খেলা-ধূলা কৰাৰ অধিকাৰ নাই মহিলাৰ; ফুটবল খেলৰ মাজতেই মৌলবাদীৰ ভয়ংকৰ কাণ্ড

এইবাৰ মহিলাক ফুটবল খেলাত বাধা প্ৰদান মৌলবাদীৰ । খেল বন্ধ কৰাৰ বাবে আক্ৰমণ চলোৱাৰো অভিযোগ । পৰ্দাপ্ৰথা মানি চলিবলৈ বাধ্য কৰা হৈছে মহিলাক ।

খেলা-ধূলা কৰাৰ অধিকাৰ নাই মহিলাৰ; ফুটবল খেলৰ মাজতেই মৌলবাদীৰ ভয়ংকৰ কাণ্ড

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

30 Jan 2025 19:46 PM

ৰাজনৈতিক হিংসাত জৰ্জৰিত বাংলাদেশত এতিয়াও সম্পূৰ্ণৰূপে শান্তিৰ বাতাৱৰণ ঘূৰি অহা নাই । তাৰ মাজতে এক নতুন সমস্যাই দেখা দিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত । বাংলাদেশত পুনৰ বাংলাদেশীৰ হুংকাৰ । মহিলাৰ ওপৰত জাপি দিয়া হৈছে এটাৰ পাছত আন এটা কঠোৰ নিয়ম ।

এইবাৰ মহিলাক ফুটবল খেলাত বাধা প্ৰদান কৰা হৈছে বাংলাদেশত । খেল বন্ধ কৰাৰ বাবে আক্ৰমণ চলোৱাৰো অভিযোগ । পৰ্দাপ্ৰথা মানি চলিবলৈ বাধ্য কৰা হৈছে মহিলাক । এইদৰে খেলাধুলা কৰাৰ অধিকাৰ মহিলাৰ নাই বুলি দাবী মৌলবাদীৰ ।

এই ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ জয়পুৰহাটৰ আক্কেলপুৰ উপজিলাত । মঙলবাৰে তিলকপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলি আছিল মহিলাৰ ফুটবল প্ৰতিযোগিতা । সেই সময়তে একাংশ লোকে আহি চৌহদৰ টিঙৰ বেৰাবোৰ ভাঙি পেলায় । লণ্ড-ভণ্ড কৰাৰ এই দৃশ্য বন্দী হৈ ৰয় কেমেৰাত ।

আক্কেলপুৰ থানাৰ অ’চি আনিছুৰ ৰহমানে জনায় যে এই ঘটনাৰ কোনো অভিযোগ তেওঁ লাভ কৰা নাই । স্থানীয় বাসিন্দাই জনোৱা মতে, এটা স্থানীয় ক্লাৱৰ উদ্যোগত বিগত ডেৰ মাহ ধৰি চলি আছিল এই মহিলা ফুটবল টুৰ্ণামেন্ট । খেল উপভোগৰ বাবে ধাৰ্য কৰা হৈছিল টিকট । মঙলবাৰে ফাইনেল মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা এখন প্ৰীতি মেচৰ সময়তে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা । একাংশ লোকে খেলপথাৰৰ চৌহদত স্থাপন কৰা টিঙৰ বেৰাবোৰ ভাঙি পেলায় ।

ভাইৰেল ভিডিঅ’টোত আক্ৰমণৰ পূৰ্বে আক্ৰমণকাৰীয়ে মহিলাৰ খেলাৰ কোনো অধিকাৰ নাই বুলি দাবী কৰা শুনিবলৈ পোৱা হৈছে ।

উল্লেখ্য যে মঃ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে শাসনভাৰ লোৱাৰ পাছতেই বাংলাদেশত মহিলাসকল বজাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰি জাৰি কৰা হৈছিল ফটোৱা । সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল মহিলাক ।

শনি দেৱৰ পূজাত নকৰিব এই ৩ টা বস্তুৰ ব্যৱহাৰ, নহ’লে পৰিব বিপদত!
দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা