বাংলাদেশত উত্তপ্ত পৰিস্থিতিঃ বিখ্যাত সংগীতজ্ঞৰ কনচাৰ্টত চলিল আক্ৰমণ, শিক্ষাৰ্থীসহ আহত ২৫জন

অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু মুহূৰ্তৰ আগে আগে এটা দলে কনচাৰ্টস্থলীত বলপূৰ্বকভাৱে সোমাবলৈ চেষ্টা কৰে। ভিতৰত প্ৰৱেশৰ পিছতে এই লোকসকলে মঞ্চত ইটা আৰু শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে বুলি আয়োজকে উল্লেখ কৰে।

বাংলাদেশত উত্তপ্ত পৰিস্থিতিঃ বিখ্যাত সংগীতজ্ঞৰ কনচাৰ্টত চলিল আক্ৰমণ, শিক্ষাৰ্থীসহ আহত ২৫জন

বাংলাদেশ

Published: 

27 Dec 2025 14:34 PM

ৰাজনৈতিক পৰিস্থিতিয়ে সম্প্ৰতি উত্তপ্ত কৰি ৰাখিছে বাংলাদেশক। বিগত বৰ্ষত হোৱা ছাত্ৰ আন্দোলনৰ পিছত শেহতীয়াকৈ পুনৰ দেশখনত উত্তেজনাই বিৰাজ কৰিছে। এই ৰাজনৈতিক ঘটনাৱলীক লৈ চৰ্চা চলি থকাৰ সময়তে দেশখনত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। এই ঘটনা সংঘটিত হৈছা দেশখনৰ ফৰিদপুৰত। জিলাখনত অনুষ্ঠিত হোৱা দেশখনৰ এগৰাকী জনপ্ৰিয় ৰক সংগীতজ্ঞ জেমছৰ এটা কনচাৰ্টত চলিল ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত ১৫-২০জন ছাত্ৰ-ছাত্ৰীকে ধৰি কমেও ২৫জন লোক আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে।

এনে আক্ৰমণক বাহিৰৰ পৰা অহা লোকৰ আক্ৰমণ আখ্যা দি আয়োজকসকলে অনুষ্ঠান বাতিল কৰে। বিডিনিউজ২৪ৰ তথ্য অনুসৰি ফৰিদপুৰ জিলা বিদ্যালয়ত নিৰ্ধাৰিত অনুষ্ঠানটো চলি থকাৰ সময়তে এদল লোকে প্ৰৱেশ বঞ্চিত হোৱাৰ পিছত কনচাৰ্টস্থলীত জোৰকৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে আৰু মঞ্চত ইটা-শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে পৰিস্থিতিয়ে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফৰিদপুৰ জিলা বিদ্যালয়ৰ ১৮৫ বছৰীয়া জয়ন্তী উপলক্ষে এই কনচাৰ্ট আয়োজন কৰা হৈছিল। দুদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনা নিশা ৯ বজাত অনুষ্ঠিত হয় জেমছৰ সংগীতানুষ্ঠান। কিন্তু অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু মুহূৰ্তৰ আগে আগে এটা দলে কনচাৰ্টস্থলীত বলপূৰ্বকভাৱে সোমাবলৈ চেষ্টা কৰে।

ভিতৰত প্ৰৱেশৰ পিছতে এই লোকসকলে মঞ্চত ইটা আৰু শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে বুলি আয়োজকে উল্লেখ কৰে। পিছত নিশা ১০ বজাৰ ভিতৰত ফৰিদপুৰৰ উপ আয়ুক্তৰ নিৰ্দেশ অনুযায়ী, আয়োজক সমিতিয়ে শিল্পীগৰাকীৰ অনুষ্ঠান বাতিলৰ কথা ঘোষণা কৰে। আয়োজক সমিতিৰ বিষয়াসকলে এই হিংসাত্মক পৰিস্থিতিৰ বাবে কমেও ১৫ৰ পৰা ২০জন ছাত্ৰ-ছাত্ৰী আহত হোৱা বুলি সদৰী কৰিছে।

ৰক বেণ্ড ‘নগৰ বাউল’ৰ মুখ্য গায়ক জেমছ এগৰাকী প্ৰখ্যাত বাংলাদেশী সংগীতজ্ঞ। এইগৰাকী প্ৰখ্যাত গায়কৰ প্ৰকৃত নম হৈছে ফাৰুক মাহফুজ আনম। উল্লেখ্য যে বাংলাদেশৰ এই জনপ্ৰিয় গায়কজনে বলীউডৰ ছবি গেংষ্টাৰৰ জনপ্ৰিয় গীত ‘ভীগী ভীগী’ত কণ্ঠদানৰ কৰিছিল।

তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
শীতকালত প্ৰতিদিনে বিলাহীৰ চুপ খালে দেখিব শৰীৰৰ পৰিৱৰ্তন!
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...