হিংসাৰ বলি হৈছিল শিক্ষক সমাজ ! পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৪০ ৰো অধিক বাংলাদেশৰ সংখ্যালঘু শিক্ষকে

বাংলাদেশৰ অস্থিৰতাই প্ৰভাৱিত কৰিছিল দেশখনৰ শিক্ষক সমাজকো। শেহতীয়াকৈ শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ সেই ৫ আগষ্ট দিনটোৰ পৰা ৪৯ জন সংখ্যালঘু শিক্ষকে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বুলি খবৰ প্ৰকাশ পাইছে । এই তথ্য পোহৰলৈ আহিছে সংখ্যালঘু এটা সংঘঠনৰ জৰিয়তে ।

হিংসাৰ বলি হৈছিল শিক্ষক সমাজ ! পদত্যাগ কৰিবলৈ বাধ্য হৈছিল ৪০ ৰো অধিক বাংলাদেশৰ সংখ্যালঘু শিক্ষকে

বাংলাদেশৰ প্ৰতিবাদ

Published: 

01 Sep 2024 | 05:13 PM

সংৰক্ষণ বিৰোধী আন্দোলনে অস্থিৰ কৰি তোলা বাংলাদেশৰ পৰিস্থিতি এতিয়াও সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই । দেশখনৰ অস্থিৰতাই প্ৰভাৱিত কৰিছিল দেশখনৰ শিক্ষক সমাজকো। শেহতীয়াকৈ শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ সেই ৫ আগষ্ট দিনটোৰ পৰা ৪৯ জন সংখ্যালঘু শিক্ষকে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল বুলি খবৰ প্ৰকাশ পাইছে । এই তথ্য পোহৰলৈ আহিছে সংখ্যালঘু এটা সংঘঠনৰ জৰিয়তে । প্ৰকাশিত খবৰ অনুসৰি, হাছিনা চৰকাৰৰ পতনৰ পাছত দেশখনত প্ৰায় ২০৫টা সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ।

বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ ছাত্ৰ শাখা বাংলাদেশ ছাত্ৰ ঐক্য পৰিষদৰ সমন্বয়ক সাজিব সৰকাৰে শনিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদৰ পৰা পদত্যাগ কৰাৰ পাছত দেশখনত কেইবাদিনো ধৰি হিংসাত্মক পৰিস্থিতি অব্যাহত থাকে । এই পৰিস্থিতিত সমগ্ৰ দেশতে সংখ্যালঘু শিক্ষকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ লগতে ইয়াৰে কমেও ৪৯ গৰাকীয়ে শিক্ষকে পদত্যাগ কৰিবলৈ বাধ্য হয়। অৱশ্যে ইয়াৰে ১৯জনক পিছত পুনৰ নিযুক্তি দিয়া হয় বুলি উল্লেখ কৰিছে সাজিব সৰকাৰে।

সাজিব সৰকাৰে লগতে কয় যে, হিংসাৰ সময়ত ধৰ্মীয় আৰু সংখ্যালঘু জনগোষ্ঠীসমূহেও ঘৰ লুণ্ঠন, মহিলাৰ ওপৰত আক্ৰমণ, মন্দিৰ ভাঙি পেলোৱা, ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ, হত্যা আদি ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

বৰ্তমান ৮৪ বছৰীয়া নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে নেতৃত্ব দি আছে। যোৱা সপ্তাহত ইউনুছে দেশৰ হিন্দু সম্প্ৰদায় তথা সংখ্যালঘু নেতাসকলক সাক্ষাৎ কৰে। ইফালে বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পাছত সমগ্ৰ দেশতে সংঘটিত হিংসাত্মক ঘটনাত ২৩০ জনতকৈ অধিক লোকৰ মৃত্যু হয়। সংৰক্ষণ বিৰোধী প্ৰতিবাদৰ মাজতে জুলাই মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত মৃত্যুৰ সংখ্যা ৬০০ অতিক্ৰম কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব