পুনৰ নতুনকৈ দুটা হত্যাৰ গোচৰত অভিযুক্ত হ’ল শ্বেখ হাছিনা

বাংলাদেশৰ আন্দোলনৰ সময়ত দুজন লোকৰ মৃত্যুক লৈ শ্বেখ হাছিনা আৰু তেওঁৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীসকলৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে। উল্লেখ্য যে, বাংলাদেশৰ ৰাজধানী ঢাকাৰ লিটন হাছান লালু আৰু তাৰিক হুছেইন নামৰ দুজন লোকৰ মৃত্যু সন্দৰ্ভত পৃথকে পৃথকে ৰুজু হৈছে এই গোচৰ।

পুনৰ নতুনকৈ দুটা হত্যাৰ গোচৰত অভিযুক্ত হল শ্বেখ হাছিনা
Updated On: 

19 Aug 2024 22:29 PM

বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে নতুনকৈ অন্য দুটা হত্যাৰ গোচৰ ৰুজু কৰা হৈছে । শেহতীয়াকৈ বাংলাদেশৰ আন্দোলনৰ সময়ত দুজন লোকৰ মৃত্যুক লৈ শ্বেখ হাছিনা আৰু তেওঁৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীসকলৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছে। উল্লেখ্য যে, বাংলাদেশৰ ৰাজধানী ঢাকাৰ লিটন হাছান লালু আৰু তাৰিক হুছেইন নামৰ দুজন লোকৰ মৃত্যু সন্দৰ্ভত পৃথকে পৃথকে ৰুজু হৈছে এই গোচৰ।

প্ৰকাশিত খবৰ অনুসৰি, লিটনৰ ভাতৃয়ে শ্বেইখ হাছিনা, প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান কমল, প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক আব্দুল্লা আল মামুনকে ধৰি ১৪৮জন লোকৰ বিৰুদ্ধে ঢাকা মহানগৰ দণ্ডাধীশ মেহদী হাছানৰ আদালতত গোচৰ তৰিছে। লিটনে যোৱা ৪ আগষ্টত মিৰপুৰ অঞ্চলত ছাত্ৰ আন্দোলনত যোগদান কৰিছিল। এই আন্দোলন শান্তিপূৰ্ণ আছিল যদিও দুপৰীয়া প্ৰায় ২ বজাত এই শোভাযাত্ৰাত নিৰ্বিচাৰে গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই গুলীচালনাত হাছান আহত হয় আৰু পিছত মৃত্যু হয়। এই ঘটনা সন্দৰ্ভত শ্বেখ হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

শ্বেখ হাছিনাৰ বিৰুদ্ধে মাছ ব্যৱসায়ীৰ মৃত্যুৰ গোচৰও ৰুজু কৰা হৈছে। এই গোচৰটো যোৱা দেওবাৰে নিশা ৰুজু কৰা হয়। এই গোচৰটো ২১ জুলাইত মাছৰ বজাৰৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত গুলীয়াই হত্যা কৰা মহম্মদ মিলনৰ পত্নী শ্বাহনাজ বেগমে দাখিল কৰিছিল। এই গোচৰত হাছিনা, প্ৰাক্তন পথ পৰিবহণ আৰু দলং মন্ত্ৰী ওবাইদুল কোৱাদৰ, প্ৰাক্তন বিধায়ক ছামিম উছমান আৰু প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খানকে ধৰি ৬২ জন লোকক অভিযুক্ত কৰা হৈছে।

পুৱা খালী পেটত এনে খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...