচ্ছিন্নতা” চুক্তিত সন্মতি প্ৰকাশ কৰিছিল, যাৰ অধীনত ভাৰতীয় টহলদাৰী বাহিনীয়ে এতিয়া দেপছাং, ডেমচোক আৰু চুছুলত থকা টহলদাৰী স্থানত উপনীত হ’বলৈ চীনৰ সন্মতি ল’ব লাগিব। ভাৰতৰ দাবী কৰা ৰেখাৰ ভিতৰত পৰে গালৱান, হট স্প্ৰিং আৰু পাংগং ট্ছ’তো “বাফাৰ জ’ন” স্থাপনৰ বাবেও ভাৰতে সন্মতি প্ৰকাশ কৰিছে।

তেওঁ আৰু লিখে- ২০২০ চনৰ ১৯ জুনত প্ৰধানমন্ত্ৰী মোদীয়ে চীনক ৰাজহুৱাভাৱে দিয়া  ক্লীন চিটৰ মূল্য ভাৰতে দি আছে। তেওঁ কৈছিল, কোনোৱে আমাৰ ভূখণ্ডত প্ৰৱেশ কৰা নাই, কোনোৱে অনুপ্ৰৱেশ কৰা নাই। মোদীৰ এই মন্তব্য কাপুৰুষৰ দৰে, ইয়াৰোপৰি তেওঁ ২০২০ চনৰ জুন মাহত গালৱানত শ্বহীদ হোৱা ২০ জন ভাৰতীয় জোৱানৰ বলিদানকো অসন্মান কৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ পোনে পোনে যাব পাৰিব চীনলৈ! ভাৰতৰ সৈতে ডাঙৰ সিদ্ধান্ত লোৱাৰ দিশে চুবুৰীয়া ৰাষ্ট্ৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...