চীনত শোকাৱহ দুৰ্ঘটনা, বাছৰ খুন্দাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সহ ১১ জনৰ মৃত্যু, আহত ১৩ জন

সূত্ৰ অনুসৰি, পুৱা ৭:৩০ বজাৰ ঠিক আগতে পূব প্ৰদেশ শ্বেণ্ডঙৰ টাইয়ান চহৰৰ এখন বিদ্যালয়ৰ মূল গেটত থিয় হৈ আছিল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক। এই সময়তে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যালয়ৰ মূল গেটত ৰৈ থকা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক খুন্দ মাৰে । এই ঘটনাত ৬ গৰাকী অভিভাৱক আৰু ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।

চীনত শোকাৱহ দুৰ্ঘটনা, বাছৰ খুন্দাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সহ ১১ জনৰ মৃত্যু, আহত ১৩ জন

প্ৰতীকী ফটো

Published: 

03 Sep 2024 | 05:31 PM

পূব চীনত সংঘটিত হৈছে এক শোকাৱহ বাছ দুৰ্ঘটনা । সূত্ৰৰ খবৰ অনুসৰি, মঙলবাৰে পুৱা সংঘটিত এই দুৰ্ঘটনাত ১১ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১৩ জন লোক গুৰুতৰভাৱে আহত হৈছে । আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হয় বুলি জানিব পৰা গৈছে । সূত্ৰ অনুসৰি, পুৱা ৭:৩০ বজাৰ ঠিক আগতে পূব প্ৰদেশ শ্বেণ্ডঙৰ টাইয়ান চহৰৰ এখন বিদ্যালয়ৰ মূল গেটত থিয় হৈ আছিল ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক। এই সময়তে এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যালয়ৰ মূল গেটত ৰৈ থকা অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক খুন্দ মাৰে । এই ঘটনাত ৬ গৰাকী অভিভাৱক আৰু ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়।

তদন্ত আৰম্ভ আৰক্ষীৰ

ঘটনাৰ তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ অভিযুক্ত বাছ চালকজনক আটক কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ মতে, ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়াৰ বাবে ভাড়াতীয়া এখন বাছে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যালয়ৰ গেটখনত খুন্দ মাৰে । বৰ্তমানে এই ঘটনাটো এটা দুৰ্ঘটনা হয় নে নহয় সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ।

ইয়াৰ আগতেও সংঘটিত হৈছে এই ধৰণৰ ঘটনা

উল্লেখ্য যে, এই ধৰণৰ ঘটনা ইয়াৰ পূৰ্বেও চীন সংঘটিত হৈছে । যোৱা জুন মাহত জিয়াংছু প্ৰদেশৰ এখন স্কুলৰ বাছ ষ্টপত আক্ৰমণ সংঘটিত হৈছিল। এজন ব্যক্তিয়ে বাছ ষ্টপটোক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছিল । এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন লোক গুৰুতৰভাৱে আহত হৈছিল।

মাৰ্চ মাহতো শ্বানডং প্ৰদেশৰ ডেঝৌ চহৰৰ এখন কনিষ্ঠ বিদ্যালয়ৰ বাহিৰত এজন লোকে আক্ৰমণ সংঘটিত কৰিছিল । এই ঘটনাত দুজন লোকৰ মৃত্যু বিপৰীতে ৬ জন লোক আহত হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...