প্ৰথমে প্ৰহাৰ, তাৰ পিছত খুৱালে…বাংলাদেশত হিন্দু যুৱকৰ সৈতে ভয়ংকৰ ঘটনা

পৰিয়ালৰ অভিযোগ যে জয়ক প্ৰথমে নৃশংসভাৱে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত স্থানীয় এজন লোকে বিষাক্ত দ্ৰব্য খুৱাইছিল। তেওঁক সংকটজনক অৱস্থাত চিলেটৰ মেগ ওচমানী মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

প্ৰথমে প্ৰহাৰ, তাৰ পিছত খুৱালে...বাংলাদেশত হিন্দু যুৱকৰ সৈতে ভয়ংকৰ ঘটনা

বাংলাদেশ

Updated On: 

10 Jan 2026 | 06:13 PM

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি আক্ৰমণৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়া এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত, য’ত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হয়। এই ঘটনাই পুনৰবাৰ সংখ্যালঘুৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষকৈ যি সময়ত দেশখনত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিহত লোকজনৰ নাম জয় মহাপাত্ৰ।

পৰিয়ালৰ অভিযোগ যে জয়ক প্ৰথমে নৃশংসভাৱে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত স্থানীয় এজন লোকে বিষাক্ত দ্ৰব্য খুৱাইছিল। তেওঁক সংকটজনক অৱস্থাত চিলেটৰ মেগ ওচমানী মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। বৰ্তমান এই বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই প্ৰশাসনে। ইফালে আৰক্ষীৰ তদন্ত চলি থকা সময়তে ন্যায় বিচাৰিছে মৃতকৰ পৰিয়ালে।

এই ঘটনাটো আন এক শেহতীয়া মৃত্যুৰ পিছত পোহৰলৈ আহিছে । ভাণ্ডাৰপুৰ গাঁৱৰ ২৫ বছৰীয়া হিন্দু যুৱক মিতুন চৰকাৰে মৃত্যুক সাৱটি লয়। চুৰিৰ সন্দেহত মিতুনক খেদি থাকোঁতে প্ৰাণ ৰক্ষাৰ বাবে এটা পুখুৰীত জপিয়াই পৰিল। পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

২০২৫ চনৰ ডিচেম্বৰ মাহত ছাত্ৰ নেতা ওছমান হাদীৰ হত্যাকাণ্ডৰ পিছত অধিক ভয়াৱহ হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। পিছত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দুৰ বিৰুদ্ধে আক্ৰমণ আৰু হত্যাৰ কেইবাটাও ঘটনা সংঘটিত হয়। দিপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন্দ্ৰ বিশ্বাসৰ হত্যাকাণ্ডই সমাজৰ ভিতৰত গভীৰ আতংক বিয়পাই দিয়ে। শ্বৰীয়তপুৰ জিলাত এজন হিন্দু ব্যৱসায়ীৰ গণপ্ৰহাৰত মৃত্যু হোৱা ঘটনাই পৰিস্থিতিৰ ভয়াৱহতা উদঙাই দিছে।

এই ঘটনাসমূহ এক বিবৃতিৰে নিশ্চিত কৰিছে বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে। সংগঠনটোৰ মতে, কেৱল ডিচেম্বৰ মাহত কমেও ৫১টা সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ১০টা হত্যাকাণ্ড, ২৩টা লুণ্ঠন আৰু অগ্নিসংযোগ, ১০টা ডকাইতি আৰু চুৰিৰ কাণ্ড, ৪টা মিছা নিন্দা কৰাৰ অভিযোগত আটক আৰু নিৰ্যাতন, এটা ধৰ্ষণৰ চেষ্টা, আৰু তিনিটাকৈ গণপ্ৰহাৰৰ গোচৰ।

সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
ফেটি লিভাৰত ভুগিছে নেকি ? এই সাধাৰণ শীতকালীন পাচলি বিধে যকৃতৰ স্বাস্থ্য উন্নত কৰিব পাৰে
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ