নৃশংস কাণ্ড! বাংলাদেশত গেৰেজৰ ভিতৰত জীৱন্তে জ্বলাই দিলে হিন্দু যুৱকক…

স্থানীয় ৰাইজৰ লগতে ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, নাৰ্ছিন্দি পুলিচ লাইনৰ সমীপৰ মছজিদ মাৰ্কেট এলেকাৰ গেৰেজত কাম কৰা চঞ্চল ভৌমিক সচৰাচৰৰ দৰে কাম শেষ কৰি গেৰেজৰ ভিতৰতে শুই আছিল। মাজত নিশা এজন অচিনাকি ব্যক্তিয়ে বাহিৰৰ পৰা গেৰেজৰ শ্বাটাৰ বন্ধ কৰি পেট্ৰল ঢালি গেৰেজত জুই লগাই হত্যাৰ উদ্দেশ্যেৰে গেৰেজত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

নৃশংস কাণ্ড! বাংলাদেশত গেৰেজৰ ভিতৰত জীৱন্তে জ্বলাই দিলে হিন্দু যুৱকক...

বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা

Published: 

25 Jan 2026 | 11:50 AM

বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে হিংসা ক্ৰমাৎ বৃদ্ধি পাইছে। দেশত পোহৰলৈ আহিছে আন এক মৰ্মান্তিক ঘটনা। ২৩ জানুৱাৰী শুকুৰবাৰে নিশা বাংলাদেশৰ নাৰ্চিন্দিত চঞ্চল ভৌমিক নামৰ ২৩ বছৰীয়া হিন্দু যুৱকক এটা গেৰেজৰ ভিতৰত জীৱিত অৱস্থাত জ্বলাই দিয়া হয়।

স্থানীয় ৰাইজৰ লগতে ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, নাৰ্ছিন্দি পুলিচ লাইনৰ সমীপৰ মছজিদ মাৰ্কেট এলেকাৰ গেৰেজত কাম কৰা চঞ্চল ভৌমিক সচৰাচৰৰ দৰে কাম শেষ কৰি গেৰেজৰ ভিতৰতে শুই আছিল। মাজত নিশা এজন অচিনাকি ব্যক্তিয়ে বাহিৰৰ পৰা গেৰেজৰ শ্বাটাৰ বন্ধ কৰি পেট্ৰল ঢালি গেৰেজত জুই লগাই দিয়ে। হত্যাৰ উদ্দেশ্যেৰে গেৰেজত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

গেৰেজৰ পৰা চিচিটিভি ফুটেজত শ্বাটাৰৰ বাহিৰত জুইৰ শিখা ওপৰলৈ উঠি অহা দেখা গৈছে। তাৰ পিছত জুই দ্ৰুতগতিত ভিতৰলৈ বিয়পি পৰে। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰে যে, অভিযুক্তই গেৰেজৰ বাহিৰত বহু সময় থিয় হৈ আছিল যাতে চঞ্চল সম্পূৰ্ণৰূপে জ্বলি যায়। তাৰ পিছত তেওঁ পলায়ন কৰে। স্থানীয় ৰাইজে অগ্নিকাণ্ড দেখি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হয় আৰু প্ৰায় এঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে। পৰৱৰ্তী সময়ত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ হয় চঞ্চল ভৌমিকৰ জ্বলি যোৱা মৃতদেহ।

চঞ্চল ভৌমিক কোন?

চঞ্চল ভৌমিক কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ বাসিন্দা প্ৰয়াত খোকন চন্দ্ৰ ভৌমিক আৰু প্ৰমিতা ৰাণী ভৌমিকৰ পুত্ৰ । পিতৃৰ মৃত্যুৰ পিছত তেওঁ পৰিয়ালটোক পোহপাল দিয়া একমাত্ৰ ব্যক্তি আছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত আছে তেওঁৰ অসুস্থ মাতৃ, এজন বিশেষভাৱে সক্ষম ডাঙৰ ভাতৃ আৰু এজন কনিষ্ঠ ভাতৃ। যোৱা ছবছৰ ধৰি ৰুবেল মিয়াৰ গেৰেজত কাম কৰি থকা তেওঁ কামৰ বাবে নাৰ্চিন্দিতেই বাস কৰিছিল।

কিয় সংঘটিত হ’ল হত্যাকাণ্ড?

ভুক্তভোগীৰ পৰিয়ালে কয় যে, চঞ্চলৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা বা বিবাদ নাছিল আৰু তেওঁক এজন নিৰৱ, সৎ, কঠোৰ পৰিশ্ৰমী যুৱক। স্থানীয় বাসিন্দা আৰু গেৰেজৰ মালিকেও এই কথা নিশ্চিত কৰি কয় যে হত্যাকাণ্ডৰ আঁৰত কোনো স্পষ্ট ব্যক্তিগত উদ্দেশ্য নাই যেন লাগে। বাংলাদেশৰ বিভিন্ন প্ৰান্তত হিন্দুসকলক লক্ষ্য কৰি লোৱাৰ অনুৰূপ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ বাবে নাম প্ৰকাশ নকৰাকৈয়ে কেইবাজনো স্থানীয় বাসিন্দাই ধৰ্মীয় উদ্দেশ্যৰ সন্দেহ প্ৰকাশ কৰে। অৱশ্যে এই উদ্দেশ্য এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।

সংখ্যালঘুৰ বিৰুদ্ধে বৃদ্ধি পোৱা হিংসা

বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে হিংসা বৃদ্ধি পোৱাৰ ফলত দেশত হিন্দুসকলৰ ওপৰত পূৰ্বৰ আক্ৰমণৰ সৈতে তুলনা কৰা হৈছে। ডিচেম্বৰৰ শেষৰ ফালে শ্বৰীয়তপুৰ জিলাৰ ৫০ বছৰীয়া ব্যৱসায়ী খোকন দাসক একাংশ লোকে আক্ৰমণ কৰি জীৱন্তে জ্বলাই দিয়ে। এখন সৰু ফাৰ্মাচীৰ মালিক দাসক ঘৰলৈ উভতি অহাৰ সময়ত ছুৰীৰে আঘাত কৰি প্ৰহাৰ কৰি পেট্ৰ’ল ঢালি জুই লগাই দিয়া হয়। ইয়াৰ সমান্তৰালকৈ দেশত পোহৰলৈ আহিল দীপু চন্দ্ৰ দাসৰ হত্যাৰ ঘটনা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব