বাংলাদেশৰ মৰসাহ! উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ, ক’লে ভয়ংকৰ ষড়যন্ত্ৰৰ কথা…

পুনৰ উত্তৰ-পূবক লৈ কটু মন্তব্য বাংলাদেশৰ। শেহতীয়াকৈ বাংলাদেশৰ এগৰাকী নেতাই উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। ইয়াৰ পাছতে দেশ দুখনৰ মাজত সৃষ্টি হৈছে উত্তেজনা। বিজয় দিৱসৰ পূৰ্বে নেতাগৰাকীয়ে এই মন্তব্য় কৰে।

বাংলাদেশৰ মৰসাহ! উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ, কলে ভয়ংকৰ ষড়যন্ত্ৰৰ কথা...

মোদী-ইউনুছ

Published: 

17 Dec 2025 16:07 PM

উত্তৰ-পূবক পৃথক কৰা হ’ব ভাৰতৰ পৰা! প্ৰথমে এই ভাষ্য শুনা গৈছিল চুবুৰীয়া বাংলাদেশৰ অন্তৱৰ্তীকালীন নেতা মহম্মদ ইউনুছৰ কণ্ঠত। এতিয়া ডিঙিৰ সিৰ ফুলাই বাংলাদেশৰ এজন এন চি পি নেতাই উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য (North East India)ক ভাৰতৰ পৰা পৃথক কৰাৰ ভাবুকি দিয়া শুনা গৈছে। ১৬ ডিচেম্বৰ, সমগ্ৰ দেশতে বিজয় দিৱস পালন কৰাৰ সময়তে এই মন্তব্য কৰিছে বাংলাদেশী নেতাজনে। ১৯৭১ চনৰ এই দিনটোতে ভাৰতে বাঙালীসকলক পাকিস্তানৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰি তেওঁলোকৰ বাবে এখন সুকীয়া ৰাষ্ট্ৰ সৃষ্টি কৰাত সহায় কৰে।

বিজয় দিৱসৰ ঠিক আগতে ঢাকাৰ শ্বহীদ মিনাৰ চৌহদত ভাষণ দিওঁতে বাংলাদেশৰ নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনাত আব্দুল্লাই কোৱা শুনা গ’ল যে, “প্ৰয়োজন হ’লে আমি বাংলাদেশত থকা ভাৰতৰ সকলো বিচ্ছিন্নতাবাদী শক্তিক আশ্ৰয় দিম আৰু সাত ভগ্নীক পৃথক কৰিম। যিসকলে শ্বেখ হাছিনাক আশ্ৰয়, পৃষ্ঠপোষকতা, ধন আৰু প্ৰশিক্ষণ প্ৰদান কৰি আছে তেওঁলোকক পাঠ শিকাব লাগে।”

এই কথা শুনি উপস্থিত ৰাইজে হাত চাপৰি বজায়। আৰু এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ১৬ ডিচেম্বৰ বিজয় দিৱস। আগদিনা চুবুৰীয়া দেশৰ নেতাগৰাকীয়ে এই বক্তব্যৰ বাবে তীব্ৰ নিন্দাৰ সন্মুখীন হয়।

উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামূহিকভাৱে সাত ভনী বুলি কোৱা হয়। এই সাতখন ৰাজ্যৰ ভিতৰত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম চাৰিখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমান্ত ভাগ-বাটোৱাৰা কৰে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে এই সীমান্তৰ মাজেৰে ভাৰতত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ সন্দৰ্ভত বাৰে বাৰে সকীয়াই দি আহিছে।

বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহত অশান্তি বিয়পোৱাৰ বাবে বাংলাদেশক নিৰাপদ পথ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ বহু পুৰণি ৷ ঠিক নব্বৈৰ দশকৰ শেষৰ ভাগত অসম আৰু ত্ৰিপুৰাৰ কেইবাটাও উগ্ৰপন্থী সংগঠনে সীমান্ত অঞ্চলত অস্ত্ৰ-শস্ত্ৰ আৰু ধন সৰবৰাহ কৰি শিবিৰ, নিৰাপদ আশ্ৰয়স্থল আৰু নেটৱৰ্ক স্থাপন কৰি আহিছে।

উদাহৰণস্বৰূপে ত্ৰিপুৰাৰ ক্ষেত্ৰত বাংলাদেশী উগ্ৰপন্থী আৰু নেচনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰা বা অল ত্ৰিপুৰা টাইগাৰ ফৰ্চৰ দৰে বিচ্ছিন্নতাবাদী সংগঠনৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় চোৰাংচোৱাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বাংলাদেশৰ পৰা উগ্ৰপন্থীয়ে অনুপ্ৰৱেশ কৰি দেশত গোপনে আক্ৰমণ চলায়, আৰু চোৰাং ব্যৱসায় কৰে। তাৰ পিছত নদী বা অৰণ্যৰ মাজেৰে ঢাকা পথ পাৰ হৈ বাংলাদেশলৈ উভতি যায়।

শেহতীয়াকৈ বাংলাদেশী উগ্ৰপন্থী আৰু পাকিস্তানৰ মাজতো ভাৰত বিৰোধী চক্ৰান্তত শত্ৰুতা বৃদ্ধি পাইছে। হৰকত-উল-জিহাদ-উল-ইছলামী, জেএমবিৰ দৰে উগ্ৰপন্থী সংগঠনৰ জেহাদীয়ে বাংলাদেশ সীমান্ত ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। তেওঁলোকৰ একমাত্ৰ লক্ষ্য ভাৰতবৰ্ষক ৰক্তাক্ত কৰা। এতিয়া সেই উগ্ৰপন্থী আৰু বিচ্ছিন্নতাবাদীক আশ্ৰয় দিয়াৰ কথা মুকলিকৈ কৈছে বাংলাদেশী নেতাই। আৰু নকবনো কিয়? কাৰণ মহম্মদ ইউনুছে নিজেই বাট দেখুৱাইছিল এই নেতাসকলক।

চৰকাৰৰ মুৰব্বীগৰাকীয়ে চীন ভ্ৰমণৰ সময়ত বিনিয়োগ আকৰ্ষণৰ বাবে ভাৰতৰ সাতভনীক ‘লেণ্ড-লক’ বুলি অভিহিত কৰে। ইউনুছে অৱশ্যে এই মন্তব্যৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰৰ মুৰব্বীগৰাকীৰ এই মন্তব্যক তীব্ৰ গৰিহণা দিয়ে। বাংলাদেশে শ্বেখ হাছিনাক দেশলৈ ঘূৰাই অনাৰ দাবীত এখন পত্ৰ প্ৰেৰণ কৰিছে ভাৰতলৈ। অৱশ্যে সেই দাবীৰ প্ৰতি ভাৰতে কোনো গুৰুত্ব দিয়া নাই। এই বিষয়তো ক্ষোভ প্ৰকাশ কৰিছে এনচিপিৰ নেতা হাছনাত আব্দুল্লাই। তেওঁ মুকলিকৈ কৈছে, ‘ভাৰতে শ্বেখ হাছিনাক কেৱল আশ্ৰয় দিয়াই নহয়, নিৰাপত্তা আনকি আৰ্থিক সাহায্যও প্ৰদান কৰিছে। বাংলাদেশৰ সকলোৱে ইয়াৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।”

বাংলাদেশী নেতাৰ এই ভাবুকিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে এবছৰৰো অধিক সময় বাংলাদেশৰ একাংশই উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ কথা-বতৰাত লিপ্ত হৈছে। এনে ধাৰণাই ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এনে কথা-বতৰা অব্যাহত থাকিলে নতুন দিল্লীয়ে দৃঢ় সঁহাৰি দিব। এখন পাৰমাণৱিক শক্তি আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি আৰু শত্ৰুতাপূৰ্ণ নেৰেটিভছে ভয় খুৱাব নোৱাৰে। এনে আচৰণ অব্যাহত থাকিলে ভাৰত মৌন হৈ নাথাকে। উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ কথা বাৰে বাৰে কোৱাটো গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ সৈতে নিৰ্ণায়কভাৱে মোকাবিলা কৰিব লাগিব বুলি কয় ডঃ শৰ্মাই।

 

অন্য খবৰ পঢ়কঃ নবিদে প্ৰাণ ল’লে ১৬ নিৰীহৰ, মাতৃয়ে ক’লে- মোৰ ল’ৰা ভাল, সকলোৱে বিচাৰিব এনে পুত্ৰ…

ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
প্ৰতিদিনে কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক...
Spam Call কেনেকৈ ব্লক কৰিব ? সহজ টিপছ জানক...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...