মাৰ্চমেলো কংক্ৰিটঃ বিমান দুৰ্ঘটনা ৰোধ কৰিবলৈ চীনৰ নতুন প্ৰযুক্তি…

বিমান দুৰ্ঘটনা ৰোধ কৰিবলৈ চীনা উদ্ভাৱন কৰিছে এক নতুন প্ৰযুক্তি। ইয়াৰ নাম মাৰ্চমেলো কংক্ৰিট। ইয়াৰ ৮০ শতাংশ অংশত মাত্ৰ বায়ু আছে অৰ্থাৎ ইয়াৰ ঘনত্ব অতি কম।

মাৰ্চমেলো কংক্ৰিটঃ বিমান দুৰ্ঘটনা ৰোধ কৰিবলৈ চীনৰ নতুন প্ৰযুক্তি...

চীন

Published: 

09 Jul 2025 22:02 PM

সমগ্ৰ বিশ্বত বিমান দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। কেতিয়াবা কাৰিকৰী বিজুতি, বতৰৰ সমস্যা, ৰাণৱেত সমস্যা আদি বিভিন্ন কাৰণত বিমান জৰুৰী অৱতৰণ কৰিবলগীয়া হয়, আৰু তেনে সময়তে বেছিভাগ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ চীনৰ বৈজ্ঞানিকে এনে এক প্ৰযুক্তি উদ্ভাৱন কৰিছে যিয়ে এই দুৰ্ঘটনাসমূহৰ পৰা বহু পৰিমাণে বিমানসমূহক ৰক্ষা কৰিব।

চীনৰ চাইনা বিল্ডিং মেটেৰিয়েলছ একাডেমী(CBMA) আৰু অসামৰিক বিমান বিজ্ঞান আৰু প্ৰযুক্তি একাডেমীয়ে যৌথভাৱে প্ৰস্তুত কৰিছে এক অনন্য মাৰ্চমেলো কংক্ৰিট (marshmallow concrete) । ই এনে এক প্ৰযুক্তি, যি লঘু, পাতল আৰু আঘাতক শোষণ কৰিব পাৰে।

কি এই মাৰ্চমেলো কংক্ৰিট ?

ই এক বিশেষ ধৰণৰ ফোম কংক্ৰিট, যাৰ ৮০ শতাংশ অংশত মাত্ৰ বায়ু আছে অৰ্থাৎ ইয়াৰ ঘনত্ব অতি কম। প্ৰতি ঘনমিটাৰত মাত্ৰ ২০০ কিলোগ্ৰাম। সাধাৰণ কংক্ৰিটতকৈ ই ১০ গুণ পাতল। কিন্তু ইয়াৰ বিশেষত্ব হ’ল ১০০ টন ওজনৰ বিমানৰ দৰে গধুৰ বস্তু এটাই যেতিয়া ইয়াৰ লগত খুন্দা মাৰে, তেতিয়া ই কোনো ডাঙৰ অঘটন নঘটাকৈ ইয়াৰ লাহে লাহে ৰখাব পাৰে।

জৰুৰী অৱতৰণ

আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি প্ৰতিটো ৰাণৱেত ক’মেও ৯০ মিটাৰ নিৰাপত্তা অঞ্চলৰ প্ৰয়োজন। এতিয়ালৈকে এনে ঠাইত মাটি, ঘাঁহ বা পানীৰ দৰে প্ৰাকৃতিক দ্ৰৱ ব্যৱহাৰ কৰা হৈছিল। কিন্তু এইবোৰৰ পৰাও বিপদ আছে। পানী জমা হোৱাৰ দৰে জীৱ-জন্তু আহিব পাৰে আৰু বতৰ অনুসৰি মাটি দুৰ্বল হ’ব পাৰে। এতিয়া চীনে এই ‘মাৰ্চমেলো কংক্ৰিট’ ৰাণৱেৰ শেষ অংশত প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে যাতে বিমানখন অৱতৰণ কৰাৰ সময়ত পিছলি গ’লেও লাহে লাহে ৰৈ যাব পাৰে। ইয়াৰ ফলত বিমানখন ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে। জুই, ধ্বংস বা বিস্ফোৰণ নোহোৱাকৈ ই অৱতৰণ কৰিব পাৰিব।

কেনেকৈ প্ৰস্তুত হয়

এই কংক্ৰিটৰ শক্তি বেছি নহয় যদিও অতি ভাৰসাম্যপূৰ্ণ। সাধাৰণতে কংক্ৰিট যিমানেই শক্তিশালী হয় সিমানেই ভাল বুলি ধৰা হয়। কিন্তু ই বিপৰীত। ইয়াৰ শক্তি কম কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা বিধৰ। ইয়াক এনেকৈ নিৰ্মাণ কৰা হৈছে যাতে আঘাত কৰিলে লাহে লাহে ভাঙি যায়। এই ফোম কংক্ৰিট প্ৰস্তুত কৰিবলৈ বিজ্ঞানীসকলে ইয়াত পানীৰ বুৰবুৰণি ভৰাই দিয়ে। ইয়াক মজবুত কৰিবলৈ ৰ’জিন ভিত্তিক (Rosin-Based )বায়ু এজেণ্ট ব্যৱহাৰ কৰিছে, যিয়ে বুৰবুৰণিৰ তৰপটোৰ কবচৰ দৰে হৈ পৰে।

সস্তীয়া

উল্লেখ্য যে, চীনৰ এই প্ৰযুক্তি অতি সস্তীয়া। ই সহজে উপলব্ধ চিমেন্টেৰে তৈয়াৰী। এই কাৰণেই ক্ষুদ্ৰ আৰু মজলীয়া বিমানবন্দৰৰ বাবেও ই অৰ্থনৈতিকভাৱে লাভজনক। এই প্ৰযুক্তি বৰ্তমান চীনৰ ১৪টা বিমানবন্দৰত স্থাপন কৰা হৈছে। তিব্বতৰ নিয়িংচি বিমানবন্দৰৰ পৰা পোৱা তথ্য অনুসৰি এবছৰৰ পাছতো এই কংক্ৰিটৰ শক্তি মাত্ৰ ৩% হ্ৰাস পাইছে। আনহাতে ডিজাইন অনুসৰি ১০% পৰ্যন্ত হ্ৰাস পাইছে।

 

অন্য খবৰ পঢ়কঃ আমেৰিকাত প্ৰাণ গ’ল ৪ ভাৰতীয়ৰ! গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কংকাল…

প্ৰতিদিনে ব্লেক কফি খালে কি হয়? জানি আচৰিত হ'ব আপুনি...
প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ হালধীয়া… ই কি ৰোগৰ লক্ষণ?
Sawan 2025: শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে জীৱনৰ সকলো বাধা!
গুৰু পূৰ্ণিমাৰ সময়ত কি কৰিব লাগে, কি নালাগে, জানক...