বাঘৰ মূত্ৰই নিৰাময় কৰে বাত বিষ! ৬০০ টকাত বিক্ৰী হয় এটা বটল, ক’ত জানক…

এখন স্থানীয় চিৰিয়াখানা শৰীৰত বাত বিষ অৰ্থাৎ আৰ্থ্ৰাইটিছ সম্পৰ্কীয় একাধিক ৰোগ নিৰাময় কৰিবলৈ বটলযুক্ত বাঘৰ মূত্ৰ বিক্ৰী কৰি আহিছে।  চিৰিয়াখানা কৰ্তৃপক্ষই দাবী কৰে যে শৰীৰত যিকোনো ধৰণৰ পেশীৰ বিষ বা বাত বিষ নিৰাময় কৰিবলৈ এই মূত্ৰ বগা ৱাইন আৰু আদাৰ সৈতে মিহলি কৰিলে বিষ অনুভৱ হোৱা ঠাইত লগালে ই যাদুৰ দৰে কাম কৰে। 

বাঘৰ মূত্ৰই নিৰাময় কৰে বাত বিষ! ৬০০ টকাত বিক্ৰী হয় এটা বটল, কত জানক...

বাঘৰ মূত্ৰই নিৰাময় কৰিব বাত বিষ!

Updated On: 

30 Jan 2025 18:25 PM

বাঘৰ মূত্ৰই নিৰাময় কৰিব পাৰে বাত বিষ। অৱশ্যে এই দাবী আমাৰ নহয়, এখন চিৰিয়াখানা কৰ্তৃপক্ষৰে। তেওঁলোকে কেৱল দাবী কৰিয়ে শাান্ত থকা নাই। এইখন চিৰিয়াখানাত বিক্ৰী কৰা হৈছে বাঘৰ মূত্ৰ। হয়তো জানি আচৰিত হৈছে আপুনি, কিন্তু এয়াই সচা।  বটলত ভৰাই বিক্ৰী  কৰা হয় এই মূত্ৰ। যাৰ দাম ৬০০ টকা।

এই ঘটনাটো দক্ষিণ চীনৰ চিচুয়ান প্ৰদেশৰ। দেশখনৰ এখন স্থানীয় চিৰিয়াখানা শৰীৰত বাত বিষ অৰ্থাৎ আৰ্থ্ৰাইটিছ সম্পৰ্কীয় একাধিক ৰোগ নিৰাময় কৰিবলৈ বটলযুক্ত বাঘৰ মূত্ৰ বিক্ৰী কৰি আহিছে।  ২৫০ গ্ৰাম চাইবেৰিয়ান বাঘৰ মূত্ৰৰ দাম ৫০ চীনা মুদ্ৰা বা ভাৰতীয় হিচাপত প্ৰায় ৬০০ টকা।

চিৰিয়াখানা কৰ্তৃপক্ষই দাবী কৰে যে শৰীৰত যিকোনো ধৰণৰ পেশীৰ বিষ বা বাত বিষ নিৰাময় কৰিবলৈ এই মূত্ৰ বগা ৱাইন আৰু আদাৰ সৈতে মিহলি কৰিলে বিষ অনুভৱ হোৱা ঠাইত লগালে ই যাদুৰ দৰে কাম কৰে।  কিছুসময়ৰ ভিতৰতে বিষৰ পৰা সকাহ পাব। লগতে তেওঁলোকে দাবী কৰে যে কিছুমান লোকে বিচাৰিলে এই মূত্ৰ খাব পাৰে, কিন্তু তেনে ক্ষেত্ৰত যদি তেওঁলোকৰ কোনো পাৰ্শ্বক্ৰিয়া থাকে, সেইবাবে ইয়াক নোখোটোৱেই ভাল।

 

এই মূত্ৰ কেনেদৰে সংগ্ৰহ কৰা হয়?

সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, চিৰিয়াখানাৰ এজন কৰ্মচাৰীয়ে দাবী কৰিছে যে, বাঘৰ পিঞ্জৰাৰ পৰা এই মূত্ৰ সংগ্ৰহ কৰা হয়। তাৰ পিছত বটলত ভৰাই বিক্ৰী কৰা হয়। অৱশ্যে, বিক্ৰীৰ আগতে কোনো বীজাণুমুক্তকৰণ প্ৰক্ৰিয়া কৰা হয় নে নহয় এই বিষয়ে তেওঁ কোনো তথ্য় প্ৰকাশ নাই। কৰ্মচাৰীজনে এইটোও কয় যে কৰ্তব্যৰত বিক্ৰেতাসকলে গোটেই দিনটোত দুটা বা তিনিটা বটল মূত্ৰ বিক্ৰী কৰে।

বাঘৰ মূত্ৰ সম্পৰ্কে চিকিৎসক মহল মতামত

ইফালে বাঘৰ মূত্ৰক পৰম্পৰাগত চীনা ঔষধ হিচাপে বিক্ৰীক লৈ উদ্বেগ প্ৰকাশ কৰিছে চিকিৎসকে। তেওঁলোকে দাবী কৰে যে চীনা পৰম্পৰা বা বিজ্ঞানৰ দ্বাৰা প্ৰমাণিত নোহোৱা কোনো বস্তু বিক্ৰী কৰাটো সঠিক নহয়। অৱশ্যে, ঔষধ হিচাপে বাঘৰ মূত্ৰ বিক্ৰীক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত, চিৰিয়াখানা কৰ্তৃপক্ষই কয় যে তেওঁলোকে সঠিক অনুমোদন বা চিকিৎসা অনুজ্ঞাপত্ৰৰ সৈতে এই মূত্ৰ বিক্ৰী কৰি আছে।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...