খেলা-ধূলা কৰাৰ অধিকাৰ নাই মহিলাৰ; ফুটবল খেলৰ মাজতেই মৌলবাদীৰ ভয়ংকৰ কাণ্ড

এইবাৰ মহিলাক ফুটবল খেলাত বাধা প্ৰদান মৌলবাদীৰ । খেল বন্ধ কৰাৰ বাবে আক্ৰমণ চলোৱাৰো অভিযোগ । পৰ্দাপ্ৰথা মানি চলিবলৈ বাধ্য কৰা হৈছে মহিলাক ।

খেলা-ধূলা কৰাৰ অধিকাৰ নাই মহিলাৰ; ফুটবল খেলৰ মাজতেই মৌলবাদীৰ ভয়ংকৰ কাণ্ড

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

30 Jan 2025 | 07:46 PM

ৰাজনৈতিক হিংসাত জৰ্জৰিত বাংলাদেশত এতিয়াও সম্পূৰ্ণৰূপে শান্তিৰ বাতাৱৰণ ঘূৰি অহা নাই । তাৰ মাজতে এক নতুন সমস্যাই দেখা দিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত । বাংলাদেশত পুনৰ বাংলাদেশীৰ হুংকাৰ । মহিলাৰ ওপৰত জাপি দিয়া হৈছে এটাৰ পাছত আন এটা কঠোৰ নিয়ম ।

এইবাৰ মহিলাক ফুটবল খেলাত বাধা প্ৰদান কৰা হৈছে বাংলাদেশত । খেল বন্ধ কৰাৰ বাবে আক্ৰমণ চলোৱাৰো অভিযোগ । পৰ্দাপ্ৰথা মানি চলিবলৈ বাধ্য কৰা হৈছে মহিলাক । এইদৰে খেলাধুলা কৰাৰ অধিকাৰ মহিলাৰ নাই বুলি দাবী মৌলবাদীৰ ।

এই ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ জয়পুৰহাটৰ আক্কেলপুৰ উপজিলাত । মঙলবাৰে তিলকপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলি আছিল মহিলাৰ ফুটবল প্ৰতিযোগিতা । সেই সময়তে একাংশ লোকে আহি চৌহদৰ টিঙৰ বেৰাবোৰ ভাঙি পেলায় । লণ্ড-ভণ্ড কৰাৰ এই দৃশ্য বন্দী হৈ ৰয় কেমেৰাত ।

আক্কেলপুৰ থানাৰ অ’চি আনিছুৰ ৰহমানে জনায় যে এই ঘটনাৰ কোনো অভিযোগ তেওঁ লাভ কৰা নাই । স্থানীয় বাসিন্দাই জনোৱা মতে, এটা স্থানীয় ক্লাৱৰ উদ্যোগত বিগত ডেৰ মাহ ধৰি চলি আছিল এই মহিলা ফুটবল টুৰ্ণামেন্ট । খেল উপভোগৰ বাবে ধাৰ্য কৰা হৈছিল টিকট । মঙলবাৰে ফাইনেল মেচৰ পূৰ্বে অনুষ্ঠিত হোৱা এখন প্ৰীতি মেচৰ সময়তে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা । একাংশ লোকে খেলপথাৰৰ চৌহদত স্থাপন কৰা টিঙৰ বেৰাবোৰ ভাঙি পেলায় ।

ভাইৰেল ভিডিঅ’টোত আক্ৰমণৰ পূৰ্বে আক্ৰমণকাৰীয়ে মহিলাৰ খেলাৰ কোনো অধিকাৰ নাই বুলি দাবী কৰা শুনিবলৈ পোৱা হৈছে ।

উল্লেখ্য যে মঃ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে শাসনভাৰ লোৱাৰ পাছতেই বাংলাদেশত মহিলাসকল বজাৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰি জাৰি কৰা হৈছিল ফটোৱা । সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল মহিলাক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...