নদীৰ মাজভাগত উলটিল ফুটবল খেলুৱৈ ভৰ্তি নাও, মৃত্যু ২৫ জনৰ…

এক ভয়ংকৰ ঘটনা। ফুটবল খেলুবৈ কঢ়িয়াই অনা এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত প্ৰায় ২৫ জন লোকৰ মৃত্যু হয় আৰু সন্ধানহীন হয় বহুতো।

নদীৰ মাজভাগত উলটিল ফুটবল খেলুৱৈ ভৰ্তি নাও, মৃত্যু ২৫ জনৰ...

প্ৰতীকি ফটো

Published: 

11 Mar 2025 08:12 AM

এক ভয়ংকৰ নাও দুৰ্ঘটনা। নদীৰ মাজভাগত ফুটবল খেলুৱৈ ভৰ্তি নাও এখন উলটি পৰাৰ ফলত বৰ্তমানলৈকে প্ৰায় ২৫ জন লোকৰ মৃত্যু হয় আৰু এতিয়াও বহু সন্ধানহীন হৈ আছে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ-পশ্চিম কংগোত। কাংগোৰ বিভাগীয় কৰ্তৃপক্ষই সোমবাৰে এই তথ্য প্ৰদান কৰি কয় যে, নিশা হোৱা এই দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে। এই সন্দৰ্ভত প্ৰাদেশিক মুখপাত্ৰ এলেক্সিছ মপুটুৱে জনাই যে একাংশ লোকে দেওবাৰে নিশা মাই-ণ্ডোম্বে প্ৰদেশৰ মুছি চহৰত খেলৰ পৰা উভতি আহি আছিল, তেতিয়াই খেলুৱৈকেইজনক কঢ়িয়াই নিয়া নাও নদীত দুৰ্ঘটনাগ্ৰস্ত হয়।

মপুটুৰ মতে নিশাৰ ভাগত পথ ভালদৰে দেখা নোপোৱা এই দুৰ্ঘটনাৰ কাৰণ হ’ব পাৰে। মুছি অঞ্চলৰ স্থানীয় প্ৰশাসক ৰেনেকাল কোৱাটিবাই জনোৱা মতে, এই ঘটনাৰ পাছত ৩০ জন লোকক উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে, মধ্য আফ্ৰিকাৰ দেশখনত প্ৰায়ে এনে ধৰণৰ মৰ্মান্তিক নাও দুৰ্ঘটনা দেখিবলৈ পোৱা যায়। নাৱসমূহত অত্যাধিক বোজা কঢ়িয়াই নিয়া বা অন্ধকাৰ ইয়াৰ কাৰণ হৈ পৰে। এনে দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বিভিন্ন ব্যৱস্থা হাতত লৈ আহিছে যদিও এতিয়ালৈকে সফল হোৱা নাই।

প্ৰায়ে হয় নাও দুৰ্ঘটনা

প্ৰায়ে কাংগোত নাও দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। এই অঞ্চলত যাতায়তৰ মূল পদ্ধতি হৈছে নদীৰ মাজেৰে যাত্ৰা কৰা। দেশৰ অধিকাংশ পথৰ অৱস্থা অতি বেয়া বা ব্যৱহাৰ কৰিব নোৱাৰা। ইয়াৰোপৰি দৰিদ্ৰ জনতাই গাড়ীৰ ভাড়া বহন কৰিব নোৱাৰে, যাৰ বাবে অধিকাংশ লোকে বিপদসংকুলভালে নাৱৰে যাত্ৰা কৰে। এই নাৱবোৰত সাধাৰণতে প্ৰয়োজনকৈ বেছি বস্তু উঠায়। ইয়াত মানুহৰ লগতে বহু সংখ্যক বস্তু বাহিনী ভৰ্তি কৰে, যাৰ ভৰ নাৱসমূহে সহ্য কৰিব নোৱাৰে। ইয়াৰোপৰি পোহৰৰ অভাৱ আৰু সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ বাবে নিশাৰ ভাগত নাও চলোৱাত অসুবিধা হয় আৰু এনে দুৰ্ঘটনা প্ৰায়ে সংঘটিত হয়। উল্লেখ্য যে, নাওৰ সুৰক্ষা সন্দৰ্ভত চৰকাৰৰ কোনো কঠোৰ নিৰীক্ষণ নাই, যাৰ ফলত দুৰ্ঘটনা বৃদ্ধি পায়।

কংগোত যোৱা কেইবছৰমানৰ পৰা নাও দুৰ্ঘটনাত শ শ লোকৰ মৃত্যু হৈছে। পথৰ অভাৱত মানুহে নদীৰ কাষেৰে যাত্ৰা কৰে যদিও অসুৰক্ষিত নাৱে যাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে। চৰকাৰে সামুদ্ৰিক সুৰক্ষাৰ নিয়ম বলবৎ কৰাৰ চেষ্টা চলাইছে যদিও তথাপিও প্ৰতি বছৰে এনে দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে। দৰিদ্ৰ এই দেশখনত নাও দুৰ্ঘটনা যে অতি সাধাৰণ কথা।

 

ক'ল্ড ড্ৰিংকছৰ বটলত পানী খালে কি কি ক্ষতি হ'ব পাৰে? জানক
জীৱনলৈ ভাল দিন আহিলে কি কি সংকেতে দেখা দিয়ে? জানক...
বিকলাংগ সন্তান কিয় জন্ম হয়? ক'লে প্ৰেমানন্দ মহাৰাজে...
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈয়ে ধন আহেনে? আৰু কি কি হয় জানক...