আঁতৰ হৈছে অস্থিৰতা, ১ মাহৰ পাছত পুনৰ আৰম্ভ হ’ল ঢাকাৰ মেট্ৰ’ সেৱা

চৰকাৰী অধিসূচনা অনুসৰি, দেওবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰা পুনৰ আৰম্ভ হয় ঢাকা মেট্ৰ’ সেৱা। কিন্তু দেশখনৰ হিংসাত্মক পৰিস্থিতিয়ে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছিল মিৰপুৰ-১০ আৰু কাজিপাৰা মেট্ৰ’ ষ্টেচন । যাৰ বাবে বৰ্তমানেও এই দুয়োটা ষ্টেচনত মেট্ৰ’ সেৱা বন্ধ কৰি ৰখা হৈছে । উল্লেখ্য য, যোৱা জুলাই মাহৰ তৃতীয় সপ্তাহৰ পৰা যাত্ৰীসকলৰ বাবে বন্ধ হৈ পৰিছিল ঢাকা মেট্ৰ’ সেৱা।

আঁতৰ হৈছে অস্থিৰতা, ১ মাহৰ পাছত পুনৰ আৰম্ভ হল ঢাকাৰ মেট্ৰ’ সেৱা

পুনৰ আৰম্ভ হ’ল ঢাকাৰ মেট্ৰ’ সেৱা

Published: 

25 Aug 2024 | 03:17 PM

বাংলাদেশৰ অস্থিৰতাৰ বাবে যোৱা ৩০ দিনকৈ অধিক সময় ধৰি বন্ধ হৈ থকা ৰাজধানী ঢাকাৰ মেট্ৰ’ সেৱা দেওবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে । আনুষ্ঠানিকভাৱে জাৰি কৰা অধিসূচনা অনুসৰি, মিৰপুৰ ১০ আৰু কাজিপাৰা দুটা ষ্টেচনৰ মেট্ৰ’ সেৱা অৱশ্যে বন্ধ কৰি ৰখা হৈছে । উল্লেখ্য যে, ঢাকা চহৰত যান-জঁটৰ বাবে যাত্ৰীসকলে সাংঘাতিক ধৰণে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে প্ৰায়ে মেট্ৰ’ সেৱা গ্ৰহণ কৰে । কিন্তু চুবুৰীয়া দেশখনৰ শেহতীয়া পৰিস্থিতিত বন্ধ হৈ পৰা মেট্ৰ’ সেৱা পুনৰ আৰম্ভ হোৱাত কিছু সকাহ লাভ কৰিছে ঢাকা চহৰৰ যাত্ৰীসকলে ।

চৰকাৰী অধিসূচনা অনুসৰি, দেওবাৰে পুৱা প্ৰায় ৭ বজাৰ পৰা পুনৰ আৰম্ভ হয় ঢাকা মেট্ৰ’ সেৱা। কিন্তু দেশখনৰ হিংসাত্মক পৰিস্থিতিয়ে সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছিল মিৰপুৰ-১০ আৰু কাজিপাৰা মেট্ৰ’ ষ্টেচন । যাৰ বাবে বৰ্তমানেও এই দুয়োটা ষ্টেচনত মেট্ৰ’ সেৱা বন্ধ কৰি ৰখা হৈছে । উল্লেখ্য য, যোৱা জুলাই মাহৰ তৃতীয় সপ্তাহৰ পৰা যাত্ৰীসকলৰ বাবে বন্ধ হৈ পৰিছিল ঢাকা মেট্ৰ’ সেৱা।

এই সন্দৰ্ভত পথ পৰিবহণ আৰু যোগাযোগ উপদেষ্টা মহম্মদ ফৌজুল কবীৰ খানে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে মেট্ৰ’ ৰে’ল চলাচলক এক অপৰিহাৰ্য সেৱা হিচাপে ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে, যাতে এই সেৱাত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে। ইফালে, ঢাকা উচ্চ ন্যায়ালয়ৰ এজন বিষয়াই পিটিআইক জনোৱা মতে,দেওবাৰে তেওঁ নিজৰ কাৰ্যালয়লৈ যাবলৈ মেট্ৰ’ ব্যৱহাৰ কৰিছিল । সেৱা আৰম্ভ হোৱাটোৱে তেওঁৰ দৰে দৈনিক যাতায়ত কৰা লোকসকলৰ বাবে এক ডাঙৰ সকাহ বুলি কয় বিষয়া গৰাকীয়ে ।

উল্লেখ্য যে,সংৰক্ষণ বিৰোধী আন্দোলনে অস্থিৰ কৰি তুলিছিল চুবুৰীয়া বাংলাদেশক । এই আন্দোলনৰ মাজতে ৰাজধানী ঢাকাৰ লগতে দেশখনৰ বিভিন্ন ঠাইত হিংসাত্মক পৰিস্থিতি সৃষ্টি হয় । সম্পূৰ্ণ অস্থিৰতাই বিৰাজ কৰিছিল চুবুৰীয়া দেশখনত । ইফালে সংৰক্ষণ বিৰোধী আন্দোলনে পতন ঘটাইছিল হাছিনা চৰকাৰৰ । তীব্ৰ প্ৰতিবাদৰ মাজতে ৫ আগষ্টত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি ভাৰতলৈ পলায়ন কৰে । এই ধৰণৰ অস্থিৰতাৰ বাবে বাংলাদেশৰ ৰাজধানী ঢাকাৰ প্ৰায় সংখ্যক ৰাজহুৱা সেৱা বন্ধ হৈ পৰিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব