হিন্দু যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড! যোৱা ২৫ দিনত মৃত্যু প্ৰায় ৮জনৰ…

পুনৰ বাংলাদেশৰ পৰা পোহৰলৈ আহিছে হিন্দু হত্যাৰ ঘটনা। জানিব পৰা মতে, দেশখনত পুনৰ এজন হিন্দু যুৱকক হত্যা কৰা হয়। এই কাণ্ডই পুনৰ এবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু দেশখনত সংখ্যালঘুৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

হিন্দু যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড! যোৱা ২৫ দিনত মৃত্যু প্ৰায় ৮জনৰ...

হিন্দু যুৱকজন

Published: 

12 Jan 2026 | 11:00 PM

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পুনৰ এজন হিন্দু যুৱকক হত্যা। পোহৰলৈ অহা খবৰ অনুসৰি, ফেনী জিলাত একাংশ দুৰ্বৃত্তই হত্যা কৰে ২৮ বছৰীয়া সমীৰ কুমাৰ দাস নামৰ এজন যুৱকক। ইয়াৰ পাছত আক্ৰমণকাৰীসকলে সমীৰৰ অটোৰিক্সাখনো চুৰি কৰি লৈ যায়। আচৰিত কথা এয়াই যে বৰ্তমান পৰ্যন্ত এই ঘটনাৰ অভিযুক্ত গ্ৰেপ্তাৰ হোৱা নাই। ইয়াৰ দুদিন পূৰ্বে সুনামগঞ্জ জিলাত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হৈছিল। পৰিয়ালে অভিযোগ কৰিছিল যে, জয় মহাপাত্ৰ নামৰ যুৱকজনক একাংশই নৃশংসভাৱে প্ৰহাৰ কৰি পাছত বিহ খুৱাই হত্যা কৰিছিল।

বিগত ২৫ দিনত বাংলাদেশত ৮ জন হিন্দুক হত্যা কৰা হৈছে। ১৮ ডিচেম্বৰত দীপু চন্দ্ৰ দাসক হত্যা কৰাৰ পাছতে দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দু হত্যাৰ খবৰ পোহৰলৈ আহিছে। ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি সাংবাদিকলৈ, বিভিন্নজনে এতিয়ালৈকে দেশখনত প্ৰাণ হেৰুৱাইছে। উল্লেখ্য যে, ২০২৫ চনৰ ১২ ডিচেম্বৰত ঢাকাত ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীক গুলীয়াই হত্যা কৰা হৈছিল। তাৰ পাছতে দেশখনত সংখ্যালঘুৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে।

কেৱল হিন্দুৰ ওপৰত আক্ৰমণে নহয়, বহু হিন্দু লোকৰ ঘৰ জ্বলাই দিয়া হৈছে, মন্দিৰ আদি ধ্বংস কৰা হৈছে। এই সন্দৰ্ভত বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে এক বিবৃতি জাৰি কৰিছে কয় যে, কেৱল ডিচেম্বৰ মাহত কমেও ৫১টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত আছে ১০টা হত্যাকাণ্ড, ২৩টা লুণ্ঠন আৰু অগ্নিসংযোগ, ১০টা ডকাইতি আৰু চুৰি কাণ্ড, ৪টা মিছা কথাত আটক আৰু নিৰ্যাতন, এটা ধৰ্ষণ চেষ্টা আৰু তিনিটাকৈ শাৰীৰিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা এনে নিৰ্যাতনৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এনে ঘটনা উদ্বেগজনক বুলি কয়। লগতে এনে ঘটনা দৃঢ় আৰু ক্ষীপ্ৰতাৰে মোকাবিলা কৰিব লাগিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। বাংলাদেশত ঘটি অহা এনে ঘটনাই দেশখনৰ সংখ্যালঘুসকলৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ এইবাৰ উত্তৰ কোৰিয়াৰ ওপৰত চকু আমেৰিকাৰ! কিমে দিলে সতৰ্কবাণী…

বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
পুৱা খালী পেটতে খাওক পাকঘৰৰ এইবিধ মছলাৰ পানীয়, আপোনাৰ সুস্বাস্থ্যই শত্ৰুকো কৰিব আকৰ্ষণ
শীতকালত নিয়মিত খাওক এনে খাদ্যবস্তু; নাথাকে ৰক্তচাপ বৃদ্ধিৰ ভয়, থাকিব নিয়ন্ত্ৰণত
শীতকালত লিভাৰ সুস্থ ৰাখিবলৈ কি কি খাব? জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ