বাংলাদেশত বানৰ তাণ্ডৱঃ মৃত্যু ১৮ জনৰ, বিদ্যুৎ সেৱা বিচ্ছিন্ন ৯ লক্ষাধিক লোক

প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮ হাজাৰ লোক বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। এই প্ৰলয়ংকাৰী বানৰ ফলত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

বাংলাদেশত বানৰ তাণ্ডৱঃ মৃত্যু ১৮ জনৰ, বিদ্যুৎ সেৱা বিচ্ছিন্ন ৯ লক্ষাধিক লোক

বাংলাদেশত বানৰ তাণ্ডৱ

Published: 

25 Aug 2024 | 01:32 PM

হিংসাত্মক পৰিস্থিতি আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে শেহতীয়া কিছুদিন ধৰি সংবাদ শিৰোনাম হৈ আহিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। এনে সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ বাবে যোৱা সময়ছোৱাত অশান্ত হৈ আছে দেশখন। ইতিমধ্যে পতন ঘটিছে দেশখনৰ শাসকীয় শ্বেখ হাছিনাৰ চৰকাৰৰ। এই ৰাজনৈতিক অস্থিৰতাৰ পিছত এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে বাংলাদেশ। শেহতীয়াকৈ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে বাংলাদেশৰ দক্ষিণ-পূব অঞ্চলত। বানৰ ফলত অঞ্চলটোৰ বিদ্যুৎ সেৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে। বানৰ কবলত পৰা ৯ খন জিলাৰ মুঠ ৯ লাখ ২৮ হাজাৰ লোক বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে।

এই প্ৰলয়ংকাৰী বানৰ ফলত ১৮ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে প্ৰশাসনে। প্ৰকাশিত খবৰ অনুসৰি বানৰ ফলত অধিক ক্ষতিৰ সন্মুখীন হৈছে ফেনী জিলা। জিলাখনত সৰ্বাধিক ১৭টা বিদ্যুৎ উপকেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

ইয়াৰ ফলত প্ৰায় ৪ লাখ ৪১ হাজাৰ লোক বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ আছে। দেশখনৰ শক্তি আৰু খনিজ সম্পদ মন্ত্ৰালয়ে শনিবাৰে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ফেনী জিলাৰ সমান্তৰালকৈ দক্ষিণ-পূব অঞ্চলৰ চান্দপুৰ, নোৱাখলি, লক্ষ্মীপুৰ, চট্টগং, কমিলা, কক্স বজাৰ, মৌলৱী বজাৰ আৰু ব্ৰহ্মনবৰীয়া জিলাত বিদ্যুতৰ সংকটৰ সৃষ্টি হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বৰ্তমান দক্ষিণ-পূব বাংলাদেশৰ নোৱাখলিত প্ৰায় ২ লাখ ১৮ হাজাৰ, কমিল্লাত ১ লাখ ৫২ হাজাৰ, চট্টগ্ৰামত ৭৮ হাজাৰ আৰু লক্ষ্মীপুৰত ২৫ হাজাৰ লোক বিদ্যুৎ সংযোগ অবিহনে জীৱন যাপন কৰি আছে। আনহাতে বানৰ ফলত প্ৰায় ৫০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে বুলি সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

বানৰ এনে প্ৰলয়ংকাৰী ৰূপৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই বানপীড়িতসকলৰ বাবে ৩,১৭৬ টা আশ্ৰয়স্থল মুকলি কৰিছে। আনহাতে ৬৩৯ টা চিকিৎসা দলো মোতায়েন কৰিছে কৰ্তৃপক্ষই। বানপানীৰ ফলত দক্ষিণ-পূব বাংলাদেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ ১১খন জিলাৰ ৭৭টা ব্লকত অব্যাহত থকা বানপানীৰ ফলত ১৮ জন লোকৰ মৃত্যু হৈছে।

মুঠ ৯৪৪,৫৪৮টা পৰিয়াল বানপানীত আৱদ্ধ হৈ থকাৰ বিপৰীতে ৩,৫২৭টা আশ্ৰয় কেন্দ্ৰত ২,৮৪,৮৮৮ গৰাকী লোক আৰু ২১,৬৯৫টা গৰু-ম’হ আশ্ৰয় দিয়া হৈছে বুলি খবৰ প্ৰকাশ পাইছে। স্পিডবোট আৰু হেলিকপ্টাৰৰ সহায়ত বানৰ কবলত পৰা অঞ্চলসমূহত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰা হৈছে। এই উদ্ধাৰ অভিযানত দেশখনৰ স্থল সেনাৰ লগতে নৌসেনাৰ দলো মোতায়েন কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...