আল্লাহক স্মৰণ! বিমান দুৰ্ঘটনাৰ পূৰ্বে যাত্ৰীয়ে লোৱা ভিডিঅ’ ভাইৰেল, চকু সেমেকি উঠিব আপোনাৰ

বুধবাৰে আজাৰবাইজান বিমান সংস্থাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমানখনত ৬৭ জন যাত্ৰী আছিল আৰু ইয়াৰে ৩৮ জন মৃত্যু মুখত পৰে। ইয়াৰ পাছতে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে যি ভিডিঅ' বিমানৰ যাত্ৰীয়ে দুৰ্ঘটনাৰ পূৰ্বে প্ৰস্তুত কৰিছিল।

আল্লাহক স্মৰণ! বিমান দুৰ্ঘটনাৰ পূৰ্বে যাত্ৰীয়ে লোৱা ভিডিঅ ভাইৰেল, চকু সেমেকি উঠিব আপোনাৰ

বিমান দুৰ্ঘটনা

Published: 

26 Dec 2024 | 10:08 AM

বুধবাৰে আজাৰবাইজানত সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। আজাৰবাইজানৰ পৰা ৰাছিয়ালৈ গৈ থকা এখন বিমান কাজখাস্তানত দুৰ্ঘটনাতপতিত হয়। যাৰ ফলত ৩৮ জনলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। ইয়াৰ কিছু সময় পাছতেই সামাজিক মাধ্যমত এক ভিডিঅ ভাইৰেল হয় যি ভিডিঅ বিমান দুৰ্ঘটনা হোৱাৰ কিছু সময় পূৰ্বে এজন যাত্ৰীয়ে লৈছিল। এই ভিডিঅটোত যাত্ৰীগৰাকীয়ে ভয়- শংকাত থকা দেখা গৈছে আৰু বাৰে বাৰে তেওঁ আল্লাহক স্মৰণ কৰিছে। অৱশ্যে যিজন ব্যক্তিয়ে এই ভিডিঅটো প্ৰস্তুত কৰিছিল তেওঁৰ প্ৰাণ এই দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে।

উল্লেখ কৰা প্ৰয়োজন যে, আজাৰবাইজানৰ বাকুৰ পৰা ৰাছিয়াৰ গ্ৰ’জনি চহৰলৈ গৈ থকা অৱস্থাত ঘন কুঁৱলীৰ বাবে বিমানৰ গতি পথ সলনি হয়। যাৰ ফলত কাজাখাস্তানৰ আকটাউ চহৰৰ ওচৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কাজাখস্তানৰ বিষয়াই জনোৱা মতে, এই দুৰ্ঘটনাত এতিয়ালৈকে ৩৮ জনৰ মৃত্যু হৈছে। এই বিমানখনত প্ৰায় ৬৭ জনলোক আছিল। প্ৰথম অৱস্থাত এই বিমান দুৰ্ঘটনাত ৪২ জনলোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল যদিও পাছলৈ প্ৰকৃত তথ্য় প্ৰকাশ পায়।

কেনেকৈ হৈছিল দুৰ্ঘটনা

কাজাখস্তানৰ জৰুৰীকালীন মন্ত্ৰালয়ে কয় যে, বিমান দুৰ্ঘটনাটোত ২৯ জনলোকৰ প্ৰাণ ৰক্ষা পৰে। ইয়াৰ ভিতৰত ৫ জন ক্ৰুৰ সদস্য, ২টা শিশু আৰু অন্য পুৰুষ মহিলা। ঘটনাৰ পাছত এই আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আজাৰবাইজান এয়াৰলাইন্সে জনোৱা মতে, আকটাউৰ পৰা ৩ কিলোমিটাৰ (১.৮ মাইল) দূৰত্বত জৰুৰীকালীন অৱতৰণ কৰি থকা অৱস্থাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

ভিডিঅটো

 

কিমান মানুহ আছিল

তথ্য অনুসৰি জানিব পৰা মতে বিমানখনত মুঠ ৬৭ জন যাত্ৰী আছিল। ইয়াৰে ৪২ জন আজাৰবাইজান, ১৬ জন ৰাছিয়ান, ৬ জন কাজাখস্তানী আৰু ৩ জন কিৰ্গিস্তানী নাগৰিক আছিল। বিমান দুৰ্ঘটনা সন্দৰ্ভত আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভে কয় যে, দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। সম্ভৱতঃ বতৰৰ বাবে বিমানৰ গতিপথ সলনি হয় আৰু জৰুৰীকালীন অৱতৰণৰ সময়ত এনে ঘটনা সংঘটিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথম অৱস্থাত কাজাখস্তানৰ বিষয়াই কৈছিল যে এজাক চৰাইৰ সৈতে সংঘৰ্ৰ ফলত বিমানখন ক্ষতিগ্ৰস্ত হৈছিল। যেতিয়া ইয়াক অৱতৰণ কৰিব বিচৰা হৈছিল তেতিয়া ই  দুৰ্ঘটনাতপতিত হয়।

এই বিমান দুৰ্ঘটনা সন্দৰ্ভত আজাৰবাইজানৰ ৰাষ্ট্ৰপতিয়ে শোক প্ৰকাশ কৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইয়াৰোপৰি ২৬ ডিচেম্বৰক আজাৰবাইজানত শোক দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব