পুনৰ অশান্ত বাংলাদেশ! ভাৰতীয় উচ্চায়ুক্তৰ সমুখত ব্যাপক প্ৰতিবাদৰ জোৱাৰ

দিল্লীৰ পৰা শ্বেখ হাছিনাক ঘূৰাই অনাৰ দাবীত এই কট্টৰপন্থীসকলে উচ্চায়ুক্তালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতীয় উচ্চায়ুক্তৰ সমীপত দিল্লী আৰু ঢাকাৰ সম্পৰ্ক সন্দৰ্ভতো শ্লোগান প্ৰদৰ্শন কৰিছে প্ৰতিবাদকাৰীয়ে।

পুনৰ অশান্ত বাংলাদেশ! ভাৰতীয় উচ্চায়ুক্তৰ সমুখত ব্যাপক প্ৰতিবাদৰ জোৱাৰ

বাংলাদেশত প্ৰতিবাদ

Updated On: 

17 Dec 2025 | 05:09 PM

বাংলাদেশৰ ৰাজধানী ঢাকাৰ ভাৰতীয় উচ্চায়ুক্তালয়ৰ সমীপত আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। এই প্ৰতিবাদৰ নেতৃত্ব দিছে জুলাই বিদ্ৰোহত ভূমিকা গ্ৰহণ কৰা একাংশ যুৱক তথা এক জুলাই নামৰ এটা সংগঠনে। দিল্লীৰ পৰা শ্বেখ হাছিনাক ঘূৰাই অনাৰ দাবীত এই কট্টৰপন্থীসকলে উচ্চায়ুক্তালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰতীয় উচ্চায়ুক্তৰ সমীপত দিল্লী আৰু ঢাকাৰ সম্পৰ্ক সন্দৰ্ভতো শ্লোগান প্ৰদৰ্শন কৰিছে প্ৰতিবাদকাৰীয়ে।

দ্য ডেইলী ষ্টাৰৰ মতে, প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই বাংলাদেশ চৰকাৰে উচ্চায়ুক্তৰ বাহিৰত অধিক আৰক্ষী বাহিনী মোতায়েন কৰিছে। এই প্ৰতিবাদৰ বাবে ঢাকাৰ ইণ্ডিয়ান ভিছা চেণ্টাৰো বন্ধ হৈ পৰিছে। ভিছা চেণ্টাৰে এই তথ্য নিজৰ ৱেবছাইটত প্ৰকাশ কৰিছে।

হিংসাত্মক প্ৰতিবাদৰ সম্ভাৱনীয়তাৰ আগজাননী দি বুধবাৰে নতুন দিল্লীত থকা ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে বাংলাদেশৰ ৰাষ্ট্ৰদূতক মাতি আনে। ঢাকাত ভাৰত বিৰোধী অভিযান সন্দৰ্ভত বাংলাদেশৰ ৰাষ্ট্ৰদূতগৰাকীৰ ওচৰত ভাৰতে অসন্তুষ্টি প্ৰকাশ কৰে। ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তা সন্দৰ্ভতো নিৰ্দেশনা জাৰি কৰে।

ইউনুছৰ ভাষণৰ পিছত ঢাকাত প্ৰতিবাদ

মঙলবাৰে (১৬ ডিচেম্বৰ) বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দেশবাসীক সম্বোধন কৰে। এই ভাষণত ইউনুছে উল্লেখ কৰে যে শ্বেখ হাছিনাই নিৰ্বাচনৰ মাজভাগত ঢাকালৈ উভতি যাব বিচাৰে। ইয়াৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। বাংলাদেশ অস্থিৰ কৰি তুলিছে। শেহতীয়াকৈ ঢাকাত ওছমান হাদীৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতেও ইউনুছে শ্বেখ হাছিনাৰ সম্পৰ্ক স্থাপন কৰিছে। ইউনুছৰ এই বক্তব্যৰ পিছতে জুলাই আন্দোলনৰ একাংশ বিদ্ৰোহীয়ে ভাৰতীয় উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদৰ সাব্যস্ত কৰা দেখা গৈছে।

উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা ভাবুকি

উল্লেখ্য যে বাংলাদেশৰ এগৰাকী নেতা হাছনত আব্দুল্লাই সোমবাৰে এক ভাৰত বিৰোধী মন্তব্য কৰে। তেওঁ কয় যে যদি নতুন দিল্লীয়ে বাংলাদেশক অস্থিৰ কৰাৰ চেষ্টা কৰে, তেন্তে ঢাকাই ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহক পৃথক কৰি অঞ্চলটোৰ বিচ্ছিন্নতাবাদী উপাদানসমূহক সমৰ্থন কৰিব। ইয়াৰ পাছতেই এই বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব