Bangladesh Air Force, Chinese Fighter Jet: চীনৰ ২০ খন যুদ্ধ বিমান কিনিছে বাংলাদেশে, মনে মনে কি কৰিব বিচাৰিছে ইউনুছে?
Bangladesh, Muhammad Yunus: জনা গৈছে যে প্ৰতিখন যুদ্ধ বিমানৰ খৰচ ৬ কোটি মাৰ্কিন ডলাৰ অৰ্থাৎ প্ৰায় ৭৩১ কোটি টকা। অৰ্থাৎ মাত্ৰ ২০খন যুদ্ধ বিমানৰ মুঠ ব্যয় হ’ব ১২ কোটি ডলাৰ বা ১৪ হাজাৰ ৬২০ কোটি টকা। বাকী খৰচ প্ৰশিক্ষণ, অন্যান্য সঁজুলি আৰু আনুষংগিক খৰচৰ বাবে হ’ব।

চীনৰ ২০ খন যুদ্ধ বিমান কিনিছে বাংলাদেশে
হঠাৎ এটা খবৰ চৰ্চালৈ আহিছে। যিয়ে ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞসকলক জোকাৰি গৈছে। জানিব পৰা মতে, চীনৰ পৰা ২২০ কোটি মাৰ্কিন ডলাৰ বা ২৬,৮০০ কোটি বাংলাদেশী টকাৰ বিনিময়ত ২০খন জে-১০ চি ই যুদ্ধ বিমান ক্ৰয় কৰিবলৈ ওলাইছে। দেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা চৰকাৰী নথিৰ পৰা এই তথ্য পোহৰলৈ আহিছে।
তথ্যনুসৰি, প্ৰতিখন যুদ্ধ বিমানৰ মূল্য ৬ কোটি মাৰ্কিন ডলাৰ বা প্ৰায় ৭৩১ কোটি টকা। অৰ্থাৎ মাত্ৰ ২০খন যুদ্ধ বিমানৰ মুঠ ব্যয় হ’ব ১২ কোটি ডলাৰ বা ১৪ হাজাৰ ৬২০ কোটি টকা। বাকী খৰচ প্ৰশিক্ষণ, অন্যান্য সঁজুলি আৰু আনুষংগিক খৰচৰ বাবে হ’ব।
২০২৬ চনৰ পৰা ২০২৭ চনৰ ভিতৰত এই যুঁজাৰু বিমানখনৰ ডেলিভাৰী আৰম্ভ হ’ব পাৰে। বাংলাদেশে আৰু ১০ বছৰৰ বাবে এই বিমানখনৰ মূল্য দিব। অৰ্থাৎ ২০৩৬ চনৰ ভিতৰত তেওঁলোকে বিমানখনৰ সম্পূৰ্ণ মূল্য দিব। যদিও বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। কিন্তু এই বিষয়টো কিয় ইমান গোপনে ৰখা হৈছে সেই সন্দৰ্ভত কোনো তথ্যও পোৱা হোৱা নাই।
বৰ্তমান বাংলাদেশ বায়ুসেনাৰ হাতত আছে ৪৪ খন যুদ্ধ বিমান। ইয়াৰে ৩৬খন চীনৰ পুৰণি এফ-৭ যুদ্ধ বিমান। এই এফ-৭ জেট বিমানবোৰ আচলতে ৰাছিয়াৰ মিগ-২১ যুঁজাৰু বিমানৰ চীনা কপি, যিবোৰ তেওঁলোকে অনুজ্ঞাপত্ৰৰ অধীনত আৰু ৰিভাৰ্ছ ইঞ্জিনিয়াৰিঙৰ জৰিয়তে নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকৰ হাতত আৰু ৮খন মিগ-২৯ আছে।
যদিও ভাৰতৰ তুলনাত বাংলাদেশৰ বায়ুসেনা নগণ্য। বৰ্তমান ভাৰতে ৫২২ খন যুদ্ধ বিমান চলাই আছে, য’ত ২৮খন ৰাফেল, ৩১খন তেজস, ৫২খন মিগ-২৯ আৰু ২৫৯খন ছুখৈ-৩০ বা ছুপাৰ ছুখৈ আছে। ইয়াৰ উপৰিও জাগুৱাৰ আৰু মিৰাজৰ দৰে যুদ্ধ বিমান আছে। অৱশ্যে বাংলাদেশৰ সাম্প্ৰতিক পৰিৱৰ্তিত পৰিস্থিতিত এই ২০খন যুদ্ধ বিমান সঠিকভাৱে কি কামত ব্যৱহাৰ কৰা হ’ব সেই সম্পৰ্কে এতিয়াও বিশেষজ্ঞসকল নিশ্চিত নহয়।