ছৌদি আৰৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ৯ ভাৰতীয়সহ ১৫জনৰ মৃত্যু…

ছৌদি আৰৱত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৫জনে। ইয়াৰে ৯ গৰাকী ভাৰতীয় শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত শোক ব্যক্ত কৰিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে।

ছৌদি আৰৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ৯ ভাৰতীয়সহ ১৫জনৰ মৃত্যু...

ছৌদি

Published: 

30 Jan 2025 08:11 AM

ছৌদি আৰৱত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ ভাৰতীয়সহ মুঠ ১৫ জনলোক নিহত হয়।  পথ দুৰ্ঘটনাত মৃৃত্যু হোৱা বাকী লোককেইজন নেপাল আৰু ঘানাৰ বুলি তথ্য আহি পৰিছে। বুধবাৰে ভাৰতীয় দূতবাসে এই মৃত্যুৰ তথ্য নিশ্চিত কৰি মৃতকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। তথ্য অনুসৰি ছৌদি আৰৱৰ পশ্চিম অঞ্চলৰ জেদ্দাৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই ঘটনাৰ ওপৰত শোক ব্যক্ত কৰি এক্সযোগে এক পোষ্ট কৰিছে। এছ জয়শংকৰে এই ঘটনাক অতি দুখজনক বুলি আখ্যা দিয়াৰ লগতে কয় যে, মই জেদ্দাত থকা আমাৰ কনছুল জেনেৰেলৰ সৈতে কথা পাতিছো। তেওঁ ইতিমধ্যে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে।

ছৌদিত বাস কৰা একাংশ ভাৰতীয়ৰ মতে এই মৃত্যু হোৱা আটাইকেইজন শ্ৰমিক আছিল আৰু তেওঁলোক দক্ষিণৰ বন্দৰ চহৰ জিজানত থকা নিজৰ কৰ্মস্থলীলৈ গৈ আছিল। তেনে সময়তে শ্ৰমিক কঢ়িয়াই নিয়া বাছখনে এখন ট্ৰেইলাৰত খুন্দা মাৰে। যাৰ ফলত বাছখনত থকা মুঠ ২৬ জন যাত্ৰীৰ ভিতৰত ১৫ জনৰ মৃত্যু হয় আৰু বাকীসকল আহত হয়। নিহতসকলৰ ভিতৰত তেলেংগানাৰ জগত্যাল জিলাৰ মেটপালী মণ্ডলৰ বাসিন্দা কপেলী ৰমেশ (৩২) নামৰ এজন ভাৰতীয় নাগৰিক আছে। ইয়াৰ বিপৰীতে বাকীসকলৰ সম্পূৰ্ণ তথ্য জানিব পৰা হোৱা নাই।

ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক হাস্পাতালত ভৰ্তি কৰায়। এই ঘটনাৰ ওপৰত ভাৰতীয় দূতাবাসে গভীৰ শোক প্ৰকাশ কৰিছে। দূতাবাসে টুইটাৰযোগে পোষ্ট কৰি কয়, জিদ্দাৰ সমীপত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৯জন ভাৰতীয়ৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছো। মৃতকৰ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছো। ভাৰতীয় কনছুলেটে স্থানীয় প্ৰশাসন আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে যোগাযোগত আছে আৰু সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে।

উল্লেখ্য যে, এই ঘটনাত আহতসকলৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় মিছনে ইতিমধ্যে ক্ষতিগ্ৰস্থ লোকৰ সহায়ৰ বাবে বিশেষ হেল্পলাইন নম্বৰ জাৰি কৰিছে। ইয়াৰোপৰি মৃতদেহসমূহ নিজ ঘৰলৈ উভতাই পঠিয়াবলৈ সকলো ধৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চৰকাৰে। এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত ছৌদি আৰৱক বাস কৰা শ্ৰমিকসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে এই লোকসকলক সহায় কৰিবলৈ চৰকাৰে চেষ্টা চলাই গৈছে।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?