৩ মাহ পাছত আহিব মহাপ্ৰলয়, ভাৰততো পৰিব প্ৰভাৱ! কি কি সংকটৰ সন্মুখীন হ’ব বিশ্ব…

যোৱা কেইটামান দিনত বিশ্বৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ ভূমিকম্পৰ ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ পোহৰলৈ আহিছে যে আহিব পাৰে মহাপ্ৰলয়। যাৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।

৩ মাহ পাছত আহিব মহাপ্ৰলয়, ভাৰততো পৰিব প্ৰভাৱ! কি কি সংকটৰ সন্মুখীন হব বিশ্ব...

মহাপ্ৰলয়

Published: 

08 Apr 2025 | 08:54 AM

ভূমিকম্প আৰু মহাপ্ৰলয়ক লৈ বিভিন্ন ধৰণৰ ভৱিষ্যদ্বাণী কৰা হৈছে। একাংশৰ মতে, ২০২৫ চনটো অত্যন্ত অশুভ। ম্যানমাৰৰ ভূমিকম্পৰ পাছত এতিয়া চীন আৰু জাপানক লৈ বাবা ভাংগাই গুৰুতৰ সংকটৰ কথা কৈছে। বাবা ভাংগাৰ মতে, বিপদ অতি সোনকালে আহিব।এই সংকট হৈছে ছুনামী, যাৰ প্ৰত্যক্ষ প্ৰভাৱ জাপান আৰু ইণ্ডোনেছিয়াৰ দৰে দেশত পৰিব। তথ্য় অনুসৰি বাবা ভাংগা নামেৰে বিখ্যাত ৰিঅ’ টুটস্কিয়ে ভৱিষ্যদ্বাণী কৰি কৈছিল যে ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত এক বৃহৎ সংকটৰ সৃষ্টি হ’ব। এনে পৰিস্থিতিত বিশ্বৰ দেশসমূহে ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব।

জানিব পৰা মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত বাবা ভাংগাই ছুনামী সন্দৰ্ভত ভৱিষ্যতবাণী কৰিছিল। তেওঁ কৈছিল যে,টাইৱান, জাপান, হংকং আৰু ইণ্ডোনেছিয়াত ভয়ংকৰ ছুনামিয়ে জোকাৰি যাব। সেই সময়ত তেওঁৰ কথা কোনোৱে গুৰুত্ব দিয়া নাছিল যদিও ম্যানমাৰৰ ভূমিকম্পৰ পাছত তেওঁৰ ভৱিষ্যতবাণীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে।

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাই ১৯৯৫ চনত এটা ভৱিষ্যদ্বাণী কৰি কৈছিল যে, ২০২০ চনত এটা ভাইৰাছে সমগ্ৰ বিশ্বক অশান্তি দিব। সেইবাৰ বিশ্বত কোৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰোপৰি ১৯৯১ চনত ফ্ৰেডী বুধৰ মৃত্যুৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাংগাই। তেওঁৰ সেই কথা অনুসৰিয়ে কিছুমাহ পাছত তেওঁ মৃত্যু হৈছিল। একেদৰে ব্ৰিটেইনৰ ৰাজকুমাৰী ডায়েনাৰ বিষয়ে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীও সঁচা প্ৰমাণিত হৈছিল।

সম্ভৱতঃ ১৯৫০ চনত জাপানত জন্মগ্ৰহণ কৰিছিল বাবা ভাংগাই। মাগা শিল্পী হিচাপে ১৯৭০ চনত তেওঁ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৭০ চনত ৰিঅ’ টুটস্কিয়ে ভৱিষ্যদ্বাণী কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ পিছত বাবা ভাংগাৰ উপাধি লাভ কৰিছিল। ভাংগাই ভূমিকম্প আৰু কিছুমান বৃহৎ পৰিঘটনাৰ ভৱিষ্যদ্বাণীও কৰি গৈছে। যাৰ বাবে মৃত্যুৰ ইমান বছৰ পাছতো এতিয়া তেওঁৰ ভৱিষ্যদ্বাণীসমূহ গুৰুত্ব সহকাৰে লোৱা হৈছে।

চীনৰ বিজ্ঞানীয়ে কি কয়

বেইজিং ভূমিকম্প ইনষ্টিটিউটৰ বিজ্ঞানীসকলে দাবী কৰিছে যে চীনৰ আশে-পাশে শক্তিশালী ভূমিকম্প হ’ব পাৰে। হুনান আৰু হিমালয়ৰ পাদদেশত এই ভূমিকম্প হব পাৰে বুলি কৈছে তেওঁলোকে। বিজ্ঞানীসকলৰ মতে,ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য ৮ হ’ব পাৰে, যাৰ বাবে চীন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক বিপৰ্যয়জনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। কিন্তু চীনৰ ভূতত্ত্ববিদসকলে এই ভূমিকম্পৰ তাৰিখ নিৰ্ণয় কৰিব পৰা নাই।

ভাৰতত প্ৰভাৱ

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীৰ কথা ক’বলৈ হ’লে ভাৰতত ইয়াৰ প্ৰভাৱ পৰিব। ২০০৪ চনত ইণ্ডোনেছিয়াৰ কাৰণে ভাৰততো চুনামীৰ প্ৰভাৱ দেখা গৈছিল। যদি চীনা বিজ্ঞানীসকলৰ ভৱিষ্যদ্বাণী সঁচা হয়, তেন্তে ভাৰততো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। কিয়নো ভাৰত চীনৰ চুবুৰীয়া ৰাষ্ট্ৰ। ইয়াৰোপৰি চীনৰ আশে-পাশে তথা হিমালয়ৰ পাদদেশত ভূমিকম্প হ’লে ইয়াৰ প্ৰভাৱ ভাৰতত পৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব