অট্টালিকা ধ্বংস -১১ জনৰ মৃত্যু, খালী কৰা হৈছে কমলা হেৰিছৰ ঘৰ…কেলিফৰ্ণিয়া বনজুইৰ ভয়াবহ ৰূপ

এই অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত ১১ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । যোৱা ৪ দিন ধৰি জ্বলি থকা এই জুই প্ৰায় ৪০ হাজাৰ একৰ ভূমিত বিয়পি পৰিছে। ইয়াৰে ২৯ হাজাৰ একৰ ভূমি সম্পূৰ্ণৰূপে এই বনজুইত জাহ গৈছে ।

অট্টালিকা ধ্বংস -১১ জনৰ মৃত্যু, খালী কৰা হৈছে কমলা হেৰিছৰ ঘৰ...কেলিফৰ্ণিয়া বনজুইৰ ভয়াবহ ৰূপ

আমেৰিকাৰ বনজুই

Updated On: 

11 Jan 2025 | 02:52 PM

আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যৰ লছ এঞ্জেলছত সংঘটিত বনজুইৰ ফলত ৰাতিটো ৰাজপথত আশ্ৰয় ল’বলগীয়া হৈছে সাধাৰণ ৰাইজে । এই অগ্নিকাণ্ডত কেইবাহাজাৰ লোকৰ ঘৰ ভস্মীভূত হোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকল ৰাজপথত আৰু সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে । এই অগ্নিকাণ্ডৰ ফলত এই পৰ্যন্ত ১১ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে । যোৱা ৪ দিন ধৰি জ্বলি থকা এই জুই প্ৰায় ৪০ হাজাৰ একৰ ভূমিত বিয়পি পৰিছে। ইয়াৰে ২৯ হাজাৰ একৰ ভূমি সম্পূৰ্ণৰূপে এই বনজুইত জাহ গৈছে । জানিব পৰা এই বনজুই কেলিফৰ্ণিয়াৰ বসতি স্থানলৈকে বিয়পি পৰিছে । হলিউড হিলছত বসবাস কৰা চেলিব্ৰেটিয়ে ঘৰ এৰি যাবলৈ বাধ্য হৈছে বুলি খবৰ প্ৰকাশ পাইছে । ইয়াৰ উপৰিও কোটি কোটি মূল্যৰ বহু অভিনেতাৰ ঘৰ ভস্মীভূত হৈছে ।

চান্টা আনা বতাহৰ গতি যিমানেই বৃদ্ধি পাইছে, তাৰ জুইৰ দিশও সমান গতিক সলনি হৈ আছে। যাৰ বাবে বৃহৎ জনসংখ্যাৰ বসবাস কৰা অঞ্চলসমূহ জুইত জাহ হৈছে । একে সময়তে লছ এঞ্জেলছৰ ছানচেট বলিভাৰ্ডত জুইৰ শিখাই আগুৰি ধৰিছে। এই বতাহৰ গতি বৃদ্ধি পোৱাৰ বাবে এই বনজুই ভয়াৱহ হৈ পৰিছে বুলি ধাৰণ কৰা হৈছে ।

কেলিফৰ্ণিয়াৰ অগ্নিকাণ্ডৰ ফলত পেৰিছ হিল্টন, টম হেংকছ, ষ্টিভেন স্পিলবাৰ্গৰ দৰে চেলিব্ৰিটিৰ ঘৰ ভস্মিভূত হৈছে । এই অগ্নিকাণ্ডত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ঘৰো খালী কৰা হৈছে। একে সময়তে ৰাষ্ট্ৰপতি জো বাইডেনে ইটালী ভ্ৰমণও বাতিল কৰিছে খবৰ প্ৰকাশ পাইছে । এই অগ্নিকাণ্ডই আমেৰিকাক বেয়াকৈ প্ৰভাৱিত কৰিছে। বীমা কোম্পানীসমূহেও বৃহৎ লোকচানৰ সন্মুখীন হৈছে । ইয়াৰ কাৰণ এই অঞ্চলত ঘৰৰ দাম ৬ মিলিয়ন ডলাৰৰ পৰা ২ কোটি ১০ লাখ ডলাৰলৈকে আৰু তথ্য অনুসৰি, এতিয়ালৈকে বীমা কোম্পানীসমূহে ২০ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছে। যিটো ২০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কেলিফৰ্ণিয়াত অগ্নিকাণ্ডত জাহ গৈছে প্ৰায় ১০ হাজাৰ অট্টালিকা। কেৱল লছ এঞ্জেলছ পেলিছাডেছ অঞ্চলত ৫৩০০ৰো অধিক অট্টালিকা ধ্বংস হয়। বৰ্তমান ৬০ হাজাৰৰো অধিক অট্টালিকা এই অগ্নিকাণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈছে । কেলিফৰ্ণিয়াৰ জুই নিৰ্বাপনৰ বাবে কানাডাই ছুপাৰ স্কুপাৰ নামৰ চি এল-৪১৫ বিমান প্ৰেৰণ কৰিছে। ছুপাৰ-স্কুপাৰ বিমান হৈছে অগ্নিনিৰ্বাপক বিমান, য’ত ১৫০০ গেলন পৰ্যন্ত পানী জমা কৰাৰ ক্ষমতা থাকে। ইফালে, কেলিফৰ্ণিয়াৰ জুইৰ ধোঁৱা মহাকাশৰ পৰাও দেখা গৈছে । নাছাৰ আৰ্থ অবজাৰ্ভেটৰীয়েও ইয়াৰ এখন ছবি প্ৰকাশ কৰিছে। য’ত জুইৰ ভয়ানক ৰূপ দেখা যায়।

হেলিকপ্টাৰ আৰু বিমানেৰে জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও প্ৰচণ্ড বতাহৰ বাবে বিভিন্ন স্থানত জুই বিয়পি পৰিছে। ঘণ্টাত প্ৰায় ১৬০ কিলোমিটাৰ বেগেৰে অঞ্চলটোত প্ৰচণ্ড বতাহ বলিছে, যাৰ বাবে জুই নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব