ওছমান হাদীৰ মৃত্যুক লৈ পুনৰ জ্বলিছে বাংলাদেশ, তিনিটা বিশেষ দাবীয়ে শলঠেকত পেলাইছে ইউনুছক
শ্বৰীফ ওছমান হাদীৰ হত্যাকাৰীৰ ন্যায়কে ধৰি তিনিটা বিশেষ দাবী উত্থাপন কৰি নিশাটোৰ ভিতৰতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে ইনকিলাব মঞ্চই। শ্বাহবাগৰ এটা অংশ অৱৰোধ কৰি ইনকিলাব মঞ্চই প্ৰতিবাদ গঢ়ি তুলিছে।

বাংলাদেশত অব্যাহত উত্তেজনা
বিগত বৰ্ষত হোৱা ছাত্ৰ আন্দোলনে সলনি কৰি পেলাইছিল বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি। এই আন্দোলনৰ সময়ছোৱাত হিংসাত্মক পৰিস্থিতিয়ে দেশখনক জোকাৰি গৈছিল। শেহতীয়াকৈ পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশ। দেশখনৰ যুৱ নেতা ওছমান হাদীৰ হত্যাকাণ্ডৰ পিছৰে পৰা বাংলাদেশত পুনৰ উত্তেজনাই গা কৰি উঠিছে। যোৱা কিছুদিনত নানা হিংসাত্মক কাণ্ডৰ সাক্ষী হৈ পৰিছে দেশখন। এনে পৰিস্থিতিৰ মাজতে এতিয়া নতুন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ইনকিলাব মঞ্চই।
শ্বৰীফ ওছমান হাদীৰ হত্যাকাৰীৰ ন্যায়কে ধৰি তিনিটা বিশেষ দাবী উত্থাপন কৰি নিশাটোৰ ভিতৰতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে ইনকিলাব মঞ্চই। শ্বাহবাগৰ এটা অংশ অৱৰোধ কৰি ইনকিলাব মঞ্চই প্ৰতিবাদ গঢ়ি তুলিছে। মঞ্চৰ সম্পাদক আব্দুল্লা আল জাবেৰে ওছমান হাদীৰ হত্যাকাণ্ডৰ ন্যায় নোপোৱালৈকে আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰালৈকে অৱৰোধ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে।
ইকবাল মঞ্চৰ অৱৰোধ ঘোষণা
বাংলাদেশৰ শ্বাহবাগৰ এটা অংশ অৱৰোধ কৰিছে ইনকিলাব মঞ্চই। শ্বৰীফ ওছমান হাদীৰ হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ চলোৱাকে ধৰি তিনিটা কথাৰ দাবীত নিশাটোৰ ভিতৰতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদৰ উদ্দেশ্য হৈছে চৰকাৰক তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰা। শুকুৰবাৰে আব্দুল্লা আল জাবেৰে এই সন্দৰ্ভত কয়, “উছমান হাদীৰ হত্যাকাণ্ডৰ ন্যায় নোপোৱালৈকে তেওঁলোকে ৰাজপথ এৰি নাযায়।”
চৰকাৰী উপদেষ্টা ৰাইজৰ সন্মুখত হাজিৰ নোহোৱালৈকে শ্বাহবাগ এৰি নাযায় বুলিও হুংকাৰ দিছে ইনকিলাব মঞ্চৰ সম্পাদক আব্দুল্লা আল জাবেৰে। হত্যাকাণ্ডৰ দোষী, হত্যাকাৰী আৰু ভাৰতলৈ পলায়ন কৰাত সহায় কৰাসকলক গ্ৰেপ্তাৰ নকৰালৈকে তেওঁলোক ৰাজপথত থাকিব বুলিও স্পষ্ট কৰি দিছে ইনকিলাব মঞ্চৰ সম্পাদকগৰাকীয়ে।
কি কলে ওছমান হাদীৰ ভাতৃয়ে?
ওছমান হাদীৰ ভাতৃ ওমৰ বিন হাদীয়ে চৰকাৰে ওছমান হাদীৰ মৃত্যুৰ গোচৰ চলাবলৈ আগ্ৰহী নহয় বুলি অভিযো কৰিছে। তেওঁ লগতে হত্যাকাণ্ডৰ গোচৰ ৰুজু নহ’লে যমুনা অৱৰোধ কৰাৰো হুংকাৰো দিয়ে। যদি মুখ্য উপদেষ্টা ইউনুছৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হয় বা দেশৰ চোৰাংচোৱা সংস্থাই তেওঁলোকক সহায় নকৰে, তেতিয়া আন্তঃৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিযুক্তি দিব লাগে বুলিও ওমৰ বিন হাদীয়ে দাবী কৰে।