চীনত শোকাৱহ দুৰ্ঘটনা, বাছৰ খুন্দাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সহ ১১ জনৰ মৃত্যু, আহত ১৩ জন

সূত্ৰ অনুসৰি, পুৱা ৭:৩০ বজাৰ ঠিক আগতে পূব প্ৰদেশ শ্বেণ্ডঙৰ টাইয়ান চহৰৰ এখন বিদ্যালয়ৰ মূল গেটত থিয় হৈ আছিল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক। এই সময়তে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যালয়ৰ মূল গেটত ৰৈ থকা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক খুন্দ মাৰে । এই ঘটনাত ৬ গৰাকী অভিভাৱক আৰু ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।

চীনত শোকাৱহ দুৰ্ঘটনা, বাছৰ খুন্দাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সহ ১১ জনৰ মৃত্যু, আহত ১৩ জন

প্ৰতীকী ফটো

Published: 

03 Sep 2024 17:31 PM

পূব চীনত সংঘটিত হৈছে এক শোকাৱহ বাছ দুৰ্ঘটনা । সূত্ৰৰ খবৰ অনুসৰি, মঙলবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১৩ জন লোক গুৰুতৰভাৱে আহত হৈছে । আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে । সূত্ৰ অনুসৰি, পুৱা ৭:৩০ বজাৰ ঠিক আগতে পূব প্ৰদেশ শ্বেণ্ডঙৰ টাইয়ান চহৰৰ এখন বিদ্যালয়ৰ মূল গেটত থিয় হৈ আছিল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক। এই সময়তে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যালয়ৰ মূল গেটত ৰৈ থকা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক খুন্দ মাৰে । এই ঘটনাত ৬ গৰাকী অভিভাৱক আৰু ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।

তদন্ত আৰম্ভ আৰক্ষীৰ

ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্ত বাছ চালকজনক আটক কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ মতে, ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়াৰ বাবে ভাড়াতীয়া এখন বাছে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যালয়ৰ গেটখনত খুন্দ মাৰে । বৰ্তমানে এই ঘটনাটো এটা দুৰ্ঘটনা হয় নে নহয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ।

ইয়াৰ আগতেও সংঘটিত হৈছে এই ধৰণৰ ঘটনা

উল্লেখ্য যে, এই ধৰণৰ ঘটনা ইয়াৰ পূৰ্বেও চীন সংঘটিত হৈছে । যোৱা জুন মাহত জিয়াংছু প্ৰদেশৰ এখন স্কুলৰ বাছ ষ্টপত আক্ৰমণ সংঘটিত হৈছিল। এজন ব্যক্তিয়ে বাছ ষ্টপটোক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছিল । এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰভাৱে আহত হৈছিল।

মাৰ্চ মাহতো শ্বানডং প্ৰদেশৰ ডেঝৌ চহৰৰ এখন কনিষ্ঠ বিদ্যালয়ৰ বাহিৰত এজন লোকে আক্ৰমণ সংঘটিত কৰিছিল । এই ঘটনাত দুজন লোকৰ মৃত্যু বিপৰীতে ৬ জন লোক আহত হৈছিল।

পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক
ভিটামিন Cৰ অভাৱৰ ফলত শৰীৰত দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...