ইউনুছৰ কু-কাণ্ড! বাংলাদেশৰ অংশ হিচাপে দেখুৱালে অসম আৰু উত্তৰ-পূবক, মানচিত্ৰ উপহাৰ দিলে পাকিস্তানক…

শেহতীয়াকৈ বাংলাদেশৰ এখন মানচিত্ৰই যথেষ্ঠ বিতৰ্কৰ সৃষ্টি কৰিছে। কিয়নো এই মেপখনত বাংলাদেশে উত্তৰ-পূৰ্বাঞ্চলত বাংলাদেশৰ অংশ বুলি মেপত সন্নিবিষ্ট কৰিছে।

ইউনুছৰ কু-কাণ্ড! বাংলাদেশৰ অংশ হিচাপে দেখুৱালে অসম আৰু উত্তৰ-পূবক, মানচিত্ৰ উপহাৰ দিলে পাকিস্তানক...

বাংলাদেশ

Published: 

27 Oct 2025 19:19 PM

পুনৰ বাংলাদেশৰ এখন মানচিত্ৰই বিতৰ্কৰ সূচনা কৰিছে। শেহতীয়াকৈ দেশখনৰ অন্তৱৰ্তীকালী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বাংলাদেশৰ মানচিত্ৰত ভাৰতৰ উত্তৰ-পূৱক সন্নিবিষ্ট কৰিছে। এই মানচিত্ৰখন ইউনুছে পাকিস্তানৰ জেনেৰেলক উপহাৰ দিছে। য’ত বাংলাদেশৰ মানচিত্ৰত অসমৰ লগতে উত্তৰ-পূৱৰ আন ৰাজ্যসমূহ অন্তৰ্ভুক্ত আছে। জানিব পৰা মতে, পাকিস্তানৰ যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাই ঢাকা ভ্ৰমণ কৰাৰ সময়ত ইউনুছে তেওঁক এই মানচিত্ৰ উপহাৰ দিছে দিয়ে।

উপহাৰক লৈ বিতৰ্ক

দেওবাৰে ইউনুছ আৰু মিৰ্জাৰ মাজত হোৱা বৈঠকৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। কিন্তু ইউনুছে মিৰ্জাক “আৰ্ট অৱ ট্ৰাইমফ” শীৰ্ষক এখন গ্ৰন্থ উপহাৰ দিয়াৰ পাছতে বিতৰ্কৰ সূচনা হয়। কিয়নো এই কিতাপৰ পাণ্ডুলিপিত এখন মেপৰ ফটো আছিল, য’ত অসমৰ লগতে উত্তৰ-পূৱৰ ৭ খন ৰাজ্যক বাংলাদেশৰ অংশ হিচাপে চিত্ৰিত কৰিছে।

গ্ৰেটাৰ বাংলাদেশৰ দাবী কৰা উগ্ৰ ইছলামিক গোটসমূহৰ মেপৰ লগত ইউনুছৰ এই মেপৰ মিল আছে। ইয়াৰ পাছতে ইউনুছক কঠোৰভাৱে সমালোচনা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে ভাৰতে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

ভাৰতৰ উত্তৰ-পূব ৰাজ্য সন্দৰ্ভত বক্তব্য

উল্লেখ্য যে, ইউনুছে এয়া প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও তেওঁ উত্তৰ-পূৱৰ ৰাজ্যক লৈ বিভিন্ন বিতৰ্কিত মন্তব্য কৰি আহিছে। কেইটামান মাহ পূৰ্বে ইউনুছে উত্তৰ-পূৱক লেণ্ড লক আখ্যা দিছিল। ইয়াৰোপৰি বাৰে বাৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্তৰ-পূৱৰ কথা উল্লেখ কৰি আহিছে।

বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰ

ইয়াৰ পূৰ্বে যোৱা মে’ মাহত ইউনুছৰ ঘনিষ্ঠ মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ফজলুৰ ৰহমানে কয় যে যদি ভাৰতে পাকিস্তানক আক্ৰমণ কৰে তেন্তে বাংলাদেশে চীনৰ সৈতে মিলি ভাৰতৰ উত্তৰ-পূবৰ ৰাষ্ট্ৰসমূহ নিজৰ সংলগ্ন কৰিব লাগে। ইয়াৰ পূৰ্বে উনুছৰ আন এজন উপদেষ্টা নাহিদুল ইছলামে বৃহত্তৰ বাংলাদেশৰ এখন মানচিত্ৰ শ্বেয়াৰ কৰিছিল, য’ত পশ্চিম বংগ, অসম, ত্ৰিপুৰাৰ কিছু অংশ বাংলাদেশৰ অংশ হিচাপে চিত্ৰিত কৰা হৈছিল।

 

অন্য খবৰ পঢ়কঃ ঘনিষ্ঠতা বৃদ্ধি! পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক বৃদ্ধি কৰিব আমেৰিকাই, ভাৰত সন্দৰ্ভত ক’লে…

এই ৩ টা ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে, উপশম পাবলৈ কি কৰিব?
অতি বিশ্বাসী এই ৫ ৰাশিৰ লোকে! কেতিয়াও নকৰে বিশ্বাসঘাটকতা...
ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ! জানক সকলো...
দিনটোত ঘনে ঘনে লাল চাহ বা ৰঙা চাহ খাই নেকি ? ইয়াৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰে?জানক