বাংলাদেশত বানৰ সংহাৰী ৰূপ! মৃত্যুৰ সংখ্যা ৫৯জনলৈ বৃদ্ধি, দুৰ্যোগৰ কবলত ৫৪ লাখৰো অধিক লোক

বাংলাদেশত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বানপানীৰ ফলত নিহত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৰ্তমালৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৫৯ লৈ বৃদ্ধি পাইছে । লগতে লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। উত্তৰ-পূবৰ ত্ৰিপুৰাৰ সীমান্তৱৰ্তী কামিল্লা আৰু ফেনী জিলাৰ পৰা সৰ্বাধিক মৃত্যুৰ খবৰ পোৱা গৈছে।

বাংলাদেশত বানৰ সংহাৰী ৰূপ! মৃত্যুৰ সংখ্যা ৫৯জনলৈ বৃদ্ধি, দুৰ্যোগৰ কবলত ৫৪ লাখৰো অধিক লোক

বাংলাদেশৰ বানৰ সংহাৰী ৰূপ!

Updated On: 

01 Sep 2024 | 02:32 PM

এটাৰ পাছত আনটো সমস্যাই আৱৰি ধৰিছে বাংলাদেশ। যি সময়ত দেশখনৰ এফালে বিদ্ৰোহ চলি আছিল, আনফালে বান পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। অব্যাহত আছে ধাৰাষাৰ বৰষুণ। ৩১ আগষ্টত ঘোষণা কৰা হৈছে যে বানপানীত ৬গৰাকী মহিলা আৰু ১২টা শিশুসহ প্ৰায় ৫৯জন লোকৰ মৃত্যু হৈছে। বানৰ ফলত বাংলাদেশৰ ১১খন জিলাৰ ৫৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বান পৰিস্থিতিৰ বিষয়ে এক আপডেট দি দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন মন্ত্ৰালয়ে কয় যে উত্তৰ-পূবৰ ভাৰতৰ ত্ৰিপুৰা সীমান্তৰ কুমিল্লা আৰু ফেনি জিলাৰ পৰা সৰ্বাধিক মৃত্যুহোৱাৰ খবৰ পোৱা গৈছে। য’ত এখন জিলাত ১৪জন আৰু আন এখন জিলাত ২৩জন লোকৰ মৃত্যু হৈছে।

ডেল্টা বাংলাদেশ আৰু নদীৰ ওপৰৰ ভাৰতীয় অঞ্চলত বৰষুণ হোৱাৰ ফলত বানপানীয়ে দেশখনত প্ৰায় দুসপ্তাহ ধৰি বিধ্বংসী ৰূপ ধাৰণ কৰিছে। যাৰ ফলত বহু লোকৰ লগতে জন্তুৰ মৃত্যু হৈছে আৰু সম্পত্তিৰ ক্ষতি হৈছে। ইয়াৰ ফলত ৰাজনৈতিক সংকটৰ মাজত শেহতীয়াকৈ গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে এক ডাঙৰ প্ৰশাসনিক প্ৰত্যাহ্বানে থিয় দিছে । বাংলাদেশত ২০০তকৈও অধিক নদী আছে। যোৱা সপ্তাহত বংগোপসাগৰত হোৱা চাপৰ ফলত উত্তৰ-পূব মেঘনা অৱবাহিকা আৰু দক্ষিণ-পশ্চিম ছত্ৰোগ্ৰাম পাহাৰ অৱবাহিকা নামৰ দুটা অৱবাহিকাত বানপানী সৃষ্টি হৈছিল।

বানপানীয়ে দেশখনৰ ১১ খন জিলাৰ ৫০৪টা ইউনিয়ন আৰু পৌৰসভাৰ ৫৪ লাখ ৫৭ হাজাৰৰো অধিক লোকক প্ৰভাৱিত কৰিছে। বাংলাদেশ চাংবাদ সংগঠনে দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য মন্ত্ৰালয়ৰ বিষয়াসকলৰ উদ্ধৃতি দি কয় যে প্ৰায় ৭,০০,০০০ পৰিয়াল এতিয়াও বানপানীত আৱদ্ধ হৈ আছে। আনহাতে প্ৰায় ৪,০০,০০০ লোক ৩,৯২৮ টা আশ্ৰয় কেন্দ্ৰত আছে। ইয়াৰ উপৰিও তাত ৩৬,১৪৯টা গৰুকো আশ্ৰয় দিয়া হৈছিল। কোৱা হৈছে যে পৰিস্থিতি কিছু উন্নত হোৱাৰ লগে লগে মানুহবোৰ ঘৰলৈ উভতি গৈছে।

দেশখন বান তেতিয়াই আহিছিল যেতিয়া অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে আমোলাতন্ত্ৰৰ মুৰব্বীসকলক সলনি কৰিছিল । নতুন চৰকাৰে সমগ্ৰ দেশৰ ১,৮০০তকৈও অধিক নিৰ্বাচিত স্থানীয় চৰকাৰৰ প্ৰতিনিধিকো বৰ্খাস্ত কৰিছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৫ আগষ্টত পদত্যাগ কৰিছিল। দেশখনত চলি থকা আন্দোলন তীব্ৰ হোৱাৰ পাছত তেওঁ ভাৰতলৈ আহিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব