সুপৰিকল্পিত আছিল বাংলাদেশৰ হিংসাত্মক আন্দোলন, আঁৰত হাত আছিল কাৰ?

শেহতীয়াকৈ ৰাছিয়াৰ সংবাদ মাধ্যম ৰাছিয়া টুডেক এক সাক্ষাৎকাৰ দিয়ে মহিবুল হাছান চৌধুৰীয়ে। সাক্ষাৎকাৰত তেওঁ কাৰ্যতঃ বাংলাদেশৰ ছাত্ৰ আন্দোলন সন্দৰ্ভত বিস্ফোৰণ ঘটায়। তেওঁ কয় যে ২০২৪ চনত বাংলাদেশত হোৱা প্ৰতিবাদৰ আঁৰত আছিল আমেৰিকা।

সুপৰিকল্পিত আছিল বাংলাদেশৰ হিংসাত্মক আন্দোলন, আঁৰত হাত আছিল কাৰ?

বাংলাদেশ আন্দোলনৰ ছবি

Published: 

10 Nov 2025 14:08 PM

স্বতঃস্ফূৰ্ত আন্দোলন নাছিল যোৱা বছৰ বাংলাদেশত সংঘটিত হিংসাত্মক আন্দোলন। অতি সু-পৰিকল্পিতভাৱে শ্বেখ হাছিনা চৰকাৰক উফৰাই পেলাবলৈ জন্ম দিয়া হৈছিল এই আন্দোলনৰ। শ্বেখ হাছিনাই নিজেই বহুবাৰ দাবী কৰিছে এই কথা। এতিয়া একে কথাই কৈছে বাংলাদেশৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়েও। এই ষড়যন্ত্ৰৰ আঁৰত কোন আছিল সেই কথাও তেওঁ প্ৰকাশ কৰে। বাংলাদেশৰ প্ৰাক্তন মন্ত্ৰী মহিবুল হাছান চৌধুৰীৰ এই সাক্ষাৎকাৰ এতিয়া ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

শেহতীয়াকৈ ৰাছিয়াৰ সংবাদ মাধ্যম ৰাছিয়া টুডেক এক সাক্ষাৎকাৰ দিয়ে মহিবুল হাছান চৌধুৰীয়ে। সাক্ষাৎকাৰত তেওঁ কাৰ্যতঃ বাংলাদেশৰ ছাত্ৰ আন্দোলন সন্দৰ্ভত বিস্ফোৰণ ঘটায়। তেওঁ কয় যে ২০২৪ চনত বাংলাদেশত হোৱা প্ৰতিবাদৰ আঁৰত আছিল আমেৰিকা। মাৰ্কিন চৰকাৰৰ এটা অলাভজনক সংস্থা আৰু ক্লিণ্টন পৰিয়াল আছিল এই হিংসাত্মক আন্দোলনৰ আঁৰত। তেওঁলোকে ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি, গায়ক, মৌলবাদী আৰু কিন্নৰক বিপুল পৰিমাণৰ ধন দি আন্দোলনত ইন্ধন যোগায় আৰু হাছিনা চৰকাৰক উফৰাই পেলায়।

মহিবুলে আৰু দাবী কৰে যে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে আমেৰিকা চৰকাৰৰ সৈতে হাত মিলাইছে। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তেওঁক ‘বিপজ্জনক’ বুলি অভিহিত কৰে। তেওঁ কয়, “বিশেষকৈ আমেৰিকাৰ কিছুমান এন জি অ’ USAIDৰ দৰে। ২০১৮ চনৰ পৰা আমাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলাই আহিছে।”

মন কৰিবলগীয়া যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (USAID) আমেৰিকা প্ৰশাসনৰ সৰ্ববৃহৎ মানৱীয় সাহায্য সংস্থা। যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইলন মাস্কক খৰচ হ্ৰাস আৰু দক্ষতা বৃদ্ধিৰ বাবে DOGE সৃষ্টি কৰিবলৈ কয়, তেতিয়া USAID আছিল মাস্কৰ প্ৰথম লক্ষ্য।

বাংলাদেশৰ আন্দোলন আৰু হাছিনা চৰকাৰৰ পতনত তেওঁলোকৰ কোনো ভূমিকা নাছিল বুলি আমেৰিকাই কৈ আহিছে। অৱশ্যে ইয়াৰ পূৰ্বেও একে অভিযোগ উত্থাপন কৰিছিল শ্বেখ হাছিনাই। ছেইণ্ট মাৰ্টিন দ্বীপ বিচাৰিছিল আমেৰিকাই। শ্বেখ হাছিনাই কৈছিল যে সেই প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবে চৰকাৰখনক ষড়যন্ত্ৰৰ দ্বাৰা ওফৰাই পেলোৱা হৈছিল। লগতে বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে বাংলাদেশক আমেৰিকাক বিক্ৰী কৰাৰো অভিযোগ উত্থাপন কৰে হাছিনাই।

মহিবুল হাছান চৌধুৰীয়ে সাক্ষাৎকাৰত কয় যে যোৱা বছৰৰ জুলাই মাহত যি আন্দোলন সংঘটিত হৈছিল, সেয়া অতি সুপৰিকল্পিত আছিল। তেওঁ দাবী কৰে, ‘ক্লিণ্টন পৰিয়াল আৰু ইউনুছ চৰকাৰৰ মাজত দীৰ্ঘদিনীয়া গোপন বুজাবুজি আছে। তেওঁলোকে বহু বছৰ ধৰি চৰকাৰ সলনি কৰিবলৈ চেষ্টা কৰিছিল। আগতে ৰাজহুৱা নাছিল যদিও এন জি অ’ৰ পুঁজিৰ কাম চলি আছিল। বাংলাদেশৰ চৰকাৰ সলনি কৰিবলৈ তেওঁলোকে হাহাকাৰ কৰিছিল।”

আমেৰিকাৰ পৰা অহা এই বৃহৎ ধন ক’লৈ গ’ল বুলিও প্রশ্ন উত্থাপন কৰে বাংলাদেশৰ প্রাক্তন মন্ত্রীগৰাকীয়ে ৷ বাংলাদেশৰ চৰকাৰ সলনিৰ বাবে এই ধন ব্যয় কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। এই ধনেৰে জুলাই-আগষ্ট মাহত হিংসাত্মক সংঘাতৰ ৰূপ লোৱা আন্দোলনৰ পৰিকল্পনা কৰা হৈছিল।

চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাওক এইসমূহ শাক-পাচলি...
চিৰাজৰ দৰেই DSP হ’ল এই দুগৰাকী বিশ্বজয়ী ক্ৰিকেটাৰ, ৰাজ্য চৰকাৰে দিলে নিযুক্তি
কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক...
কোনবোৰ চৰাই দেখাটো শুভ সংকেত? জানক...